নগাঁও/ গুৱাহাটী : পাৰ্বত্য জিলা ডিমা হাচাওৰ উমৰাংছ'ৰ কয়লাখনিত আবদ্ধ কেইবাজনো শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব নোৱৰা ঘটনাই কেৱল ৰাজ্যখনতেই নহয়, সমগ্ৰ দেশতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ঘটনাৰ ষষ্ঠ দিনত ভৰি দিয়াৰ পাছতো কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা নাই যদিও প্ৰশাসনে উদ্ধাৰ অভিযান অব্যহাত ৰাখিছে ।
অৱশ্যে উদ্ধাৰ অভিযানৰ আৰম্ভণিতে বহিঃৰাষ্ট্ৰৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে । কিন্তু উদ্ধাৰ অভিযানত এন ডি আৰ এফ, ডুবাৰুৰ দল ব্যৱহাৰ কৰাৰ উপৰি অত্যাধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰিও যেন লাভ কৰিব পৰা নাই সফলতা । অসমৰ লগতে বহিঃৰাজ্যৰ বহু শ্ৰমিক এই পৰ্যন্ত আবদ্ধ হৈ আছে উমৰাংছ'ৰ অভিশপ্ত কয়লাখনিটোত ।
চৰকাৰী তথ্য অনুসৰি, মুঠ ৯ জনকৈ শ্ৰমিক দ খাদটোত আবদ্ধ হৈ পৰিছিল যদিও ইয়াৰে এজনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে ।
- পি এ চি কমিটীৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া
"ডিমা হাচাও জিলাৰ অবৈধ খয়লা খননত ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ প্ৰত্যক্ষভাৱে জড়িত আছে । পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইৰ পৃষ্ঠপোষকতাত চলি আছিল অবৈধ কয়লাৰ খনন ।" এই মন্তব্য অসম বিধানসভাৰ হিচাপ পৰীক্ষণ কমিটীৰ অধ্যক্ষ তথা ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ ।
শুকুৰবাৰে নগাঁৱত ইটিভি ভাৰতৰ সন্মুখত উমৰাংছ'ৰ শোকাৱহ ঘটনাক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে পি এ চি কমিটীৰ অধ্যক্ষ তথা বিধায়ক নুৰুল হুদাই । পাৰ্বত্য জিলাখনত অসমৰ লগতে বহিঃৰাজ্যৰ বহু শ্ৰমিকক অধিক মজুৰি প্ৰদানৰ প্ৰলোভনেৰে জীৱনৰ কোনো নিৰাপত্তা অবিহনেই অবৈধ কয়লা খননত ব্যৱহাৰ কৰি স্বায়ত্ত পৰিষদে মৃত্যুযজ্ঞ পতা বুলিও বিস্ফোৰক মন্তব্য কৰে নুৰুন হুদাই ।
শোকাৱহ ঘটনাটোত ভুক্তভোগী শ্ৰমিকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী উত্থাপন কৰি পি এ চি কমিটীৰ অধ্যক্ষ নুৰুল হুদাৰ মন্তব্য, "ন্যায়ালয়ৰ বাধা সত্ত্বেও উমৰাংছ'ত অবৈধভাৱে কয়লা খনন কৰি অপৰাধ সংঘটিত কৰাসকলে বিভিন্ন প্ৰান্তৰ শ্ৰমিকক অধিক মজুৰিৰ প্ৰলোভনেৰে আত্মৰক্ষাৰ কোনো সা-সৰঞ্জাম অবিহনেই কয়লা খনন কাৰ্যত ব্যৱহাৰ কৰি জঘন্য অপৰাধ সংঘটিত কৰিছে ।"
আনহাতে, ডিমা হাচাও স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱাই পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ লগতে পত্নীকো গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে পি এ চি কমিটীৰ অধ্যক্ষ নুৰুল হুদাই । লগতে উমৰাংছ'ৰ কয়লাখনিত মুঠ ৯ জনকৈ শ্ৰমিক আবদ্ধ হৈ থকা বুলি চৰকাৰী তথ্যত প্ৰকাশ কৰা হৈছে যদিও কয়লাখনিটোত ১৫-১৬ জনকৈ শ্ৰমিক আবদ্ধ হৈ থকা বুলিও দাবী কৰে বিধায়ক তথা পি এ চি কমিটীৰ অধ্যক্ষ নুৰুল হুদাই ।
