হায়দৰাবাদ: 2025 চনৰ প্ৰথম মাহটোত অৰ্থাৎ জানুৱাৰী মাহত ভাৰতীয় মোবাইলৰ বজাৰত ডেৰ ডজনতকৈও অধিক স্মাৰ্টফোন মুকলি কৰা হৈছে । ইয়াৰ মূল্য 10 হাজাৰ টকাৰ তলত আৰু 1 লাখ টকাতকৈও অধিক । এতিয়া ফেব্ৰুৱাৰী মাহতো বহু আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত ফোন বজাৰত মুকলি হ’ব । য’ত উচ্চমানৰ কেমেৰা, বৃহৎ বেটাৰী আৰু গেমিং স্মাৰ্টফোন অৰ্ন্তভুক্ত হ’ব পাৰে । যদি আপুনি নতুন ফোন ক্ৰয় কৰিব বিচাৰে তেন্তে জানি লওক কোনবোৰ ব্ৰেণ্ডে ফেব্ৰুৱাৰী মাহত নতুন ফোন মুকলি কৰিব---
ফেব্ৰুৱাৰী মাহত মুকলি হ’বলগীয়া স্মাৰ্টফোনবোৰ
iQOO Neo 10R
Rewrite the rules of style and power with the #iQOONeo10R. A masterpiece of precision and performance, designed to turn heads and break limits. This isn’t just innovation—it’s the future, redefined.
— iQOO India (@IqooInd) February 3, 2025
Launching soon, exclusively on @amazonIN and https://t.co/bXttwlZo3N!… pic.twitter.com/DOdHzAn2px
iQOO এ মুকলি কৰিছে নিজৰ মিড ৰেঞ্জ স্মাৰ্টফোন iQOO Neo 10R ৰ টিজাৰ, য’ত মুকলি কৰাৰ তাৰিখ প্ৰকাশ কৰা হোৱা নাই । কিন্তু ফেব্ৰুৱাৰী মাহত মুকলি কৰিব বুলি আশা কৰা হৈছে । টিপষ্টাৰ অভিষেক যাদৱৰ এটা পোষ্ট অনুসৰি, ই হ’ব এটা ডাঙৰ বেটাৰী থকা ফোন যাৰ বেটাৰী হ’ব পাৰে 6400 mAh । এই বেটাৰী চাৰ্জ কৰিবলৈ 80W ফাষ্ট চাৰ্জিং পোৱা যাব। স্মাৰ্টফোনটোত Snapdragon 8s Gen 3 প্ৰচেছৰ থাকিব পাৰে, য’ত 12GB ৰেম পোৱাৰ সম্ভাৱনা আছে । মোবাইলটোত 6.8 ইঞ্চিৰ 144 হাৰ্টজ AMOLED স্ক্ৰীণ থাকিব পাৰে । ফটোগ্ৰাফীৰ বাবে ইয়াত 50 MP ডুৱেল ৰিয়াৰ কেমেৰা আৰু 16 MP ফ্ৰন্ট কেমেৰা পোৱা যাব । কিন্তু কোম্পানীটোৱে স্পষ্ট কৰি দিছে যে ইয়াক আমাজনত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব ।
Vivo V50 Series
ভাৰতীয় বজাৰত ভিভ’ই মুকলি কৰিব পাৰে নিজৰ ভিভ’ V50 ছিৰিজ । ইয়াত দুটা ফোন Vivo V50 আৰু Vivo V50 Pro মুকলি কৰা হ’ব । ইয়াত 50MP কেমেৰা আৰু ডাঙৰ 6000mAh বেটাৰী পাব পাৰে । চীনৰ কোম্পানী Vivo এ যোৱা বছৰৰ নৱেম্বৰ মাহত চীনত Vivo S20 মডেল মুকলি কৰিছিল । কোম্পানীয়ে ইয়াক ৰিব্ৰেণ্ড কৰি ভাৰতত অতি সোনকালে Vivo V50 নামেৰে মুকলি কৰিবলৈ ওলাইছে । চীনত Vivo S20 স্মাৰ্টফোনটো CNY 2299 (ভাৰতীয় হিচাপত প্ৰায় 27000 টকা) ত মুকলি কৰা হৈছে । গতিকে যদি আমি এই দিশলৈ লক্ষ্য কৰো তেন্তে ভাৰতত 30 হাজাৰ টকাত Vivo V50 মুকলি কৰিব পাৰে ।
