মঙলদৈ: কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই বুধবাৰে দৰং জিলাৰ মঙলদৈ জিলা অসামৰিক চিকিৎসালয়তো উপস্থিত হৈ ৫০খন বিচনাযুক্ত অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ ব্লক (চি চি বি)ৰ আধাৰশিলা স্থাপন কৰে । প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁঠনি অভিযানৰ অধীনত প্ৰায় ২৩.৭৫ কোটি টকাৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হ’বলগীয়া চি চি বিয়ে অসমৰ জনসাধাৰণৰ উন্নত স্বাস্থ্যসেৱাৰ সুবিধাৰ যথেষ্ট উন্নতি সাধন কৰিব ।
ক্ৰিটিকেল কেয়াৰ ব্লক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত দেশে আজি শিক্ষা, স্বাস্থ্য, আন্তঃগাঁঠনিৰ উন্নয়ন আদি সকলো ক্ষেত্ৰতে বিকাশ লাভ কৰিছে । অসমতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাত অসমে প্ৰগতি লাভ কৰিছে । আগতে অসমৰ লোকসকলে কেন্সাৰৰ চিকিৎসাৰ বাবে বাহিৰলৈ ওলাই যাবলগীয়া হৈছিল, কিন্তু এতিয়া এই চিকিৎসা ৰাজ্যখনতে উপলব্ধ হৈছে । নৰেন্দ্ৰ মোদী চৰকাৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য সেৱাৰ প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।"
তেওঁ লগতে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ জনসাধাৰণক অধিক উন্নত সেৱা আগবঢ়াবলৈ অধিক ছুপাৰ স্পেচিয়েলিটি বিভাগ গঠন কৰিব লাগে । এই ক্ৰিটিকেল কেয়াৰ ব্লক প্ৰধানমন্ত্ৰী মোডীৰ চিন্তাৰ ফচল আৰু ইয়াৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ’ব ।" আজি দেশে বিকাশৰ দিশত আগবাঢ়িছে বুলি কৈ এই বিকাশৰ সমভাগী হ’বলৈ তেওঁ ৰাইজক আহ্বান জনায় । সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য আগবঢ়াই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ কাৰণেই আজি অসমে ২৮ খন ক্ৰিটিকেল কেয়াৰ হস্পিতাল পাবলৈ সক্ষম হৈছে । ইয়াৰ জড়িয়তে দুৰ্ঘটনা, আন জৰুৰীকালীন চিকিৎসা সেৱা ৰাইজে লাভ কৰিব. য’ত সম্পূৰ্ণ আই চি ইউৰ ব্যৱস্থা থাকিব ।"
সাংসদ দীলিপ শইকীয়াই আঁত ধৰা জনসভাখনত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয়, "মঙলদৈত এখন মেডিকেল কলেজ স্থাপন কৰা হ’ব ।" অহা ৬ মাহৰ ভিতৰত উক্ত মেডিকেল কলেজ স্থাপন কৰা বুলি কোৱাত ৰাইজে হৰ্ষধ্বনিৰে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় । মুখ্যমন্ত্ৰীয়ে আৰু কয়, "বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিপথযুক্তভাৱে শীঘ্ৰেই নিৰ্মাণ কৰা হ’ব ৷"
কেন্দ্ৰীয় মন্ত্ৰী নাড্ডা আৰু মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মঙলদৈ কেঞ্চাৰ কেয়াৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসাৰ পৰিদৰ্শন কৰি ৰোগীসকল সৈতে মত বিনিময় কৰে আৰু লগতে চিকিৎসালয়খনৰ আন্তঃগাঁঠনিৰ বুজ লয় । ইয়াৰ পিছত তেওঁলোকে মঙলদৈ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে । কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে চিকিৎসালয় কাষতে থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তিতো মাল্যৰ্পণ কৰে । ইয়াৰ পিছতে তেওঁলোক পোনে পোনে নিৰ্মাণৰত অসম দক্ষতা বিশ্ববিদ্যালয়ৰলৈ গৈ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় । আনহাতে মঙলদৈ চহৰৰ বাহিৰেৰে নিৰ্মিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ পৰিদৰ্শন কৰি ছিপাঝাৰলৈ ৰাওনা হয় । তেওঁলোকে ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো পৰিদৰ্শন কৰে ।
লগতে পঢ়ক: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পুথিভঁৰাল উদ্বোধন