নগাঁও: ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতেই অসম লোকসেৱা আয়োগৰ বহু ক'লা অধ্যায় ফাদিল হোৱাৰ পাছতেই লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষসহ নিযুক্তি কেলেংকাৰীত জড়িত বহুকেইগৰাকীয়ে জেল-হাজোতৰ ভাত খাবলগীয়া হৈছিল । সেই সময়ৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পাল এণ্ড কোম্পানীয়ে কলংকৃত কৰাৰ পাছৰ পৰাই ক্ৰমাৎ স্বচ্ছ আৰু নিকা হ'বলৈ ধৰা অসম লোকসেৱা আয়োগৰ এইবাৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিলে ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই ।
অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষৰ পৰা অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ মহাপৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰা বিষয়াগৰাকী হৈছে দেৱৰাজ উপাধ্যায় । অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ মহা পৰিদৰ্শক হিচাপে ২০২৩ চনৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰাৰ পাছতেই দেৱৰাজ উপাধ্যায়ক ২০২৪ চনৰ জানুৱাৰী মাহত অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰিছিল । সম্পূৰ্ণ এটা বছৰ অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে দায়িত্ব পালন কৰাৰ পাছত মঙলবাৰে অসমৰ ৰাজ্যপালে লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে দেৱৰাজ উপাধ্যায়ক ।
এতিয়া অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ হিচাপে কি কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া জনাৰ পূৰ্বে জানি লওঁ আহক কৰ্মজীৱনত কিদৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল দেৱৰাজ উপাধ্যায় ।
অসম আৰক্ষীত সেৱাৰ আৰম্ভণি:
১৯৯২ চনত অসম আৰক্ষী সেৱাৰ বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰা দেৱৰাজ উপাধ্যায়ে অসম আৰক্ষীৰ এগৰাকী সাহসী আৰু নিষ্ঠাৱান বিষয়া হিচাপে ২০২৩ চনৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰা বুলি বিভাগীয় সূত্ৰে জানিব পৰা গৈছে । অসম আৰক্ষীৰ এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বৰপেটা জিলাত ১৯৯৫ চনত বড়ো আৰু মুছলিম সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়তে দুয়ো সম্প্ৰদায়ৰ মাজত শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ৰ জিলাখনৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰা দেৱৰাজ উপাধ্যায়ে ।
দুয়োটা সম্প্ৰদায়ৰ নেতৃস্থানীয় ব্যক্তিৰ লগতে সাধাৰণ লোকৰ সৈতে আলাপ আলোচনাৰ মাজেৰে সংঘৰ্ষ ৰোধ কৰিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গৈছে । আনকি অসম আৰক্ষীত পদোন্নতি লাভ কৰি পুনৰ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা দেৱৰাজ উপাধ্যায়ৰ নেতৃত্বতেই জিলাখনৰ আলফা সমস্যাও বহু পৰিমাণে সমাধান কৰিবলৈ সক্ষম হৈছিল ।
নগাঁৱৰ আৰক্ষী অধীক্ষক:
বৰপেটা জিলাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীত কৰ্মৰত অৱস্থাত বহু সফলতা লাভ কৰিও প্ৰচাৰবিমুখ বিষয়া দেৱৰাজ উপাধ্যায়ে ২০১৬ চনত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰি প্ৰথমে জিলাখনৰ ডকাইতৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উপৰিও ডকাইতৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ডকাইতিৰ দৰে অপৰাধো একপ্ৰকাৰ নিৰ্মূল কৰিবলৈ সক্ষম হৈছিল । কেৱল এয়াই নহয় একপ্ৰকাৰ অপৰাধীৰ ঘাটি হিচাপে পৰিগণিত হোৱা নগাঁৱৰ অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল দেৱৰাজ উপাধ্যায়ে ।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দেৱৰাজ উপাধ্যায়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই ৰাজ্যৰ বিজেপি চৰকাৰে প্ৰথমটো উচ্ছেদ অভিযান চলাবলৈ সক্ষম হৈছিল । ২০১৬ চনত কাজিৰঙাত চৰকাৰৰ প্ৰথমটো উচ্ছেদ অভিযানৰ নেতৃত্বত আছিল দেৱৰাজ উপাধ্যায় । আনকি চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা প্ৰকাশ কৰাৰ সময়তো নগাঁৱত বিভিন্নজনে আইন-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰিছিল যদিও সেই সময়ত জিলা আয়ুক্তক লগত লৈ ৰাইজৰ সৈতে এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত শান্তিপূৰ্ণভাৱে এন আৰ চিৰ তালিকা প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল ।
