ধেমাজিত প্ৰচণ্ড শিলাবৃষ্টি, তচনচ কৃষকৰ সপোন - HAILSTORM IN DHEMAJI
🎬 Watch Now: Feature Video
Published : 18 hours ago
ধেমাজি : ইংৰাজী নৱবৰ্ষৰ পহিলা সপ্তাহতে প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে । তীব্ৰ শিলাবৃষ্টি, ধুমুহাই জোকাৰি গ'ল অসমৰ বিভিন্ন জিলা । নিমিষতে তচনচ কৰি থৈ গ'ল কৃষকৰ সপোন । জানিব পৰা মতে ধেমাজি জিলাৰ চিৰিপানী পাহাৰৰ সীমান্তৱৰ্তী নিলখ অঞ্চলত মঙলবাৰে আবেলিৰে পৰা ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হয় । বহু লোকৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যোৱাৰ লগতে শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি হয় । বিশেষকৈ শিলাবৃষ্টিৰ ফলত বহু কৃষকৰ ৰবি শস্য নষ্ট হয় । এনে পৰিস্থিতিত অঞ্চলটোৰ কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে । সেয়ে এইক্ষেত্ৰত প্ৰশাসনক সহায়ৰ বাবে কৃষকসকলে আহ্বান জনাইছে ।
অঞ্চলটোৰ কৃষক নেতা ভৱেন হালৈয়ে চৰকাৰলৈ কাতৰ আহ্বান জনাই কয়, "কালি সন্ধিয়াৰ পৰা নিশাৰ ভাগলৈকে হোৱা বতাহ-বৰষুণৰ ফলত বৃহত্তৰ নিলখ পঞ্চায়তত কৃষকসকল বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে ৷ ঘৰৰ টিনপাত ধুমুহা আৰু শিল পৰি নষ্ট কৰাৰ লগতে প্ৰায় ৫০ বিঘাৰো অধিক জলকীয়া খেতি, ১০০ বিঘাৰো অধিক আলু খেতি নষ্ট হয় । ক্ষতিগ্ৰস্ত ৰাইজক আৰু ৰবি শস্য নষ্ট হোৱা কৃষকসকলক ধেমাজি জিলা প্ৰশাসনে নূন্যতম ক্ষতিপূৰণ দিব লাগে ৷"
লগতে পঢ়ক :শিলাবৃষ্টিত শুকুলা হৈ পৰিল মাজুলী, নামিল হাড় কঁপোৱা জাৰ - HAILSTORM HITS MAJULI