গুৱাহাটী, ২৯ মাৰ্চ :লোকসভা নিৰ্বাচনৰ ৰণশিঙা বাজিছে অসমৰ চাৰিওদিশে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৫ টা সমষ্টিত প্ৰচাৰৰ লহৰ উঠিছে ৷ কিন্তু তাৰ মাজতো গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী যু্ঁজখন আকৰ্ষণীয় হৈ পৰিছে ৷
মনোনয়ন পত্ৰ দাখিল পৰ্ব আৰম্ভ হোৱা নাই যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজতেই যে মূল ভোটযুদ্ধখন যে হ’ব সেয়া প্ৰায় নিশ্চিত হৈছে । দুয়োটা দলেই গুৱাহাটী সমষ্টিত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে মহিলা প্ৰাৰ্থী ৷ সৰৱ আৰু বাকপটু ৰাজনীতিকৰূপে পৰিচিত মীৰা বৰঠাকুৰক কংগ্ৰেছ দলে সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে । আনহাতে বিজেপিয়েও প্ৰক্ষেপ কৰিছে দলটোৰ এগৰাকী অভিজ্ঞ মহিলা ৰাজনীতিক হিচাবে পৰিচিত বিজুলী কলিতা মেধিক ।
প্ৰচাৰৰ ক্ষেত্ৰত বিজুলী কলিতা মেধিক কিদৰে প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰে ? কি কি বিষয়ক মূল ইছ্যু হিচাবে লৈ নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ? গুৱাহাটীৰ মূল সমস্যা কি কি বুলি ভাৱে মীৰা বৰঠাকুৰে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কিয় কংগ্ৰেছে প্ৰাৰ্থীগৰাকীৰ ? বিজেপিৰ নীতিৰ সমালোচনাত মুখৰ নেত্ৰীগৰাকীয়ে কিদৰে চলাইছে নিজৰ নিাৰ্বচনী প্ৰচাৰ ?