ঢাকা : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পাছপোৰ্ট প্ৰত্যাহাৰ কৰিছে । মঙলবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি হাছিনাকে ধৰি আন ৯৬ জনৰ পাছপোৰ্ট প্ৰত্যাহাৰ কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধে থকা বলপূৰ্বক নিৰুদ্দেশ আৰু জুলাইৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত পাৰ্ছপোৰ্ট প্ৰত্যাহাৰ কৰা হৈছে ।
উল্লেখ্য যে ৭৭ বছৰীয়া হাছিনাই যোৱা বছৰৰ ৫ আগষ্টৰ পৰা ভাৰতত বাস কৰি আছে । দেশখনৰ ছাত্ৰ সমাজৰ নেতৃত্বত সংঘটিত এক বৃহৎ প্ৰতিবাদৰ ফলত হাছিনা নেতৃত্বাধীন আৱামী লীগৰ ১৬ বছৰীয়া শাসৰ উৎখাত হয় আৰু তেওঁ বাংলাদেশৰ পৰা পলায়ন কৰে ।
বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে (আই চি টি) হাছিনা আৰু কেইবাজনো প্ৰাক্তন কেবিনেট মন্ত্ৰী, উপদেষ্টা আৰু সামৰিক আৰু অসামৰিক বিষয়াৰ বিৰুদ্ধে "মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যা"ৰ অপৰাধত গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰিছে ।
ঢাকাত এক সংবাদমেল সম্বোধন কৰি মুখ্য উপদেষ্টাৰ উপ-প্ৰেছ সচিব আবুল কালাম আজাদ মজুমদাৰে কয়, "পাছপোৰ্ট বিভাগে বলপূৰ্বক নিৰুদ্দেশৰ ঘটনাৰ সৈতে জড়িত ২২ জন লোকৰ পাছপোৰ্ট বাতিল কৰে । আনহাতে, জুলাইৰ হত্যাকাণ্ডত জড়িত থকাৰ বাবে শ্বেখ হাছিনাকে ধৰি ৭৫ জন লোকৰ পাছপোৰ্ট বাতিল কৰা হয় ।"
অৱশ্যে তেওঁ পাছপোৰ্ট বাতিল কৰা অন্য ব্যক্তিসকলৰ নাম প্ৰকাশ কৰা নাই বুলি চৰকাৰী বি এছ এছ সংবাদ সংস্থাই জনাইছে ।
উল্লেখ্য যে বাংলাদেশৰ এখন আদালতে নিৰ্বাসিত প্ৰাক্তন নেত্ৰী শ্বেখ হাছিনালৈ দ্বিতীয়বাৰ বাবে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে । এইবাৰ বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ বাবে এই পৰোৱানা জাৰি কৰা বুলি মুখ্য অধিবক্তাই সোমবাৰে কয় ।
ছাত্ৰ বিপ্লৱৰ ফলত ক্ষমতাৰ পৰা উৎখাত হৈ পুৰণি মিত্ৰ দেশ ভাৰতলৈ পলাই অহাৰ পিছত ঢাকাই ইতিমধ্যে ৭৭ বছৰীয়া হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে ।
তেওঁৰ ১৫ বছৰীয়া কাৰ্যকালত ব্যাপক মানৱ অধিকাৰ হৰণৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ ভিতৰত আছে তেওঁৰ ৰাজনৈতিক বিৰোধীসকলৰ গণবন্দিত্ব আৰু অন্যায়ভাৱে হত্যা ।
ঘৰুৱা আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ (আই চি টি) মুখ্য অধিবক্তা তাজুল ইছলামে কয় যে এই দ্বিতীয় ৱাৰেণ্টটো তেওঁৰ শাসনকালত বলপূৰ্বক নিৰুদ্দেশ কৰোৱাৰ সৈতে সম্পৰ্কিত ।
বাংলাদেশী সুৰক্ষা কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে ৫০০ ৰো অধিক লোকক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে । ইয়াৰে কিছুমানক বছৰ বছৰ ধৰি গোপন স্থানত আটক কৰি ৰখা হৈছিল ।