নেশ্যনেল ডেস্ক,২৭ মে':অহা ১ জুনত দেশত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচন হ'বলগীয়া সমষ্টিবোৰত নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । তাৰ মাজতে বিহাৰত চাঞ্চল্যকৰ ঘটনা । ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । বিহাৰৰ পাটলিপুত্ৰত ৰাহুল গান্ধীৰ ৰেলীৰ সময়তে হঠাতে খহি পৰে মঞ্চ । সেই সময়ত মঞ্চখনত আন আন নেতাৰ সৈতে উপস্থিত আছিল ৰাহুল গান্ধী ।
মঞ্চখন খহি পৰাৰ লগে লগে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ইণ্ডিয়া ব্লকৰ অংশীদাৰ আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতী ৰাহুল গান্ধীৰ সৈতে মঞ্চত উপস্থিত আছিল । তেওঁৰ সৈতে আন নেতা আৰু ৰাহুল গান্ধীৰ নিৰাপত্তাত নিয়োজিত দেহৰক্ষীসকলো আছিল ।
মঞ্চ খহি পৰা এটা ভিডিঅ' সম্প্ৰতি পোহৰলৈ আহিছে । ৰাহুল গান্ধীকে ধৰি একাংশ নেতা মঞ্চৰ সন্মুখলৈ অহাৰ লগে লগে হঠাতে মঞ্চখন খহি পৰিছিল । এই সময়ছোৱাত দেহৰক্ষীসকলে ৰাহুল গান্ধীক মঞ্চৰ পৰা নামি যাবলৈ আহ্বান জনাইছিল ৷ কিন্তু তেওঁ অস্বীকাৰ কৰিছিল আৰু মঞ্চৰ পৰা সভালৈ অহা লোকসকলক অভিবাদন জনাইছিল ।