কেৱল এয়াই নহয় চোৰাং চিকাৰীৰ দৈৰাত্ম্য অব্যাহত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰতো মুখ্য ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈ থকা গঁড় চিকাৰ ৰোধ কৰাৰ বাবে প্ৰথমবাৰ নগাঁও, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে যুটীয়াভাৱে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি নগাঁও আৰক্ষীৰ তথ্যত প্ৰকাশ । যাৰ ফলস্বৰূপে সেই সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ নগাঁও জিলা এলেকা প্ৰথমবাৰৰ বাবে গঁড় হত্যা শূন্য কৰিবলৈ সক্ষম হৈছিল ।
গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত:
নগাঁও জিলাৰ অৰক্ষী অধীক্ষক হৈ থকা সময়তে ২০১৮ চনৰ পহিলা জানুৱাৰী তেওঁ অসম আৰক্ষীৰ মহা পৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰে ৷ একে বছৰতে তেওঁ ২০০৪ চনৰ পৰাই কাৰ্যকৰী হোৱাকৈ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে পদোন্নতি লাভ কৰে । এটা বছৰ পাছতেই অৰ্থাৎ পৰৱৰ্তী ২০১৯ চনৰ জানুৱাৰী মাহত গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে দেৱৰাজ উপাধ্যায়ে । গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত হিচাপেও কৰ্মৰত অৱস্থাত কা আন্দোলনে অশান্ত কৰা গুৱাহাটীত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰতো মুখ্য ভূমিকা গ্ৰহণ কৰিছিল দেৱৰাজ উপাধ্যায়ে । কেৱল এয়াই নহয় সেই সময়ত গুৱাহাটীৰ জু-ৰোডত সংঘটিত বোমা বিস্ফোৰণৰো ২৪ ঘণ্টাৰ ভিতৰতেই ক্লু উলিয়াই বহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসহ আলফাৰ লিংকমেন কৰায়ত্ত কৰা অভিযানতো মুখ্য ভূমিকা আছিল সেই সময়ৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ ।
CID ৰ মহাপৰিদৰ্শক:
গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্তৰ পৰা ২০২১ চনৰ জুলাই মাহত অসম আৰক্ষীৰ অনুসন্ধান শাখা (CID)ৰ মহাপৰিদৰ্শক হিচাপে যোগদান কৰে দেৱৰাজ উপাধ্যায়ে । চি আই ডিৰ মহাপৰিদৰ্শক হৈ থকা সময়তো বহুকেইটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ক্লু উলিওৱাৰ ক্ষেত্ৰতো মুখ্য ভূমিকা গ্ৰহণ কৰিছিল দেৱৰাজ উপাধ্যায়ে । সেই সময়ৰ ধলাকাণ্ডৰ লগতে গোৱালপাৰাৰ ক্লুলেচ হত্যাকাণ্ডৰ ক্লু উলিয়াবলৈ সক্ষম হৈছিল আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বতেই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা সফল অভিযানৰ নেতৃত্ব দি অসম আৰক্ষীত সেৱা আগবঢ়াই ২০২৩ চনৰ অক্টোবৰ মাহত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে দেৱৰাজ উপাধ্যায়ে ।
কিন্তু চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ মাত্ৰ দুটা মাহ পাছতেই অৰ্থাৎ ২০২৪ চনৰ জানুৱাৰী মাহত দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ সদস্য হিচপে নিযুক্তি প্ৰদান কৰা হয় । অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে এটা বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০২৫ চনৰ ৭ জানুৱাৰীত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে দেৱৰাজ উপাধ্যায়ক নিযুক্তি প্ৰদান কৰে অসমৰ ৰাজ্যপালে ।
অধ্যক্ষ হিচাপে কিদৰে দায়িত্ব পালন কৰিব দেৱৰাজ উপাধ্যায়ে ?
মঙলবাৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱৰাজ উপাধ্যায়ে ৯ জানুৱাৰী বৃহস্পতিবাৰে লোকসেৱাৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । শপত গ্ৰহণ কৰিয়েই আনুষ্ঠানিকভাৱে লোকসেৱাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ কথা ইটিভি ভাৰতক জানিবলৈ দিয়ে নৱনিযুক্ত অধ্যক্ষ দেৱৰাজ উপাধ্যায়ে । নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, "২০১৬ চনৰ পৰাই স্বচ্ছ আৰু নিকা নিযুক্তি আৰম্ভ হৈছে অসম লোকসেৱা আয়োগত । বিগত সময়ৰ দৰেই এশ শতাংশ স্বচ্ছতাৰে অসম লোকসেৱা আয়োগত হ'ব নিযুক্তি প্ৰক্ৰিয়া । ইয়াৰ বাবে সকলো সময়তে মোৰ দৃষ্টি নিবদ্ধ থাকিব ।"
উল্লেখ্য যে, কৰ্মজীৱনত এগৰাকী সৎ আৰু সফল বিষয়া হিচাপে পৰিচিত ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱৰাজ উপাধ্যায়ক মঙলবাৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰাত ৰাজ্যৰ বহু শিক্ষিত তথা সচেতন লোকে বিষয়াগৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক: এ পি এছ চিৰ নতুন অধ্যক্ষৰ আসনত দেৱৰাজ উপাধ্যায়, দুই নতুন সদস্যও নিযুক্তি