ETV Bharat / state

পদূলিত ভোগালী: কুমাৰৰ চাক ঘূৰিছে দিনে-ৰাতিয়ে - POTTERY ARTISTS OF ASSAM

ভোগালীক লৈ ব্যস্ত বাইহাটাৰ একাংশ মৃৎশিল্পী । পাতচৰু, টেকেলি, গাখীৰৰ চৰু আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰীৰ বাবে সাজু কুমাৰসকল ৷

Assam Pottery Artists are busy making handicrafts goods
ভোগালীক লৈ ব্যস্ত বাইহাটাৰ একাংশ মৃৎশিল্পী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 12:36 PM IST

বাইহাটা : ব্যস্ততাৰ অন্ত নাই ৷ কাৰণ সমাগত ভোগালী বিহু । আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আসমীয়াই আদৰিব ভোগৰ উৎসৱ ভোগালীক । কোনো যদি মেজি, ভেলাঘৰ সজাত ব্যস্ত, আন কোনো আকৌ ব্যস্ত মাটিৰ বাচত প্ৰস্তুত কৰাত । ইফালে আকৌ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পিঠা-পনা বনোৱাত ব্যস্ত জীয়াৰী-বোৱাৰীসকল । মুঠতে সীমাহীন ব্যস্ততা প্ৰতিগৰাকী কৃষিজীৱি অসমীয়াৰ গৃহত ।

ইয়াৰ সমান্তৰালকৈ বাইহাটাৰ কমলপুৰৰ মৃৎশিল্পীসকলো ব্যস্ত হৈ পৰিছে ভোগালীত ব্যৱহাৰ হ’ব লগা মাটিৰ বাচন বৰ্তন বনোৱাত । টেকেলি, পাতচৰু, কলহ আদিকে ধৰি বিভিন্ন মাটিৰ সামগ্ৰী বনোৱাত ব্যস্ত হৈ পৰিছে এই মৃৎশিল্পীসকল । কাৰণ মাটিৰ বাচনত থোৱা গাখীৰ, দৈ, মাখন আদিৰ সোৱাদেই কিছু সুকীয়া ৷

ভোগালীক লৈ ব্যস্ত বাইহাটাৰ একাংশ মৃৎশিল্পী (ETV Bharat Assam)

কমলপুৰ সমষ্টিৰ অন্তৰ্গত হাঠীয়ানা গাঁৱৰ হীৰা সম্প্ৰদায়ৰ লোকসকলে অতীজৰ পৰা নিৰ্মাণ কৰি আহিছে মাটিৰ বাচন । পুৰুষানুক্ৰমে এই হাঠীয়ানা গাঁৱৰ মৃৎশিল্পীসকলে বিহুৰ বাবে মাটিৰ বাচন-বৰ্তন বনোৱাৰ কাম কৰি আহিছে । কিন্তু এই হীৰা সম্প্ৰদায়ৰ লোকসকল আজিও বঞ্চিত চৰকাৰী আঁচনিৰ পৰা । অনুসূচিত জাতিৰ লোক হৈয়ো আজিলৈকে তেওঁলোকে পোৱা নাই চৰকাৰী কোনো সুবিধা । সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে গাঁৱৰ একাংশ মৃৎশিল্পীয়ে ৷

পুৰণিকলীয়া পদ্ধতিৰে তেওঁলোকে তৈয়াৰ কৰি আহিছে মাটিৰ বাচন-বৰ্তন । এই মৃৎশিল্পীসকলে বছৰ বছৰ ধৰি এনেদৰেই মাটিৰ বাচন বনাই আহিছে যদিও আজিলৈকে পোৱা নাই এই সামগ্ৰীসমূহ বিক্ৰী বাবে এখন উপযুক্ত বজাৰ ৷

এগৰাকী মৃৎশিল্পীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘বিহু বুলি প্ৰতিবাৰৰ দৰে এইবাৰো পাতচৰু, টেকেলি, গাখীৰৰ চৰু আদি বনাইছো ৷ আমি কাতি মাহৰ পৰাই এই মাটিৰ বাচনবোৰ বনাই আছো ৷ এইবোৰ বিক্ৰী কৰিয়েই পৰিয়ালটো চলি আছো ৷ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ একোৱে সুবিধা পোৱা নাই ৷’’

লগতে পঢ়ক : কিচিম কিচিম ভাৱনাই ঐ... ! আহক, মাঘৰ হেৰাই যাব খোজা এক পৰম্পৰা চাওঁ

লগতে পঢ়ক : গ্ৰিটিংছ কাৰ্ড: সময় আৰু সোঁৱৰণীৰ গৰ্ভত লীন যোৱা এক নষ্টালজিক গাথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.