ETV Bharat / bharat

'26 ৰ ভিতৰত উৎখাত হ'ব নক্সালবাদী: ই টিভি ভাৰতক ক'লে ৰাজ্যপাল ৰমেন ডেকাই - GOVERNOR RAMEN DEKA

ছত্তীশগড়ত আৰু কিমান চলিব নক্সালবাদীৰ আক্ৰমণ ? ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰে হোৱা ই টিভি ভাৰতৰ গৌতম বৰুৱাৰ এক বাৰ্তালাপ ৷

Governor Ramen Deka
'26 ৰ ভিতৰত উৎখাত হ'ব নক্সালবাদী: ই টিভি ভাৰতক ক'লে ৰাজ্যপাল ৰমেন ডেকাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 11:24 AM IST

হায়দৰাবাদ: ছত্তীশগড়ৰ পৰা 2026 চনৰ ভিতৰত সমুলঞ্চে উৎখাত কৰা হ'ব নক্সালবাদীক ৷ এই মন্তব্য ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ ৷ সোমবাৰে ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত আঠজনকৈ চি আৰ পি এফ জোৱান শ্বহীদ হোৱাৰ পিছত মঙলবাৰে পুৱা ই টিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত এইদৰে কয় নক্সাল অধ্যুষিত ৰাজ্যখনৰ ৰাজ্যপালগৰাকীয়ে ৷

তেওঁ কয়- " এয়া কাপুৰুষালিৰ বাহিৰে আন একো নহয় ৷ ভাৰতে সন্ত্ৰাসবাদক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই আৰু নিদিয়েও ৷ ছত্তীশগড়তো নাথাকিব নক্সালৰ সন্ত্ৰাস ৷ 2026 চনৰ ভিতৰত নক্সালবাদীক সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এইক্ষেত্ৰত ছত্তীশগড় চৰকাৰো কেতিয়াও পিছ পৰি নাখাকে ৷"

উল্লেখ্য যে কালি অৰ্থাৎ সোমবাৰে ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীয়ে ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত চলোৱা আক্ৰমণটো আছিল চলিত বছৰটোত ৰাজ্যখনত নক্সালবাদীয়ে চলোৱা তৃতীয়টো আক্ৰমণ ৷ নতুন বছৰটোৰ আৰম্ভনীৰ প্ৰথমটো সপ্তাহৰ ভিতৰতে নক্সালবাদীয়ে এনেকৈ তিনিটাকৈ ভয়ংকৰ আক্ৰমণ চলোৱাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ৷ এনে কাৰ্য চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান নহয়নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যপাল ডেকাই কয়- "কালিৰ দিনটোত উগ্ৰপন্থীয়ে যি কাম কৰিলে সেয়া এক জঘন্য অপৰাধ ৷

বহুত হ'ল, এনেবোৰ কামকাজ আৰু কোনো কাৰণতে সহ্য কৰি থকা নহ'ব ৷ শ্বহীদসকলৰ আত্মাৰ সদগতিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আহতসকলৰো শীঘ্ৰে আৰোগ্য কামনা কৰিছো ৷" মন কৰিবলগীয়া যে চলিত বছৰটোৰ 3 জানুৱাৰীত ছত্তীশগড়ত নক্সালবাদীয়ে প্ৰথমটো আক্ৰমণ সংঘটিত কৰিছিল ৷ ইয়াৰ এদিনৰ পিছতে অৰ্থাৎ 4 জানুৱাৰীত সংঘটিত কৰিছিল দ্বিতীয়টো আক্ৰমণ আৰু সোমবাৰে বছৰটোৰ তৃতীয়টো আক্ৰমণ চলাই নক্সালবাদীয়ে ৷

লগতে পঢ়ক: শ্বহীদ ৮ চিআৰপিএফ জোৱান; ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ প্ৰাণঘাতী আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.