Xiaomi 15 ছিৰিজ
আন এটা বহু প্ৰত্যাশিত স্মাৰ্টফোন হৈছে Xiaomi 15 series । ষ্টেণ্ডাৰ্ড মডেল ছাইঅ’মি 15 প্ৰ’ স্মাৰ্টফোনৰ সমান্তৰালভাৱে ইয়াক মুকলি কৰা হ’ব বুলি আশা কৰা হৈছে । এই ফ্লেগশ্বিপ ছিৰিজটো স্নেপড্ৰেগন 8 এলিট চিপছেটৰ সৈতে অহাৰ সম্ভাৱনা আছে । ইয়াৰ অন্যান্য বৈশিষ্ট্য আৰু মুকলিৰ তাৰিখ আনুষ্ঠানিকভাৱে জনা নাযায় যদিও ফেব্ৰুৱাৰী মাহত ইয়াক মুকলি কৰাৰ সম্ভাৱনা আছে ।
Samsung Galaxy A56 5G
Samsung Galaxy A56 SM-A5660 appears on TENAA certification.
— Abhishek Yadav (@yabhishekhd) January 9, 2025
Specifications
📱 FHD+ AMOLED display
120Hz refresh rate
🔳 Exynos 1580 chipset
📸 50MP+12MP+5MP rear camera
🍭 Android 15
🔋 5000mAh battery
⚡ 45 watt charging
🔩 Metal frame#SamsungGalaxyA56 pic.twitter.com/Ifi7kJNYw2
গেলাক্সি S25 লাইনআপ মুকলি কৰাৰ পিছত ছেমছাঙে নিজৰ A ছিৰিজৰ ওপৰত গুৰুত্ব দিব পাৰে । মূলটো হৈছে গেলাক্সি A56 5G স্মাৰ্টফোন, যিয়ে ভিভ’ V50 ৰ সৈতে প্ৰতিযোগিতাত নামিব পাৰে । টিপষ্টাৰ অভিষেক যাদৱে ফাদিল কৰা তথ্য অনুসৰি ইয়াক এক্সিন’ছ 1580 প্ৰচেছৰৰ সৈতে লঞ্চ কৰা হ’ব পাৰে । ফোনটোত 50MP ট্ৰিপল ৰিয়াৰ কেমেৰা, 45W ফাষ্ট চাৰ্জিং, 5000mAh বেটাৰী আৰু FHD+ 120Hz Dynamic AMOLED ডিছপ্লে থাকিব পাৰে । ইয়াৰ সৈতে এলুমিনিয়ামৰ ফ্ৰেম আৰু গ্লাছ বেক ডিজাইন আহিব পাৰে । ইয়াৰ মূল্য প্ৰায় 39 হাজাৰ টকা হ’ব বুলি আশা কৰা হৈছে ।
Samsung Galaxy A36 5G
গেলাক্সি A56 ৰ লগতে কোম্পানীয়ে ফেব্ৰুৱাৰী মাহত মুকলি কৰিব পাৰে গেলাক্সি A36 5G ফোন । এই মোবাইলটোত পোৱা যাব Qualcomm ৰ Snapdragon 6 Gen 3 প্ৰচেছৰ । এই স্মাৰ্টফোনটোত এণ্ড্ৰইড 15 ৰ সৈতে OneUI 7 দিব পাৰে । ফটোগ্ৰাফীৰ বাবে এই ফোনত 50 MP ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ, চেলফি আৰু ভিডিঅ’ৰ বাবে 12MP ফ্ৰন্ট কেমেৰা থাকিব পাৰে । এই ফোনটো ভাৰতীয় বজাৰত 6GB, 8GB আৰু 12GB ৰেমৰ সৈতে আহিব পাৰে বুলি আশা কৰা হৈছে । ইয়াৰ মূল্য 25 হাজাৰৰ পৰা 30 হাজাৰ টকাৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে ।