ETV Bharat / state

উমৰাংছ' কয়লাখনিৰ দুৰ্ঘটনা: চৰকাৰক জবাবদিহি গৌৰৱ গগৈৰ - CONGRESS MP GAURAV GOGOI

অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে ?

Congress MP Gaurav Gogoi
চৰকাৰক জবাবদিহি গৌৰৱ গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 19 hours ago

গোলাঘাট : উমৰাংছ'ৰ কয়লাখনিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । অবৈধ কয়লাখনিক লৈ বিভিন্ন ধৰণৰ প্ৰশ্নও উত্থাপন হৈছে । তাৰ মাজতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ । মঙলবাৰে নিশা গোলাঘাটৰ আৱৰ্ত ভৱনত এক সংবাদমেলত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ।

অসমৰ ক'ত ক'ত অবৈধ কয়লাখনি আছে ?

চৰকাৰক জবাবদিহি গৌৰৱ গগৈৰ (ETV Bharat Assam)

তেওঁ কয়,"উমৰাংছ'ৰ কয়লাখনিত সংঘটিত ঘটনাত আবদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান চলি আছে আৰু তাত সফলতা লাভ কৰিম বুলি আশা কৰিলো । আমি খবৰ পোৱা মতে সেনা, নৌসেনাৰ বিষয়াসকলে উদ্ধাৰ অভিযান চলাই আছে ৷ তথাপিও বৰ্তমান সময়ত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে । উচ্চতম ন্যায়ালয়ে কিছুমাহৰ আগতেই এক ৰায় দিছিল যে ভাৰতত অবৈধ কয়লা খনন বন্ধ কৰিব লাগে । আমি সংবাদ মাধ্যমৰ জৰিয়তে খবৰ লাভ কৰিছো যে ইয়াত অবৈধভাৱে কয়লা খনন চলি আছে আৰু সেই কাৰণে অসম চৰকাৰৰ পৰা জানিব বিচাৰো যে অসমত কয়লা খনন বন্ধ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰা হৈছে ।"

অভিভাৱক মন্ত্ৰীৰ ভূমিকা কি ?

তেওঁ লগতে কয়,"কিমান ঠাইত অবৈধভাৱে কয়লা খনন হৈ আছে যাৰ খবৰ আমি লাভ কৰা নাই, এই প্ৰশ্নৰ উত্তৰ আমি বৰ্তমান চৰকাৰৰ পৰা জানিব বিচাৰো । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি দিয়া অভিভাৱক মন্ত্ৰীসকলৰ ভূমিকা কি আছে ? এই সম্পৰ্কে এটা গোচৰ ৰুজু হৈছে ৷ কিন্তু আমি বিচাৰো এখন বিশেষ তদন্তকাৰী সমিতি গঠন কৰিব লাগে । আজিৰ তাৰিখত এই গোচৰৰ জৰিয়তে যে কিবা তথ্য পোহৰলৈ আহিব তাত আমাৰ সন্দেহ আছে ।"

এডভাণ্টেজ অসমৰ পৰা কি লাভ হ'ল ?

তেওঁ কয়,"বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুম্বাইত বিভিন্ন উদ্যোগপতিসকলক এডভাণ্টেজ অসমৰ বাবে নিমন্ত্ৰণ জনাইছে । এই সম্পৰ্কে আমি জানিব বিচাৰো যে বিজেপি দলে যি সময়ৰ পৰা অসমত শাসনভাৰ লৈছে সেই সময়ৰ পৰা বৰ্তমানলৈকে দুটা এডভাণ্টেজ অসম অনুষ্ঠিত কৰিছে ৷ তৃতীয়টো আয়োজন কৰাৰ আগতে প্ৰথম দুটাৰ পৰা অসমে কি কি সুবিধা লাভ কৰিছে স্পষ্ট কৰিব লাগে । বিগত দুটা এডভাণ্টেজ অসম অনুষ্ঠিত কৰি ডাঙৰ ডাঙৰ কথা কৈছিল যে ইমান কোটি টকাৰ এম অ' ইউ স্বাক্ষৰ হৈছে, ইমান বিনিয়োগ হ'ব, এতিয়া অসমৰ ৰাইজে জানিব বিচৰে যে তেখেতসকলৰ টকা খৰচ কৰি বিগত দুটা এডভাণ্টেজ অসম অনুষ্ঠিত কৰা হৈছিল তাৰ পৰা কিমান বাস্তৱত বিনিয়োগ হৈছে সেই কথা স্পষ্ট কৰিব লাগে । তৃতীয় এডভাণ্টেজ অসমত ডাঙৰ ডাঙৰ পেণ্ডেল হ'ব, হোটেলত থাকিবলৈ দিব কিন্তু বাস্তৱত কোনো ধৰণৰ উদ্যোগ স্থাপন নহ'ব ।"

