ETV Bharat / state

বাগদেৱীৰ বন্দনাৰে মুখৰিত যোৰহাট - SARASWATI PUJA 2025

এইবাৰ বাগদেৱীৰ তিথি দুদিনীয়া । মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী দেৱীক আৰাধনা কৰা হয় ।

SARASWATI PUJA IN JORHAT
সৰস্বতী বন্দনাৰে মুখৰিত ৰাজ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 3, 2025, 2:17 PM IST

যোৰহাট: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । দেওবাৰৰে পৰা আজি পুৱালৈকে সৰস্বতী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । কালি একাংশই সৰস্বতী পূজাৰ আয়োজন কৰিলে যদিও আজিহে প্ৰায়সংখ্য়ক বিদ্য়ালয়-মহাবিদ্য়ালয়ত চলিছে বাগদেৱীৰ বন্দনা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাতো উলহ-মালহেৰে আৰম্ভ হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা ।

উল্লেখ্য় যে এইবাৰ বাগদেৱীৰ তিথি দুদিনীয়াকৈ মিলিছে । মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী দেৱীক আৰাধনা কৰা হয় । সেয়ে আজিৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ শিক্ষানুষ্ঠানসমূহ সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে । পুৰোহিতৰ বেদ-মন্ত্ৰৰ ধ্বনি, শংখধ্বনি, মন্ত্ৰোচ্চাৰণ আদিৰ লগতে হোমাগ্নি, ধূপ-চাকিৰ সুবাসেৰে সুশোভিত হৈ পৰিছে যোৰহাটৰ পূজাস্থলীৰ পৰিৱেশ ।

সৰস্বতী বন্দনাৰে মুখৰিত ৰাজ্য (ETV Bharat Assam)

এনে এক আধ্যাত্মিক পৰিৱেশৰ মাজতে শিক্ষাৰ্থীসকলে নিজা নিজা শিক্ষানুষ্ঠানত সমবেত হৈ বাগদেৱীৰ পৰা আশিস বিচাৰিছে । এই বিষয়ে এগৰাকী পুৰোহিতে সাংবাদিকৰ আগত কয়, "বাগদেৱীৰ তিথি দুদিনীয়াকৈ মিলা বাবে আজি পুৱা ৯.৪৭ বজালকৈ শুক্লা পঞ্চমী তিথি আছে । আমি পুৱা ৬ বজাৰ পৰা পূজাৰ সকলো যাবতীয় কাম কাজৰ লগতে যজ্ঞ আৰম্ভ কৰিছো ।"

উল্লেখ্য় যে সৰস্বতী পূজাৰ দিনা অভিভাৱকৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীলৈকে সকলোৱে নিজকে সজাই পৰাই বিভিন্ন পূজাস্থলীত ভিৰ কৰিছে । হিন্দু ধৰ্মত বসন্ত পঞ্চমীৰ দিনটো অতি গুৰুত্বপূৰ্ণ ৷ সেয়েহে এই দিনটো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ নামত উৎসৰ্গিত ৷ বসন্ত পঞ্চমীত জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীক পূজা কৰা হয় ৷

লগতে পঢ়ক:২ নে ৩ ফেব্ৰুৱাৰী ? কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা, জানি লওক পূজা বিধি - SARASWATI PUJA 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.