ETV Bharat / politics

প্ৰশান্ত কিশোৰক জামিন প্ৰদান পাটনা আদালতৰ, পুনৰ অনশন ঘোষণা - PRASHANT KISHOR GETS BAIL

জন সূৰয দলৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰক জামিন প্ৰদান । আৰক্ষীয়ে তেওঁক বেউৰ কাৰাগাৰলৈ নিছিল, কিন্তু তেওঁক চৰ্তসাপেক্ষ জামিন প্ৰদান কৰা হৈছিল ।

Prashant Kishor gets bail
প্ৰশান্ত কিশোৰক জামিন প্ৰদান পাটনা আদালতৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 10:59 PM IST

পাটনা : বিহাৰ লোকসেৱা আয়োগৰ ৭০ সংখ্যক যুটীয়া প্ৰৱেশ প্ৰতিযোগিতামূলক পৰীক্ষা বাতিলৰ দাবীত অনশনত থকা প্ৰশান্ত কিশোৰক সোমবাৰে পুৱতি নিশা গান্ধী ময়দানৰ পৰা আৰক্ষীয়ে উঠাই লৈ লৈছিল । তাৰ পৰা আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰায় । অৱশ্যে আদালতে তেওঁক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰে । কিন্তু এই জামিন গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁ কাৰাগাৰলৈ যোৱাৰ সিদ্ধান্ত লয় । অৱশ্যে পিছত তেওঁক চৰ্তহীন জামিন প্ৰদান কৰা হয় । এই সন্দৰ্ভত তেওঁ এক সংবাদমেল অনুষ্ঠিত কৰি কয়, "এই আন্দোলন গান্ধী ময়দানৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াতে সমাপ্ত হ'ব ।"

প্ৰশান্ত কিশোৰৰ জামিন লাভ

সংবাদমেলত প্ৰশান্ত কিশোৰে আৰম্ভণিতে কয়, "কোনো শক্তিয়ে জনশক্তিৰ সন্মুখত টিকি থাকিব নোৱাৰে ।" তেওঁ নিজৰ গ্ৰেপ্তাৰ আৰু আদালতৰ পৰা জামিন পোৱাৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিতংভাৱে কয় । "এইটো আশ্চৰ্যজনক যে যি প্ৰশান্ত কিশোৰক আৰক্ষীয়ে আটক কৰিলে, পিছত চৰ্তসাপেক্ষ জামিন প্ৰদানৰ পিছত জে'ললৈ প্ৰেৰণৰ ৰায় দিলে আৰু মোক বেউৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিলে, কিন্তু কাৰাগাৰত মোৰ বাবে কোনো নথি-পত্ৰ নাছিল ।" তেওঁ কয় । তেওঁ লগতে কয়, "সেই একেই আদালততে বিষয়টো বিবেচনা কৰা হয় আৰু মোক চৰ্তহীন জামিন দিয়ে ।"

প্ৰশান্ত কিশোৰক জামিন প্ৰদান পাটনা আদালতৰ (ETV Bharat)

প্ৰশান্ত কিশোৰে লগতে কয়, "শ শ আৰক্ষী আৰু এইমছৰ বহুতো চিকিৎসক ইতিমধ্যে জন সূৰযৰ ওচৰত আছে ।" তেওঁ অভিযোগ কৰে যে আৰক্ষীৰ ওচৰত তেওঁৰ বিৰুদ্ধে কোনো নথি-পত্ৰ নাই, যাৰ বাবে তেওঁক পাঁচ ঘণ্টাৰ বাবে ঘূৰাই ফুৰোৱা হৈছিল । "যেতিয়া এইমছত মোৰ স্বাস্থ্যৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হৈছিল, তেতিয়া মোক ফাতুহা কমিউনিটি চেণ্টাৰলৈ লৈ যোৱা হৈছিল, য'ত চিকিৎসকে মোক সমৰ্থন কৰিছিল ।"

আনহাতে, তেওঁ আৰক্ষীৰ ভানত গৈ থকা সময়ত এইটোও কৈছিল যে কেইবাজনো আৰক্ষী তেওঁৰ সৈতে আছে । প্ৰশান্ত কিশোৰে লগতে কয়, "মই আজি গোটেই দিনটো কেৱল পানী খাই আছিলোঁ । মোৰ অনশন অব্যাহত আছিল, অব্যাহত আছে আৰু অব্যাহত থাকিব ।"

লগতে পঢ়ক :বেলি নোলাওতেই ভাৰতৰ ৰাজনীতিৰ 'চাণক্য'ক আটক - POLICE DETAINED PRASHANT KISHOR
লগতে পঢ়ক :শ্বহীদ ৮ চিআৰপিএফ জোৱান; ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ প্ৰাণঘাতী আক্ৰমণ - CHHATTISGARH NAXAL ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.