ETV Bharat / state

বিদ্যালয়ৰ গৃহ নির্মাণৰ বাবে প্ৰায় আঢ়ৈ হাজাৰ কোটিৰ অনুমোদন: লখিমপুৰত শিক্ষা মন্ত্রী - GUNOTSAV IN ASSAM

ৰাজ্যৰ শৈক্ষিক ক্ষেত্রৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আঢ়ৈ হাজাৰ কোটিৰ প্ৰশাসনিক অনুমোদন জনোৱা হৈছে বুলি উল্লেখ শিক্ষা মন্ত্রীৰ ।

Education Minister Ranoj Pegu
লখিমপুৰৰ গুণোৎসৱত শিক্ষা মন্ত্ৰী ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 1:33 PM IST

লখিমপুৰ : "ৰাজ্যৰ শৈক্ষিক ক্ষেত্রৰ উন্নয়নৰ হকে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । বিশেষকৈ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে । শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহ নির্মাণৰ বাবে আঢ়ৈ হেজাৰোধিক কোটি টকাৰ প্ৰশাসনিক অনুমোদন জনোৱা হৈছে ।" মঙলবাৰে লখিমপুৰৰ বিদ্যালয়ত গুণোৎসৱত অংশগ্রহণ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শৈক্ষিক ক্ষেত্রৰ উন্নয়নৰ হকে চৰকাৰে গ্রহণ কৰা পদক্ষেপসমূহক এনেদৰে আলোকপাত কৰে ।

তেওঁ কয়, "ৰাজ্যৰ শৈক্ষিক ক্ষেত্রৰ উন্নয়নৰ হকে চৰকাৰে বিভিন্ন শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে । ২০১৭ চনৰ পাছত শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৯৮০ কোটি টকা ব্যয় কৰা হৈছে । সমগ্র শিক্ষাৰ অধীনত ২০২৪-২০২৫ বৰ্ষত ২ হেজাৰ ৪৮৫ কোটি টকাৰে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱা হৈছে । ইতিমধ্যে দুহেজাৰ ছশটা পুথিভঁৰাল নিৰ্মাণ সম্পূর্ণ কৰা হৈছে । বিদ্যালয় পৰিচালনা সমিতিয়ে দুমাহৰ ভিতৰতে এই পুথিভঁৰালসমূহ নিৰ্মাণ কৰি উলিয়াইছে ।"

লখিমপুৰৰ গুণোৎসৱত শিক্ষা মন্ত্ৰী ৰণোজ পেগু (ETV Bharat Assam)

আনহাতে, ৰাজ্যৰ ৩৭৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহ নির্মাণৰ বাবে ৭ আৰু ৮ কোটিকৈ ২,৬০০ কোটি টকা ব্যয় কৰাৰ প্ৰস্তুতিৰে ইতিমধ্যে প্ৰশাসনিক অনুমোদন কৰা হৈছে বুলি শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে মঙলবাৰে লখিমপুৰৰ পি এন জি বি স্কুলৰ গুণোৎসৱত অংশগ্রহণ কৰি কয় ।

উল্লেখ্য যে সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হোৱা গুণোৎসৱৰ সুফলৰ বৰ্ণনা কৰি মন্ত্রী ডাঃ পেগুৱে কয়, "গুণোৎসৱে শৈক্ষিক ক্ষেত্রৰ সংস্কাৰ সাধনত গুৰুত্বপূর্ণ ভূমিকা লৈছে । গুণোৎসৱৰ ফলত দৃষ্টিগোচৰ হোৱা শৈক্ষিক ক্ষেত্রৰ দুৰ্বল দিশবোৰ জোৰা মাৰিবলৈ চৰকাৰে প্ৰচেষ্টা কৰিছে । গুণোৎসৱৰ ফলতেই নতুনকৈ ১ হেজাৰ ৭৬০ টা গণিত শিক্ষকৰ পদ সৃষ্টি হৈছে ।"

আনহাতে, ড্ৰপ আউট ছাত্র-ছাত্রীৰ প্ৰসংগত মন্ত্রী ডাঃ পেগুৱে কয়, "ৰাজ্যৰ চৰ অঞ্চল, চাহ বাগিচা অঞ্চলৰ লগতে জনজাতি বসতি প্ৰধান অঞ্চলত ড্ৰপ আউট ছাত্র-ছাত্রীৰ সংখ্যা বেছি । এইক্ষেত্ৰত চৰকাৰে বিশেষ দৃষ্টি ৰাখি ব্যৱস্থা গ্রহণ কৰিছে । এখনো হাইস্কুল নথকা চাহ বাগিচা অঞ্চলত ইতিমধ্যে ১১৬ খন আদৰ্শ হাইস্কুল প্ৰতিষ্ঠা কৰা হৈছে । চৰকাৰে এনে বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰিছে ।"

গুণোৎসৱৰ প্ৰসংগত তেওঁ আৰু কয়, "ৰাজ্যৰ ৪৪ হেজাৰ ৮৪ খন বিদ্যালয়ৰ ৩৯ লাখ ছাত্র-ছাত্রীক সামৰি গুণোৎসৱ অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১১ খন জিলাৰ ১৫ হেজাৰ বিদ্যালয়ৰ প্ৰায় ১৫ লাখ ছাত্র-ছাত্রীৰ মূল্যায়ন আৰম্ভ হৈছে । গুণোৎসৱৰ কালি প্ৰথম দিনটোত স্ব-মূল্যায়নত ৯৬ শতাংশ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিছে । এইবাৰৰ গুণোৎসৱত অন্যান্য দিশৰ লগতে স্বচ্ছতা, ইউনিফৰ্ম আদিৰ মূল্যায়ন থাকিব ।"

উল্লেখ্য যে মন্ত্রী ডাঃ ৰণোজ পেগুৱে নগৰ এলেকাৰ পি এন জি বি স্কুলৰ উপৰি কদম অঞ্চলৰ আৰু দুখন স্কুলৰ গুণোৎসৱত অংশগ্রহণ কৰে । তেওঁৰ সৈতে এই কাৰ্যসূচীত সহযোগ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকা আদিয়ে ।

লগতে পঢ়ক :ৰাজ্যৰ ৪৪০৯৪ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ; ম'বাইল এপ'-প'ৰ্টেল মুকলি - ASSAM GUNOTSAV 2025
লগতে পঢ়ক :এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ - ASSAM GOVT SCHOOL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.