ETV Bharat / bharat

ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ: দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ পোষকতা - PM MODI SPEAKS TO TRUMP

প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ । ভাৰত-আমেৰিকাৰ সম্পৰ্ক অধিক ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব ।

PM Modi Speaks To Trump
ড'লাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 4:25 PM IST

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ঊৰ্ধ্বমুখী গতিপথ অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । এক টেলিফোনিক বাৰ্তালাপৰ সময়ত দুয়োৱে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ বিষয়ে কথা পাতে ।

টেলিফোনিক আলোচনাৰ পিছত মোদীয়ে কয় যে দুয়োপক্ষই পাৰস্পৰিকভাৱে লাভজনক আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ । X পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "মোৰ মৰমৰ বন্ধু তথা ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে পোটাছত কথা পাতি আনন্দিত হৈছোঁ । তেওঁৰ ঐতিহাসিক দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁক অভিনন্দন জনাইছোঁ ।"

"আমি পাৰস্পৰিকভাৱে লাভজনক আৰু এক বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । আমি আমাৰ জনসাধাৰণৰ কল্যাণ আৰু বিশ্বশান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰিম ।" প্ৰধানমন্ত্ৰীয়ে কয় ।

প্ৰধানমন্ত্ৰীৰ পোষ্টটোৰ পিছত হোৱাইট হাউছৰ তৰফৰ পৰাও এক বিবৃতি জাৰি কৰা হয় । বিবৃতিটোত এই টেলিফোনিক বাৰ্তালাপক 'গঠনমূলক' বুলি অভিহিত কৰি কয় যে ট্ৰাম্পে এক 'নিৰপেক্ষ' দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক আৰু ভাৰত-আমেৰিকাৰ গভীৰ সহযোগিতা বিচাৰিছে ।

হোৱাইট হাউছৰ বিবৃতিটোত লগতে কোৱা হৈছে যে দুয়োগৰাকী নেতাই মোদীৰ আগন্তুক আমেৰিকা ভ্ৰমণৰ পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰে । "আজি ৰাষ্ট্ৰপতি ড'নাল্ড জে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গঠনমূলক টোলিফোনিক বাৰ্তালাপ কৰে । দুয়োগৰাকী নেতাই দুয়োখন দেশৰ সহযোগিতা সম্প্ৰসাৰণ আৰু গভীৰ কৰাৰ বিষয়ে আলোচনা কৰে ।" হোৱাইট হাউছে লগতে কয় ।

তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল, মধ্যপ্ৰাচ্য আৰু ইউৰোপত নিৰাপত্তাকে ধৰি বিভিন্ন আঞ্চলিক বিষয়ৰ ওপৰতো আলোচনা কৰে । "ৰাষ্ট্ৰপতিয়ে আমেৰিকাত নিৰ্মিত নিৰাপত্তা সঁজুলি ক্ৰয় বৃদ্ধি কৰা আৰু এক নিৰপেক্ষ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ দিশত ভাৰতে আগবাঢ়ি যোৱাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।" বিবৃতিটোত কোৱা হৈছে ।

লগতে কোৱা হৈছে, "নেতা দুগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ হোৱাইট হাউছ ভ্ৰমণৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে । ই আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্ব আৰু কৌশলগত সম্পৰ্কৰ শক্তিক চিহ্নিত কৰিছে ।"

আনহাতে, মোদী আৰু ট্ৰাম্পে "আমেৰিকা-ভাৰত কৌশলগত অংশীদাৰিত্ব আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় কোৱাড অংশীদাৰিত্ব" আগবঢ়াই নিবলৈ তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । উল্লেখ্য যে ভাৰতে চলিত বছৰৰ শেষৰ ফালে প্ৰথমবাৰৰ বাবে কোৱাড নেতাসকলক আদৰণি জনাব ।

উল্লেখ্য যে আন বহু দেশৰ দৰে ভাৰততো প্ৰব্ৰজন আৰু শুল্কৰ প্ৰতি ট্ৰাম্প প্ৰশাসনৰ দৃষ্টিভংগীক লৈ কিছু উদ্বেগৰ সৃষ্টি হৈছে । ট্ৰাম্পে ইতিমধ্যে ব্ৰিকছ গ্ৰুপৰ ওপৰত '100 শতাংশ শুল্ক' আৰোপ কৰাৰ কথা কৈছে । এই ব্লকত ভাৰতো অন্তৰ্ভুক্ত আছে ।

আনহাতে, এক সাপ্তাহিক সংবাদমেলত বক্তব্য ৰাখি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বাণিজ্য আৰু প্ৰব্ৰজন সম্পৰ্কীয় বিষয়ত আমেৰিকাৰ সৈতে চলি থকা আলোচনাৰ কথা উল্লেখ কৰি আশা প্ৰকাশ কৰে যে দুয়োপক্ষই যিকোনো সমস্যা সমিলমিলে সমাধান কৰিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে ভাৰত-আমেৰিকাৰ শক্তিশালী আৰু বহুমুখী সম্পৰ্কৰ ভিতৰত বাণিজ্যই এক বিশেষ স্থান দখল কৰি আছে । দুয়োপক্ষই ২০২৩ চনত ১৯০ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ সামগ্ৰী আৰু সেৱাৰ অভিলেখ স্তৰত উপনীত হোৱা বুলিও জয়ছোৱালে উল্লেখ কৰে ।

ৰাষ্ট্ৰপতি হিচাপে নিজৰ প্ৰথমটো কাৰ্যকালত ট্ৰাম্পৰ অন্তিমটো বিদেশ ভ্ৰমণ আছিল ভাৰতলৈ । ট্ৰাম্প আৰু মোদীয়ে ২০১৯ চনৰ ছেপ্টেম্বৰত হিউষ্টন আৰু ২০২০ চনৰ ফেব্ৰুৱাৰীত আহমেদাবাদত দুটা পৃথক ৰেলী সম্বোধন কৰিছিল । আনহাতে, ২০২৪ চনৰ নৱেম্বৰত ট্ৰাম্পৰ বিজয়ৰ পিছত ট্ৰাম্পৰ সৈতে কথা পতা বিশ্বৰ শীৰ্ষ তিনিগৰাকী নেতাৰ ভিতৰত অন্যতম হৈছে মোদী ।

লগতে পঢ়ক :মোৰ দেহত ভাৰতৰ ডি এন এ আছে: ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি - PRESIDENT SUBIANTO
লগতে পঢ়ক :ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 95টা স্থানত জৰুৰীভাৱে প্ৰয়োজন বেৰৰ - INDO BANGLADESH BORDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.