- কংগ্ৰেছৰ প্ৰতিবাদ
উমৰাংছ'ৰ কয়লাখনিত শৰ্মিক আবদ্ধ হৈ পৰা ঘটনাৰ পাছতেই ডিমা হাচাও জিলাৰ লগতে অন্যান্য প্ৰান্ততো অবৈধ কয়লা খনন কাৰ্যৰ জৰিয়তে ৰাজ্যত বৃহৎ ছিণ্ডিকেট গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ লগতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰায়ো অংশগ্ৰহণ কৰে ।
- য'তেই হিমন্ত তাতেই ছিণ্ডিকেট : হিমন্ত বিশ্ব হায়-হায়, দেৱলাল-হিমন্ত হায়-হায় শ্ল'গানেৰে উত্তাল গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স
"কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ?" এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাজ্যজুৰি সত্যৰ সন্ধানত নামিছে প্ৰদেশ কংগ্ৰেছ । উমৰাংছ’ৰ কয়লাখনিত সংঘটিত ঘটনাক লৈ ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছে ‘সত্যৰ সন্ধান’ত শীৰ্ষক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যৰ প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
গুৱাহাটী মহানগৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভূপেন বৰাই কয়লা ছিণ্ডিকেটৰ প্ৰসংগক লৈ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ শ্ল'গান দি কয়- "য'তেই হিমন্ত তাতেই ছিণ্ডিকেট । হিমন্ত বিশ্ব হায়-হায় । দেৱলাল-হিমন্ত হায়-হায় ।"
আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কবিতাৰ উধৃতি দি তেওঁ কয়, "ধনবল আৰু বাহুবলেৰে বলিয়ান হৈ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ চকুপানীক যিদৰে ভৰিৰে মোহাৰিবলৈ কুণ্ঠাবোধ কৰা নাই, ঠিক সেইদৰে জাতিৰ চকুপানীৰ ফলত দিছপুৰৰ পৰা বিজেপি চৰকাৰ ২০২৬ চনৰ ১০ মে'ৰ পাছত কংগ্ৰেছ দলৰ নেতৃত্বত ৰাইজে ব্ৰহ্মপুত্রৰ পানীত উটুৱাই দিব । সেই সংকল্প অসমৰ কংগ্ৰেছ কৰ্মী আৰু ৰাইজে ইতিমধ্যে লৈছে । এটা পৰিয়ালে হোটেলৰ পাছত হোটেল কিনিছে, বাগানৰ পাছত বাগান কিনিছে, স্কুলৰ পাছত স্কুল বনাইছে । এটাৰ পাছত আনটোকৈ টিভি চেনেল খুলিছে ।’’
বৰাই আৰু কয়, ‘‘আজি অসমৰ মানুহে সত্যৰ সন্ধান আৰম্ভ কৰিছে । কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন, অসমৰ আটাইতকৈ বেছি উপাৰ্জন কাৰ ভাল হৈছে, দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্রী হ'বলৈ কোন ওলাইছে । এই সত্যৰ সন্ধান আজিৰ পৰা কংগ্ৰেছ দলৰ নেতৃত্বত অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে আৰম্ভ হৈছে ।"
উল্লেখ্য যে, অসম প্ৰদেশ মহিলা কংগ্ৰেছ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহঃ তত্ত্বাৱধায়ক মনোজ চৌহানৰ উপস্থিতিত অবৈধ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে গুৱাহাটীৰ ক'ল ইণ্ডিয়াৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ।