অসম

assam

ETV Bharat / politics

বিহালীত উগ্ৰপন্থীৰ নৰসংহাৰৰ কাহিনী সজীৱ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছৰ দিনত সমগ্ৰ বিশ্বনাথ জিলা আছিল আটাইতকৈ অশান্তিকৰ জিলা । গোৰ্খা, আদিবাসী, অসমীয়া লোকসকলৰ তেজেৰে কংগ্ৰেছৰ দিনত ফাকুৱা খেলা হৈছিল । বিহালীত মুখ্যমন্ত্ৰী ।

Bihali Bye Election
বিহালীত উগ্ৰপন্থীৰ নৰসংহাৰৰ কাহিনী সজীৱ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 8:10 PM IST

তেজপুৰ : বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৭৭ নং বিহালী বিধানসভা সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে । মহাবীৰ বিদ্যালয়ৰ পৰা জিনজিয়া চেণ্টাৰলৈ নিৰ্বাচনী পদযাত্ৰা কৰি জিনজিয়াত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।

সভাত মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছৰ দিনত উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত বিশ্বনাথ জিলাৰ বিহালী এতিয়া শান্তিপূৰ্ণ সমষ্টি । শ্ৰীমন্ত শংকৰদেৱ আহি সোণালী সময় অতিবাহিত কৰা বিহালীৰ ৰাইজে এতিয়া বিজেপিক মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব পৰিছে ।

বিহালীত উগ্ৰপন্থীৰ নৰসংহাৰৰ কাহিনী সজীৱ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

২০০৯ চনৰ ৪ অক্টোবৰৰ ভীমাজুলিৰ ভয়াৱহ নৰসংহাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "সেই সময়ত ভীমাজুলিত মৃত্যুবৰণ কৰা আদিবাসী, চাহ জনগোষ্ঠী আৰু গোর্খা লোকসকলৰ কাষত কংগ্ৰেছ থিয় হোৱা নাছিল । কিন্তু সেইসকলে এতিয়া তেওঁলোকৰ মাজত আহি নাচি-বাগি ভোট বিচাৰিবলৈ আহিছে ।"

তেওঁ লগতে কয়, "২০১৪ চনৰ ২৩ ডিচেম্বৰত বিশ্বনাথ জিলা আৰু বিহালীত ২৭ জন নিৰীহ লোক আৰু ১৩ টা শিশুৱে উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱাইছিল । তেতিয়া লগে লগেই মই আহি এই লোকসকলৰ মাজত সোমাই পৰিছিলোঁ । সেয়া কংগ্ৰেছৰ দিনত হোৱা নৃশংস উগ্ৰপন্থীৰ কাৰ্যকলাপ আছিল । কিন্তু দেশত আৰু ৰাজ্যত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰে সেই উগ্ৰপন্থীক ঘৰলৈ উভতাই আনিলে ।" লগতে এতিয়া অসমত তেনে কোনো ধৰণৰ উগ্ৰপন্থী সমস্যা নাই বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে ।

ভাষণ প্ৰসংগত তেওঁ পুনৰ কয়, "চাহ শ্ৰমিকৰ মজুৰি কংগ্ৰেছৰ দিনতকৈ উন্নত কৰি এতিয়া ২৫৫ টকা কৰা হ'ল আৰু চাহ শ্ৰমিক আদিবাসী লোকৰ বাবে ৩% চৰকাৰী চাকৰি ৰিজাৰ্ভ কৰা হৈছে । আদিবাসী চাহ শ্ৰমিকৰ লোকসকলৰ চাহ বাগিচাত থকা তেওঁলোকৰ ঘৰক অতি শীঘ্ৰেই মালিকীস্বত্ব প্ৰদান কৰা হ'ব ।

আনহাতে, বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিগন্ত ঘটোৱাৰ সন্দৰ্ভত কয়, "দিগন্ত ঘটোৱাৰ এজন সাধাৰণ ঘৰৰ চাহ বাগিচাৰ যুৱক । ৰাইজক সেৱা কৰিবলৈ আগবাঢ়ি আহিছে । সেইবাবে নিজৰ ঘৰখন সুৰক্ষিত কৰিবলৈ নিজৰ ল'ৰাক বিধায়ক বনোৱাৰ প্ৰয়োজন আছে ।"

প্ৰধানমন্ত্ৰীৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, "দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে'ল ষ্টেচনৰ কাষত চাহ বিক্ৰী কৰিছিল আৰু আজি দেশৰ প্ৰধানমন্ত্ৰী । তেওঁৰ যিদৰে পূৰ্বপুৰুষ কোনো মন্ত্ৰী নাছিল, আমাৰো নাই । সাংসদ ৰঞ্জিত দত্তৰো নাই আৰু দিগন্তৰো নাই । আমি সাধাৰণ ঘৰৰ পৰা ৰাইজৰ সেৱা কৰিবলৈ আহিছো ।"

আনহাতে, বিহালীত উন্নয়নৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীৰ মন্তব্য, " বিহালীত ১০০ কোটি টকা চৰকাৰে মোকলাই দিলে । সমষ্টিৰ সকলো গাঁৱৰ পথ সুগম কৰি তুলিব দিগন্ত আৰু সাংসদ ৰঞ্জিত দত্তই । বিহালীত কেইবাখনো দলং, কলেজৰ আবাস, গোর্খা জনগোষ্ঠীৰ স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি আৰু উৰিয়া জনগোষ্ঠীৰ সংস্কৃতিৰ সংগ্ৰহালয় ৰাইজৰ দাবীত স্থাপন কৰা হ'ব ।

অনুষ্ঠানত প্ৰাক্তন আটছা, কংগ্ৰেছ আৰু চি পি আই এম দলৰ কেইবাজনো নেতাই বিজেপিত যোগদান কৰে ।

সমষ্টিটোৰ ভোটাৰৰ বিন্যাস

উল্লেখ্য যে বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি বিহালী সমষ্টিত মুঠ ১,২৫,৪৬ জন ভোটাৰ আছে । ইয়াৰ ভিতৰত অসমীয়া ভোটাৰ ১,৯১,১৬৫, চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ভোটাৰ ৫৬,৩৯২, গোর্খা ২৪,০৮৭ টা, বঙালী ৯,৫৭৩, বড়ো ভোটাৰ ৪,৯২৬, কাৰ্বি ভোটাৰ ৫,৬৫৪ আৰু হিন্দীভাষী ভোটাৰ ৫,৩৩১ গৰাকী আছে ।

লগতে পঢ়ক :কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ মুখ্যমন্ত্ৰী; চামগুৰিত ৰকিবুল হুছেইনক তীব্ৰ আক্ৰমণ
লগতে পঢ়ক :পাপ্পু যাদৱ কোন ? চিনি নাপায় মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details