অসম

assam

ETV Bharat / sports

761 ৰাণৰ প্ৰত্যুত্তৰত 7 ৰাণত অল আউট; ভাৰততে অনুষ্ঠিত হৈছিল এইখন খেল - 7 ALL OUT IN RESPONSE TO 761 RUNS

ভাৰতৰ এখন আগশাৰীৰ চহৰত অনুষ্ঠিত হোৱা এখন ক্ৰিকেট মেচ ৷ য’ত 761 ৰাণৰ লক্ষ্য় অতিক্ৰম কৰিবলৈ গৈ 7 ৰাণতে আউট হৈছিল দলটোৰ আটাইকেইগৰাকী বেটছমেন ৷

7 All Out In Response To 761 Runs
প্ৰতিনিধিত্বমূলক ফটো (Getty Images)

By ETV Bharat Sports Team

Published : Dec 4, 2024, 11:00 AM IST

স্প’ৰ্টছ ডেস্ক: সন্মানীয় হেৰিছ শ্বিল্ড টুৰ্ণামেণ্ট হৈছে মুম্বাইৰ এখন বিদ্যালয়ৰ ক্ৰিকেট প্ৰতিযোগিতা ৷ বেটছমেন আৰু বলাৰসকলৰ বিকাশত সহায় কৰিবলৈ খেলুৱৈসকলৰ বাবে এয়া এক উপযুক্ত মঞ্চ ।

এই প্ৰতিযোগিতাত প্ৰায়ে খেলুৱৈসকলে বৃহৎ স্ক’ৰ সংগ্ৰহ কৰি বেটছমেনসকলে নিজৰ বেটিং দক্ষতা প্ৰমাণ কৰে ।

শচীন তেণ্ডুলকাৰ, ৰোহিত শৰ্মা, চৰফৰাজ খান আৰু পৃথ্বী শ্ব’ৰ দৰে একাংশ তাৰকা খেলুৱৈয়ে পূৰ্বে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷ সমান্তৰালকৈ এনে বেটছমেনসকলে বৃহৎ ইনিংছ খেলি স্কুল ক্ৰিকেটত সুনাম গঢ়িছে ।

অৱশ্যে কোনো কোনো সময়ত বেটছমেনসকল বেয়াকৈ বিফল হোৱাও দেখা যায় আৰু তেওঁলোকৰ নাম লিপিবদ্ধ কৰা হয় ক্ৰিকেটৰ ইতিহাসৰ পাতত । মুম্বাইত এনে এক ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল য’ত এটা দলে 761 ৰাণ সংগ্ৰহ কৰাৰ প্ৰত্যুত্তৰত আনটো দলে মাত্ৰ 7 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাইছিল আটাইকেইটা উইকেট ৷

761 ৰাণৰ প্ৰত্যুত্তৰত 7 ৰাণত অল আউট

2019 চনত আন্ধেৰীৰ চিল্ড্ৰেন ৱেলফেয়াৰ স্কুল আৰু স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল স্কুলৰ মাজত অনুষ্ঠিত এখন খেলত এক অদ্ভুত ঘটনা সংঘটিত হয় ৷ বিবেকানন্দ স্কুলে আজাদ ময়দানৰ নিউ এৰা গ্ৰাউণ্ডত প্ৰথমে বেটিং কৰি 39 অভাৰত সংগ্ৰহ কৰিছিল 761 ৰাণ ৷ এই মেচখনত দলটোৰ মিট মায়েকাৰে 338 ৰাণ সংগ্ৰহ কৰে ৷

মুঠ দলীয় স্ক’ৰৰ লগতে 156 ৰাণ জৰিমনা হিচাপে অতিৰিক্তকৈ লাভ কৰিছিল দলটোৱে ৷ কিয়নো চিল্ড্ৰেনছ ৱেলফেয়াৰ স্কুলৰ বলাৰসকলে তিনি ঘণ্টাত নিৰ্ধাৰিত 45 অভাৰ বল কৰাত ব্যৰ্থ হোৱা দেখা গৈছিল । দলটোৰ হৈ কৃষ্ণা পাৰ্টে 95 ৰাণ আৰু ঈশান ৰয়ে 67 ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, দ্বিতীয় ইনিংছত চিল্ড্ৰেন ৱেলফেয়াৰ স্কুলে মাত্ৰ সাত ৰাণতে তেওঁলোকৰ ইনিংছ সামৰে ৷ আশ্চৰ্যজনকভাৱে মেচখনত কোনো এগৰাকী বেটছমেনে ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে আৰু সংগ্ৰহিত 7 ৰাণেই অতিৰিক্তভাৱে দলটোৱে লাভ কৰে ৷

এই খেলখনত আলোক পালে 6 টা উইকেট, ৱাৰোদ ৱাজে 2 টা উইকেট দখল কৰাৰ বিপৰীতে দুগৰাকীকৈ বেটছমেন ৰাণ আউট হৈছিল ৷

লগতে পঢ়ক:ক্ৰীড়াত পুৰস্কাৰ হিচাপে প্ৰদান কৰা বিশ্বৰ সৰ্বাধিক ব্যয়বহুল ট্ৰফীসমূহ...

ABOUT THE AUTHOR

...view details