অসমৰ চৰকাৰৰ ঋণ

গৌৰৱ গগৈয়ে অসম চৰকাৰে লোৱা ঋণ সন্দৰ্ভত কয়,"নতুন বছৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে ঋণ লোৱা ভাল ৷ কিন্তু তেখেতে এইটো কথা নক'লে যে ঋণ পৰিশোধ কোনে কৰিব ? ঋণ পৰিশোধ তেওঁলোকৰ দৰমহাৰ পৰা নে মন্ত্ৰীসকলৰ ঘনিষ্ঠ কোম্পানীৰ লাভৰ পৰা কৰিব ? অসম চৰকাৰে ঋণ ল'লে ঋণ পৰিশোধ কৰিব লাগে অসমৰ জনসাধাৰণে আৰু জনসাধাৰণে এই দিশত সজাগ হোৱা উচিত । মুখ্যমন্ত্ৰীয়ে কৈছিল যে উন্নয়নৰ ক্ষেত্ৰত অসমক ভাৰতবৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত লৈ যাব । যদি ইমান উন্নয়ন হৈছে কোনটো ক্ষেত্ৰত হৈছে এই কথা স্পষ্ট কৰিলে ভাল পাম । আমি জনা মতে এতিয়া মুখ্যমন্ত্ৰীৰ নিজৰ উন্নয়ন বেছি হৈছে । কিছুদিন পূৰ্বে ভাৰতৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকা প্ৰকাশ হৈছিল, তাত অসমৰ মুখ্যমন্ত্ৰীয়ে নৱম স্থান লাভ কৰিছে । কিন্তু উন্নয়নৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আজি অসম সেই ৫ খন ৰাজ্যৰ তালিকাত নাই ৷ কিন্তু যি গতি মুখ্যমন্ত্ৰীয়ে লৈছে সেই গতিত অসম নহয় মুখ্যমন্ত্ৰী নিজে ভাৰতবৰ্ষৰ ৫ জন মুখ্যমন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব ।"

পঞ্চায়ত নিৰ্বাচনত বিলম্ব

আনহাতে পঞ্চায়ত নিৰ্বাচন বিলম্ব হোৱা সন্দৰ্ভত তেওঁ কয়, "কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এক সংবাদমেল আয়োজন কৰিছিল ৷ আমি ভাবিছিলো যে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব ৷ কিন্তু নকৰিলে, ইয়াৰ কাৰণ হৈছে বৰ্তমান ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণ জনসাধাৰণৰ সুবিধাৰ বাবে কৰা হয় ৷ কিন্তু অসমত বিজেপি দলৰ সুবিধাৰ্থে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে । যাৰ বাবে আমাৰ সন্দেহ হৈছে যে বিজেপি দলে সংবিধান শেষ কৰি দলৰ ৰাজত্ব হোৱাটো বিচাৰে আৰু লাহে লাহে পঞ্চায়ত নিৰ্বাচন নাইকীয়া কৰিব বুলি আমাৰ ধাৰণা হৈছে ।"

লগতে পঢ়ক :এজনৰ মৃতদেহ ওলাল; আবদ্ধ কয়লা শ্ৰমিকক উদ্ধাৰৰ বাবে অব্যাহত অভিযান - ASSAM COAL MINE TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.