নতুন দিল্লী : অপেক্ষা আৰু কিছু সময় ৷ আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব ২০২৫ ৰ দিল্লী বিধানসভা নিৰ্বাচনৰ সময়সূচী ৷ ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিবলৈ মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে দুখনকৈ সংবাদমেল অনুষ্ঠিত কৰিব । এই সংবাদমেলখন বিজ্ঞান ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব । ২৩ ফেব্ৰুৱাৰীত ৭০ জনীয়া সদস্যৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল সমাপ্ত হ’ব ।
উল্লেখ্য যে, পৰম্পৰাগতভাৱে দিল্লীত বিধানসভা নিৰ্বাচন একক পৰ্যায়ত অনুষ্ঠিত হৈ আহিছে । ২০২০ৰ বিধানসভা নিৰ্বাচনত আপে ৭০খন আসনৰ ভিতৰত ৬২খন আৰু বিজেপিয়ে ৮খন আসন লাভ কৰিছিল ।
#DelhiElection2025 | Election Commission of India to announce the schedule for the General Election to the Delhi Legislative Assembly today at 2 pm. pic.twitter.com/PZ2fTBcMpt
— ANI (@ANI) January 7, 2025
ইয়াৰ পূৰ্বে সোমবাৰে নিৰ্বাচন আয়োগে দিল্লীৰ বাবে নতুন সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰে । শেহতীয়া তথ্য অনুসৰি যোৱা দুমাহত দিল্লীৰ ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । ২০২৪ চনৰ অক্টোবৰ মাহত মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৫৩,৫৭,৫২৯ গৰাকী । কিন্তু পুনৰীক্ষণৰ অন্তত এই সংখ্যা ১,৫৫,২৪,৮৫৮ লৈ বৃদ্ধি পাইছে, য’ত ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ১,৬৭,৩২৯ গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে । ইতিমধ্যে নিৰ্বাচন আয়োগে নতুন ভোটাদাতাৰ ক্ষেত্ৰত ভুৱা পৰিচয় পত্ৰ দাখিল নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে ।
লাভ কৰা তথ্য মতে, আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দাবী কৰিছিল যে নতুন দিল্লীৰ বিধানসভাৰ আসনৰ বাবে ভোটাৰ সংযোজন আৰু অপসাৰণৰ ক্ষেত্ৰত "বৃহৎ পৰিসৰত" জালিয়াতি আৰু অনিয়ম সংঘটিত হৈছে । Xৰ এটা পোষ্টত কেজৰিৱালে মুখ্যমন্ত্ৰী আতিশীক দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰৰ উদ্ধৃতি দিছিল । দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে CEC (Chief Election Commissioner of India) লৈ পত্ৰ লিখি প্ৰমাণ দাখিল কৰাৰ লগতে সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে ৷
মুখ্যমন্ত্ৰী আতিশীয়ে তেওঁৰ পত্ৰত লিখে, ‘‘যোৱা কেইদিনমানত নতুন দিল্লী বিধানসভা সমষ্টিত ভোটাৰ সংযোজন আৰু অপসাৰণৰ বাবে আবেদন যথেষ্ট বৃদ্ধি পোৱাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পত্ৰ লিখিছো । ২০২৪ চনৰ ২৯ অক্টোবৰৰ পৰা ২০২৫ চনৰ ২ জানুৱাৰীলৈকে মুঠ ১৩,২৭৬ খন ফৰ্ম-৬ লাভ কৰা হৈছে আৰু ২৯ অক্টোবৰৰ পৰা ২ জানুৱাৰীলৈ ৬,১৬৬ খন ফৰ্ম-৭ লাভ কৰা হৈছিল । ২০২৪ চনৰ ২৯ অক্টোবৰত সৰু সৰু সংশোধনৰ পিছত প্ৰকাশিত ভোটাৰ তালিকাৰ খচৰা অনুসৰি মুঠ ভোটৰ সংখ্যা ১,০৬,৮৭৩ টা । আঁতৰাবলগীয়া ভোটৰ সংখ্যা হ’ল ৬১৬৬ টা, যিটো মুঠ ভোটৰ ৫.৭৭ শতাংশ ।’’
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পত্ৰত কয় যে বিভিন্ন নিয়ম অনুসৰি যদি নাইকীয়া কৰিব বিচৰাৰ সংখ্যা মুঠ ভোটৰ ২ শতাংশতকৈ অধিক হয় তেন্তে নিৰ্বাচন পঞ্জীয়ন বিষয়াই (ই আৰ অ’) প্ৰতিটো বিলোপনৰ অনুৰোধ পৃথকে পৃথকে পৰীক্ষা কৰিব । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে আম আদমি পাৰ্টীৰ নেতা ৰাঘৱ চড্ডা আৰু সঞ্জয় সিঙক নিৰ্বাচনী বিষয়াক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
লগতে পঢ়ক : দিল্লী বিধানসভা নিৰ্বাচন: বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ লগতে পঢ়ক : আপৰ ৩৮ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ |