ETV Bharat / bharat

গণি শেষেই কৰিব পৰা নাই ! ঘৰৰ চুকে-কোণে কেৱল উজান উঠিছে কোটি টকাৰ - VIGILANCE RAID IN BIHAR

ৰজনীকান্তৰ ঘৰত ওলাইছে জাপে জাপে টকা ৷ টকা গণা মেচিনৰ সহায়ত টকা গণি শেষ হোৱা নাই ৷ টকা গণি ভাগৰি পৰিছে অভিযানকাৰী দল !

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 10:09 AM IST

বিহাৰ : টকাৰ উজান উঠিছে ৷ হাজাৰ বা লাখ টকা নহয় ৷ এইবাৰ কোটি কোটি টকাৰ উজান উঠিছে ৷ ভাগৰি পৰিছে সকলো, কিয়নো গণিছেহে গণিছে, শেষেই নহয় চোন এই টকা ৷ টকা গণা মেচিন আনিও গণি শেষ কৰিব পৰা নাই এই টকা ৷ পিছে কোনফালে বৈছে জানেনে টকাৰ উজান উঠা এই নৈখন ?

আপুনি জানি আচৰিত হ’ব এই টকাৰ উজান কোনো মন্ত্ৰী-আমোলা বা কোটিপতি ব্যৱসায়ীৰ ঘৰত নহয় ৷ এই টকা ওলাইছে এগৰাকী সাধাৰণ জিলা শিক্ষা বিষয়াৰ ঘৰতহে ৷ পিছে এজন সাধাৰণ চৰকাৰী কৰ্মচাৰী হৈয়ো ইমান টকা ক’ল পালে শিক্ষা বিষয়াগৰাকীয়ে ? - এই প্ৰশ্ন উঠিছে বহুতৰে মনত ৷ নগদ দুই কোটি টকা ওলাল এই জিলা শিক্ষা বিষয়াগৰাকীৰ ঘৰত, তেওঁৰ নাম ৰজনীকান্ত প্ৰবীণ ৷

Bihar Bettitah DEO Rajnikant Pravin has been suspended
কোন এই ৰজনীকান্ত ? (ETV Bharat)

এক গোপন খবৰৰ আলমতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভিজিলেন্সৰ এটা দলে ৰজনীকান্তৰ ঘৰত অভিযান চলায় ৷ এই অভিযানত অভিযানকাৰী দলটোৱে ৰজনীকান্তৰ ঘৰত বান্দোলে বান্দোলে টকাৰ জাপ দেখি আচৰিত হৈ পৰে ৷ তাৰ পাচতে দলটোৱে গণিবলৈ আৰম্ভ কৰে টকা ৷ কিন্তু টকাৰ জাপে জাপে বান্দোল দেখি অভিযানকাৰী দলটোৱে আনিবলৈ বাধ্য হয় টকা গণা মেচিন ৷

পৰৱৰ্তী সময়ত টকা গণা মেচিনৰ সহায়ত অভিযানকাৰী দলটোৱে শিক্ষা বিষয়া ৰজনীকান্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুই কোটি টকা ৷ লগতে দলটোৱে ৰজনীকান্তৰ বিশাল সম্পত্তিৰো সকলো নথি-পত্ৰ উদ্ধাৰ কৰি আৰম্ভ কৰে তদন্ত ৷

অভিযোগ অনুসৰি, জিলা শিক্ষা বিষয়া ৰজনীকান্ত প্ৰবীণৰ বিৰুদ্ধে বহু সময়ত বহু অভিযোগ উত্থাপন হৈছিল ৷ কি শিক্ষক, কি ঠিকাদাৰ - টকা নিদিলে মুঠতে অভিযুক্ত ৰজনীকান্তই এখিলা পাতো ইফালৰ পৰা সিফাল নকৰে ৷ যাৰ বাবে তেওঁৰ বিৰুদ্ধে ভিন্ন সময়ত বহুজনে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অভিযোগ দিছিল ৷

ৰজনীকান্তৰ ঘৰত অভিযান (ETV Bharat)

একাংশ ঠিকাদাৰে অভিযোগ কৰা মতে, যিকোনো ঠিকাদাৰী কাম দিয়াৰ অভিযুক্ত ৰজনীকান্তই তেওঁলোকৰ পৰা লয় ৩০% টকা ৷ দীৰ্ঘদিনৰ পৰা টকাৰ সকলো লেনদেন অভিযুক্ত ৰজনীকান্তই নিশা ১০ৰ পৰা ১১ বজাৰ ভিতৰত তেওঁৰ কাৰ্যালয়তে কৰি আহিছিল ৷

শেহতীয়াকৈ অভিযুক্ত ৰজনীকান্তই এক বিশাল মহাযজ্ঞৰ আয়োজন কৰিছিল ৷ এই মহাযজ্ঞ ইমানে ব্যয়বহুল আছিল যে সৰ্বত্ৰে চলিছিল ইয়াৰ চৰ্চা ৷ জানিব পৰা মতে, সেই মহাযজ্ঞ আয়োজনৰ নামত ব্যয় কৰা হৈছিল প্ৰায় ৫০ লাখ টকা ৷

অপৰাধ অন্ধকাৰৰ মাজত হয় যদিও ই কেতিয়াও আন্ধাৰৰ মাজত লুকাই নাথাকে ৷ পাপৰ কলহ ভৰিলে এদিন হয় সেই কলহটো ভাগিব বা কলহটো পৰি যাব, যাৰ দ্বাৰা সকলো স্পষ্ট ৰূপত ফটফটিয়া হৈ পৰিব ৷ সেই একে দশা হ’ল ৰজনীকান্ত প্ৰবীণৰ ৷ অৱশেষত পাপৰ জেওৰা ভাগি পৰিল অভিযুক্ত ৰজনীকান্তৰ ৷

বিশাল সম্পত্তিৰ গৰাকী অভিযুক্ত ৰজনীকান্ত প্ৰবীণ এতিয়া আৰক্ষীৰ জিম্মাত ৷ শেহতীয়া তথ্য অনুসৰি, ৰজনীকান্ত প্ৰবীণক শিক্ষা বিষয়া পদৰ পৰা নিলম্বন কৰা হৈছে ৷

পিছে ৰ’ৱ, আমি উল্লেখ কৰা এই ঘটনাটো অসমৰ নহয় ৷ এই ঘটনাটো সংঘটিত হৈছে বিহাৰত ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত ৰজনীকান্ত প্ৰবীণ বিহাৰৰ বেটিয়া জিলাৰ শিক্ষা বিষয়া আছিল ৷

লগতে পঢ়ক : পৰীক্ষালৈ মাত্ৰ এদিন আছিল; ছাত্ৰই কিয় ল'লে এই সিদ্ধান্ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.