ETV Bharat / state

শীতৰ কুঁৱলীসনা তিনিটা নিশা মায়াময় কৰিলে এজাক শিশুৱে - CHILDRENS BHAONA COMPETITION

সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাত চেমনীয়া ভাৱৰীয়াই কঁপালে মঞ্চ ।

Bhaona performed in Assam
টিংখাঙৰ শংকৰী কলা কৃষ্টি কেন্দ্ৰ ৰতনপুৰৰ উদ্যোগত শিশু ভাওনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 1:14 PM IST

মৰাণ : মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি হৈছে ভাওনা । ভাওনা সংস্কৃতিয়ে অসমীয়া জাতিক অধিক প্ৰান্তৱন্ত কৰি তুলিছে । মহাপুৰুষ দুজনাৰ এই সোণসেৰীয়া সৃষ্টিক জীয়াই ৰখাৰ লগতে নৱ-প্ৰজন্মক এইবোৰৰ সৈতে চিনাকী কৰি দিয়াৰ প্ৰয়াসেৰে টিংখাঙত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা ।

ভাওনাৰ সাৱলীল অভিনয়েৰে মঞ্চ কঁপালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা একাংশ শিশু ভাৱৰীয়াই । যি সময়ত ভাওনা সংস্কৃতি নতুন প্ৰজন্মৰ বাবে ক্ৰমাৎ অপৰিচিত হৈ পৰিছে তেনে সময়ত শিশু ভাৱৰীয়া সকলৰ ভাওনাই লাভ কৰিলে ৰাইজৰ সঁহাৰি । শীতৰ পৰিৱেশতো প্ৰতিটো নিশাতে টিংখাঙত ভাওনাৰ আমেজ ল'লে হাজাৰ হাজাৰ ৰাইজে ।

টিংখাঙৰ শংকৰী কলা কৃষ্টি কেন্দ্ৰ ৰতনপুৰৰ উদ্যোগত শিশু ভাওনা (ETV Bharat Assam)

নতুন প্ৰজন্মক ভাওনাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ চেষ্টা:

প্ৰচণ্ড শীতকো নেওচি ওলাই আহিল শিশু, ককা-আইতা সকলো । আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ লগতে নতুন প্ৰজন্মক ভাওনাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্য লৈ টিংখাঙৰ ৰতনপুৰত অনুষ্ঠিত কৰা হয় এই শিশু ভাওনা প্ৰতিযোগিতাখনি । টিংখাঙৰ শংকৰী কলা কৃষ্টি কেন্দ্ৰ ৰতনপুৰৰ উদ্যোগত তথা টিংখাংবাসী ৰাইজ আৰু স্থানীয় দল-সংগঠনৰ সহযোগত যোৱা ৩ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই শিশু ভাওনা প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ৮ টা দলে অংশগ্ৰহণ কৰে । মণিকাঞ্চন সমন্বয় ক্ষেত্ৰ, ৰতনপুৰত অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি প্ৰতিটো শিশু ভাওনাৰ দলে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ।

শ্ৰেষ্ঠ আলোক সমন্বয় নাট্য গোষ্ঠী :

মঙলবাৰে পুৱাই ফলাফল ঘোষণা কৰিলে বিচাৰকসকলে । দুলীয়াজানৰ আলোক সমন্বয় নাট্য গোষ্ঠীয়ে লাভ কৰিলে প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান । টীয়ক মনিকূট নাট্য গোষ্ঠীয়ে লাভ কৰিলে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু যোৰহাটৰ বৰ্ণিল নাট্য গোষ্ঠীয়ে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । লগতে বিচাৰকে আন কেইবাটাও শিতানত প্ৰদান কৰিছে পুৰস্কাৰ ।

নতুন প্ৰজন্মক লৈ এই ধাৰা অব্যাহত ৰাখিব :

উদ্যোগতাসকলে কয়," নতুন প্ৰজন্ম যাতে বিপথে পৰিচালিত নহয়,আধ্যাত্মিকতা আৰু গুৰু সংস্কৃতিৰ লগত যাতে সদায় জড়িত হৈ থাকে তাৰ লক্ষ্যৰে এই অনুষ্ঠান অনু্ষ্ঠিত কৰা হৈছে । প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰি কিছু সফল হৈছো । এই প্ৰচেষ্টা অব্যাহত থাকিব ।"

লগতে পঢ়ক:শিশু-চেমনীয়াৰ দ্বাৰা অশ্বকৰ্ণ জংঘাসুৰ বধ প্ৰদৰ্শন - CHILDREN BHAONA

মহিলা কংস-মহিলা কৃষ্ণক চাব খোজে নেকি ? - GOLAGHAT BHAONA PRACTICE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.