গুৱাহাটী, 29 মাৰ্চ :প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰসংগত পুনৰ সৰৱৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাই 2025 বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ।
বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় নিৰ্বাচনৰ অগ্ৰগতি সম্পৰ্কীয় এখন পৰ্যালোচনা সভা । এই সভাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "2025 বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব । মোদী গেৰাণ্টিৰ দৰে এইটো হিমন্ত গেৰাণ্টি । আমি তেওঁক মন্ত্ৰী বনাবলৈ বিজেপিলৈ আনিম; প্ৰয়োজনত মুখ্যমন্ত্ৰীও হ'ব পাৰে তেওঁ । কংগ্ৰেছৰ কোনোবা মুখ্যমন্ত্ৰী হ'বলৈ মন থাকিলে বিজেপিলৈ আহিব লাগিব ।"
আনহাতে, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই বদৰুদ্দিন আজমলক নহয় ৷ ৰকিবুল হুছেইনকে জিকাবলৈ চেষ্টা কৰিম । তেতিয়া অন্ততঃ কাজিৰঙাৰ জীৱ-জন্তুকেইটা সুৰক্ষিত হৈ থাকিব । ৰকিবুল হুছেইন দিল্লীত থাকিলে অসমৰ জন্তু জানোৱাৰখিনি সুৰক্ষিত হৈ থাকিব’’ ।
তেওঁ আৰু কয়, ‘‘ৰকিবুল হুছেইনক দিল্লীলৈ জয়ী কৰাই পঠাব পাৰিলে বহু নিৰাপত্তাৰক্ষী কাজিৰঙাৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰিম । ৰকিবুল হুছেইনৰ হাতত যি তথ্য আছে দিয়ক, মই খোলা কিতাপ । আকৌ এবাৰ মোৰ ওপৰত চাৰ্জাৰী হৈ যাওক’’ ।