ETV Bharat / state

চেৰীফুলৰ দেশত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ - ADVANTAGE ASSAM 2

অসমৰ অর্থনৈতিক সম্ভাৱনীয়তা আৰু সুচল বিনিয়োগ সম্পর্কে জাপানত প্ৰচাৰত ব্য়স্ত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

Himanta Biswa Sarma campaigned in Japan
জাপানত প্ৰচাৰত ব্য়স্ত মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মা (@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 7:34 AM IST

গুৱাহাটী: অসমলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে সম্প্রতি জাপান ভ্রমণত ব্যস্ত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্রীগৰাকীয়ে এই সময়ছোৱাত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে অসমৰ অর্থনৈতিক সম্ভাৱনীয়তা আৰু সুচল বিনিয়োগ সম্পর্কে বাৰ্তালাপ কৰে ৷

  • অসমলৈ জাপানৰ পর্যটকৰ বাট মুকলিৰ চেষ্টা :

জাপানৰ সৈতে অসমৰ সম্পর্ক সুদৃঢ় কৰাৰ লগতে উদ্যোগীকৰণ আৰু অর্থনৈতিক বিকাশৰ দিশ মুকলি কৰাৰ অর্থে বৃহস্পতিবাৰে টকিঅ’ত জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পর্যটন বিভাগৰ ৰাজ্যিক মন্ত্রী ফুৰুকাৰা য়াজুছিক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই সাক্ষাৎকালত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জাপান আৰু অসমত পর্যটনৰ সম্ভাৱনা আৰু প্রচাৰ সম্বন্ধে জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পর্যটন বিভাগৰ ৰাজ্যিক মন্ত্রীগৰাকীৰ সৈতে আলোচনা কৰে ৷

এই প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে অন্তর্ভুক্ত চৰাইদেউ মৈদাম, সুবিশাল তথা সেউজ চাহ বাগিচা আৰু অতুলনীয় জৈৱ-বৈচিত্রৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গ'ল্ফ খেলপথাৰলৈকে বিভিন্ন উপাদানেৰে অসমৰ পৰ্যটনৰ ক্ষেত্রখন সমৃদ্ধ । এই পর্যটনস্থলীসমূহত উপলব্ধ সা-সুবিধাই জাপানৰ পর্যটকসকলক আকর্ষিত কৰিবলৈ সক্ষম হ'ব ।’’

আনহাতে, মুখ্যমন্ত্রীগৰাকীয়ে বৃহস্পতিবাৰে জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্রী কোমুৰা মাছাহিবোকো সাক্ষাৎ কৰে । এই সাক্ষাৎকালত মূল্যবোধ, নীতি-নিয়ম তথা বিশেষকৈ গৌতম বুদ্ধৰ আদর্শই ভাৰত আৰু জাপানৰ মাজত কেনেকৈ আধ্যাত্মিক সেতু গঢ়ি তুলিছে সেই বিষয়কে ধৰি বিভিন্ন কথা আলোচনা কৰা হয় ।

বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে কয়, “জাপানী কোম্পানীসমূহৰ বাবে এখন ঔদ্যোগিক ক্ষেত্র স্থাপনৰ বাবে অসম চৰকাৰ আগ্রহী আৰু এই দিশত ৰাজ্য চৰকাৰে অগ্রাধিকাৰ ভিত্তিত কাম-কাজ আগবঢ়াই নিব । অসমৰ প্রতিভাবান যুৱক-যুৱতীসকলে জাপানত দক্ষ শ্রমিকৰ চাহিদা পূৰ কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়েও এই বৈঠকত আলোচনা কৰা হয় ।”

ইয়াৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে ‘‘পৰাক্ৰম দিৱস’’ উপলক্ষে টকিঅ'ত থকা ভাৰতীয় দূতাবাসত নেতাজী সুভাষ চন্দ্র বসুৰ প্রতিকৃতিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা জ্ঞাপন কৰি দেশৰ চিৰস্মৰণীয় ব্যক্তিসত্তাগৰাকীৰ দেশ সেৱাৰ বাবে সাহস আৰু অতুলনীয় সংকল্পৰ লগতে ব্রিটিছ শাসনৰ বিৰুদ্ধে সংগ্রামৰ উদ্দেশ্যে নেতাজীয়ে জাপানতে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণৰ কথা স্মৰণ কৰে ।

