গুৱাহাটী: অসম সন্তান দেৱজিৎ লন শইকীয়া ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ (বি চি চি আই) সচিব পদত অধিষ্ঠিত হোৱাটো নিশ্চিত । কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে । বি চি চি আইৰ সচিব পদ গ্রহণ কৰিবলগীয়া দেৱজিৎ লন শইকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি হ'ব । শনিবাৰে বি চি চি আইৰ সচিব পদৰ লগতে কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন আছিল । সচিব পদত মনোনয়ন-পত্ৰ দাখিল কৰা দেৱজিৎ লন শইকীয়া একমাত্র প্রার্থী ।
আনহাতে কোষাধ্যক্ষ পদত কেৱল প্রভতেজ ভাটিয়াইহে মনোনয়ন-পত্ৰ দাখিল কৰিছে । উল্লেখ্য যে, জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদ গ্রহণ কৰাৰ পাছত বি চি চি আইৰ সচিব পদটো খালী হৈ আছিল । যাৰবাবে বি চি চি আইৰ সভাপতি ৰ'জাৰ বিন্নীয়ে দেৱজিৎ লন শইকীয়াক বি চি চি আইৰ অন্তৱৰ্তী সচিবৰূপে নিযুক্ত কৰিছিল । ১২ জানুৱাৰীত বি চি চি আইৰ বিশেষ সাধাৰণ বৈঠক অনুষ্ঠিত হ'ব । সেই বৈঠকতে বি চি চি আইৰ সচিব হিচাপে দেৱজিৎ লন শইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব । বিনা প্ৰতিদ্বন্দ্বিতাৰে সচিব নিযুক্ত হ’ব শইকীয়া ৷
উল্লেখ্য যে বি চি চি আইৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ বি চি চি আইৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল । জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব ১ ডিচেম্বৰত গ্ৰহণ কৰাৰ পাছত তেওঁ পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী হৈছিল । সেয়েহে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰিছিল ।
প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়াক ইতিমধ্যে আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে । এনে দায়িত্ব পোৱা তেওঁ হৈছে প্ৰথম অসমীয়া । এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা দেৱজিৎ লন শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেট উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল । প্রাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ লন শইকীয়া গুৱাহাটী ক্রীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত আছে ।
লগতে পঢ়ক: দেৱজিৎ লন শইকীয়াৰ কান্ধত গুৰু দায়িত্ব...