গুৱাহাটী, 19 জুলাই : “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ ব্যৰ্থ হৈছে ৷ সঠিক তথ্য দিব পৰা নাই ৷ ”- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপৈণত চোৰাংচোৱা নেটৱৰ্কক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কটাক্ষ ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ 3 দিনীয়া বৈঠকৰ পৰা আৰম্ভ কৰি আন সকলো তথ্য তেওঁ নিজৰ গুপ্তচৰৰ যোগেদি লাভ কৰে বুলি মন্তব্য কৰিছিল ৷ য’ত তেঁও সাঙুৰি লৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰকো ৷ মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ প্ৰত্যুত্তৰ দিছে ভূপেন বৰাই ৷
মুখ্যমন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ (ETV Bharat Assam) ভূপেন বৰাই আজি মন্তব্য কৰে- “মুখ্যমন্ত্ৰীৰ গুপ্তচৰ ব্যৰ্থ হৈছে ৷ মুখ্যমন্ত্ৰীৰ অপৈণত চোৰাংচোৱাই গুৱাহাটীৰ ৰাজীব ভৱনত আয়োজিত 3 দিনীয়া বৈঠক প্ৰসংগত ভুল তথ্য দিছে ৷ এই তিনিদিনৰ বৈঠকত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ উপস্থিতিক লৈ মুখ্যমন্ত্ৰীক ভুল তথ্য দিছিল ৷ এই 3 দিনত কোনো বৈঠকতে ঘটোৱাৰ একেবাৰে উপস্থিত নাছিল ৷ দৰাচলতে লিলি হোটেলত অনুষ্ঠিত চূড়ান্ত বৈঠকত ঘাটোৱাৰ কেৱল এজন সন্মানীয় অতিথিহে আছিল ৷ এই সভাকেইখনত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে এজন এজনকৈ নাইবা গোট হিচাবে পৰামৰ্শ আৰু মতামত আগবঢ়াইছিল ৷ কিন্তু চূড়ান্ত সিদ্ধান্ত মোৰ ৷ মই বৰ্তমানৰ সভাপতি ৷ ঘাটোৱাৰ ডাঙৰীয়া প্ৰাক্তন সভাপতি ৷ সিদ্ধান্ত আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব মোৰ ৷”
লগতে পঢ়ক :কংগ্ৰেছক চকী গতাই দিম বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে ? - CM Himanta slams Congress
প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে লগতে কয় যে এই 3 দিনীয়া বৈঠক সফলভাৱে পাৰ হ’লে চকী এৰিব বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ এই কথা কোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ মুখত ভয় আৰু মানসিক চাপ স্পষ্ট হৈ পৰিছিল ৷ তেওঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে সেই কথা বুজি পাইছে ৷ ৰাজনৈতিক বতাহৰ গতিপথ দ্ৰুতগতিত সলনি হৈ থকা কথাটো মুখ্যমন্ত্ৰীয়ে পূৰ্বানুমান কৰিব পাৰিছে বুলি মন্তব্য ভূপেন বৰাৰ ৷ মুখ্যমন্ত্ৰীৰ এনে বক্তব্যই কংগ্ৰেছ যে তেওঁক পৰাস্ত কৰাৰ সামৰ্থ স্বীকাৰ কৰাটোও মুখ্যমন্ত্ৰীৰ ভাষ্যতে প্ৰকাশ পাইছে ৷ সেয়েহে মুখ্যমন্ত্ৰীয়ে ছোনিয়া গান্ধীৰ ঘৰত জুই লগাব লাগে বুলি ক’ব পাৰিছে ৷ ৰাহুল গান্ধীৰ ডি এন এ পৰীক্ষা কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়েই কৈছে ৷ তেওঁ লগতে কয়, "আমি বিশ্বকাপত পৰাস্ত হৈছিলো, কাৰণ সেয়া প্ৰয়াত ইন্দিৰা গান্ধী জীৰ জন্মদিনটোতে পৰিছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েই কৈছিল ৷"
মুখ্যমন্ত্ৰীৰ সাম, দাম, দণ্ড, ভেদ নীতি ল’ব কংগ্ৰছে :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াৰে পৰা কংগ্ৰেছে ব্যৱহাৰ কৰিব মুখ্যমন্ত্ৰীৰেই নীতি ৷ মুখ্যমন্ত্ৰীয়ে যিদৰে সাম, দাম, দণ্ড, ভেদ নীতি বিৰোধীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে, একেদৰেই সেই অস্ত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে ব্যৱহাৰ কৰিব ৷ এই কথাৰ লগতে ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীৰ পৰাই কংগ্ৰেছে এই কথা শিকিছে ৷
লগতে পঢ়ক :প্ৰতিযোগিতা বাঢ়িছে, কংগ্ৰেছে সলাব ৰণকৌশল : প্ৰদেশ কংগ্ৰেছ কমিটিৰ মতে নহ’ব সকলো সিদ্ধান্ত - Assam Congress