মুখ্যমন্ত্রীয়ে বুধবাৰে ঐতিহাসিক হিৰোছিমা শান্তি স্মৰক দর্শন কৰি হিৰোছিমাত বোমা বিস্ফোৰণৰ ঘটনাত নিহতসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰি পুষ্পাঞ্জলি অর্পণ কৰে। তেওঁ লগতে এই শান্তি স্মাৰকৰ সমীপতে স্থাপিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখ্য যে এই শান্তি স্মাৰকৰ সমীপতে ২০২৩ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শান্তি আৰু অহিংসাৰ এক শক্তিশালী বার্তাৰ স্বাক্ষৰ বহন কৰা মহাত্মা গান্ধীৰ আৱক্ষ মূর্তিটো উন্মোচন কৰিছিল ।

  • ছেমিকণ্ডাক্টৰ খণ্ডৰ প্রতিষ্ঠান পৰিদৰ্শন:

এই ভ্রমণকালতে মুখ্যমন্ত্রীগৰাকীয়ে ছেমিকণ্ডাক্টৰ খণ্ডৰ এটা অগ্রণী প্রতিষ্ঠান মাইক্রণ মেম'ৰী ফেব প্রকল্পও পৰিদর্শন কৰে । ছেমিকণ্ডাক্টৰ খণ্ডত প্রতিষ্ঠানটোৰ বিশেষ দক্ষতাৰ সুখ্যাতিৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রীয়ে অসমৰ সৈতে প্রতিষ্ঠানটোৰ সহযোগিতা সবল কৰি পাৰস্পৰিক বিকাশৰ হেতু আগবঢ়াৰ দিশত গুৰুত্ব আৰোপ কৰে ।

মাইক্রণ মেম'ৰী ফেচিলিটী ভ্রমণৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে কোম্পানীটোৰ উপাধ্যক্ষ জোছুয়া লীৰ সৈতে মত-বিনিময় কৰি প্রতিষ্ঠানটোক অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিকাশৰ যাত্রাৰ অংশীদাৰ হ'বলৈ আমন্ত্রণ জনায় । মুখ্যমন্ত্রীগৰাকীয়ে কয় যে জাগীৰোডৰ ইলেক্ট্রনিক টাউনশ্বিপক বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ হাব হিচাপে গঢ়ি সুবিধাসম্পন্ন কৰি তোলা হ'ব আৰু মাইক্রণৰ দৰে ফেব্রিকেশান ফেচিলিটিৰ অগ্রণী প্রতিষ্ঠানে অসমৰ ছেমিকন্ডাক্টৰ মূল্যশৃংখলক অতিশয় শক্তিশালী কৰিব পাৰে ।

  • ওছাকাত 'এডভান্টেজ আছাম ২.০'ৰ ৰোড শ্ব':

মুখ্যমন্ত্রীগৰাকীয়ে বৃহস্পতিবাৰে ওছাকাত অনুষ্ঠিত ‘‘এডভান্টেজ আছাম ২.০’’ৰ ৰোড শ্ব'ত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে বার্তালাপ কৰি অসমৰ অর্থনৈতিক সম্ভাৱনীয়তা আৰু বিনিয়োগকাৰীৰ বাবে ৰাজ্যখনে গ্রহণ কৰা সুচল নীতিৰ কথাও উল্লেখ কৰে ।

তেওঁ কয়, “২০২৩ চনৰ ভিতৰত অসমৰ জিএছডিপিক ১৪৩ আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰে লক্ষ্য লৈছে ।" লগতে তেওঁ কয়, “বিশ্বৰ ভিন্ন প্রতিষ্ঠানসমূহৰ বাবে অসমৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ আন্তঃগাঁথনি বিনিয়োগৰ পৰিকল্পনা এক বৃহৎ সুযোগ হিচাপে পৰিগণিত হ'ব ।”

২০২৪ চনত ৰাজ্যখনে ৪ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি এই পৰিসংখ্যা এতিয়ালৈকে সর্বাধিক বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ লগতে অসমৰ জনসাধাৰণৰ হৈ ওম্বাকাৰ উদ্যোগীসকলক ‘‘এডভান্টেজ আছাম ২.০’’ত ভাগ ল'বলৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ বিকাশৰ যাত্রাত অংশীদাৰ হ'বলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক:বিনিয়োগকাৰীৰ বিচাৰি মুখ্যমন্ত্ৰীৰ জাপান ভ্রমণ: দিনটোত ৬খন বৈঠকত অংশগ্রহণ - ADVANTAGE ASSAM 2

দক্ষিণ কোৰিয়াত মুখ্যমন্ত্ৰীৰ এডভাণ্টেজ আছামৰ ৰোড শ্ব’ - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.