গুৱাহাটী : "ভাৰতীয় সংবিধান সলনি কৰাৰ বিজেপি চৰকাৰৰ চক্ৰান্ত ৰোধ কৰিবৰ বাবে কংগ্ৰেছে শুকুৰবাৰৰ পৰা এবছৰলৈকে ৰাইজক সজাগ কৰিবলৈ অভিযান চলাব । বিজেপিয়ে ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে পুনৰ মনুস্মৃতি দেশত প্ৰচলন কৰিব খোজে । ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশত জাগৰণ সৃষ্টি কৰা হ’ব ।" এই মন্তব্য কংগ্ৰেছ নেতা, চি ডব্লিউ চিৰ সদস্য তথা অনুসূচিত জাতি, কংগ্ৰেছৰ অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু বিভাগৰ কেন্দ্ৰীয় অধ্যক্ষ কে ৰাজুৰ ।
শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতাজনে কয়, "দেশৰ সংবিধান সলনি কৰিবলৈ আৰ এছ এছ আৰু বিজেপিয়ে দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছিল আৰু সংবিধান গ্ৰহণ কৰা দিনটোত ১৯৫০ চনৰ ২৬ জানুৱাৰীত আৰ এছ এছে সংবিধানৰ প্ৰতিলিপি দাহ কৰিছিল । বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে সংবিধানক নস্যাৎ কৰিবৰ বাবে চলোৱা অপচেষ্টা দেশৰ জনগণে এইবাৰ ধূলিসাৎ কৰিছে ।"
তেওঁ কয়, "বিজেপি আৰু আৰ এছ এছৰ সংবিধান বদলিৰ এই দীৰ্ঘদিনীয়া অভিযান নোহোৱা কৰিবৰ বাবে কংগ্ৰেছে আজিৰে পৰা এবছৰলৈকে ৰাইজৰ ওচৰলৈ সংবিধান সুৰক্ষাৰ বাণী লৈ যাব । বাবা ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰস্তুত কৰি বিশ্বৰ ভিতৰতে ভাৰতক এখন সকলো শ্ৰেণীৰ নাগৰিকৰ সম-অধিকাৰ থকা দেশলৈ পৰিৱৰ্তন কৰিছিল । ১৯২৭ চনতে ভীমৰাও আম্বেদকাৰে মনুস্মৃতি দাহ কৰি ইয়াৰ প্ৰতিবাদ কৰিছিল । তেতিয়াৰে পৰা দেশৰ ব্ৰাহ্মণ্যবাদী চেতনাত আঘাত হনাৰ বাবে সকলো শ্ৰেণীৰ নাগৰিকৰ সমবিকাশ আৰু সমন্যায়ৰ সংগ্ৰাম চলোৱা ভীমৰাও আম্বেদকাৰৰ বিৰোধিতা কৰি আহিছে আৰ এছ এছে ।"
Bhupen Borah sparks controversy, says ‘Himanta Biswa Sarma will face Saddam Hussein’s fate’ https://t.co/seujP6802h via @The Meghalayan Express
— Bhupen kumar Borah (@BhupenKBorah) January 25, 2025
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, "কংগ্ৰেছে ভীমৰাও আম্বেদকাৰৰ সংগ্ৰামক সন্মান কৰি তেখেতৰ নেতৃত্বত দেশৰ বাবে সমন্যায় আৰু সমবিকাশৰ ভাৰতীয় সংবিধান গ্ৰহণ কৰে । এই সংবিধান থকালৈকে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত । পিছপৰা শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক বিকাশ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে দেশৰ নেতা ৰাহুল গান্ধীয়ে সদনৰ বাহিৰে-ভিতৰে যুঁজ অব্যাহত ৰাখিছে । তাৰে অংশ হিচাপে সংবিধান সুৰক্ষা কৰাতো ভাৰতীয় নাগৰিকৰ এতিয়া দায়িত্ব হৈ পৰিছে ।"
Today’s https://t.co/MfZhfFIS79
— Bhupen kumar Borah (@BhupenKBorah) January 24, 2025
সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক মনোজ চৌহানে আৰ এছ এছ প্রধান মোহন ভাগৱতক তীব্ৰ ভাষাৰে সমালোচনা কৰে । ৰাম মন্দিৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰাহে দেশে স্বাধীনতা লাভ কৰা বুলি মোহন ভাগৱতে কোৱা কাৰ্যক কঠোৰ ভাষাৰে তেওঁ সমালোচনা কৰে । লগতে মোহন ভাগৱতৰ এই নিকৃষ্ট মন্তব্য ভাৰতীয় সংবিধানৰ প্ৰতি চূড়ান্ত অপমান বুলি উল্লেখ কৰে ।
আনহাতে, মোহন ভাগৱতৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰি সংবিধান আৰু সাংবিধানিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধেহে অসমত গোচৰ ৰুজু কৰাত চৌহানে আশ্চৰ্য প্ৰকাশ কৰে ।
সংবাদমেলত অসমৰ অনুসূচিত জাতি কংগ্ৰেছৰ ৰাজ্যিক অধ্যক্ষ তৃষ্ণা দাসেও সংবিধান সুৰক্ষা অভিযানৰ তাৎপৰ্য ব্যাখ্যা কৰে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক নন্দিতা দাস, সম্পাদক ৰামান্না বৰুৱা আৰু মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত থাকে ।
ইফালে কলাক্ষেত্রত আয়োজন কৰা ‘‘সংবিধান ৰক্ষক’’ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই উদাত্ত ভাষণেৰে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ অত্যাচাৰী মন্ত্ৰী-বিধায়কসকলৰ দুৰ্নীতিৰ শিপা উভালি ২০২৬ত ব্ৰহ্মপুত্ৰত দলিয়াই দিব বুলি উল্লেখ কৰে ।
ভূপেন বৰাই কয়, "অসমৰ নমস্য গুৰু আৰু দাৰ্শনিকসকলৰ ধ্যান-ধাৰণাক এতিয়া বিজেপিয়ে নস্যাৎ কৰি দীনদয়াল উপাধ্যায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নীতি-আদৰ্শ জাপি দিব খুজিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সাৰ্বজনীন অসমীয়াত্বৰ ধ্যান-ধাৰণা বিজেপিয়ে সংকীৰ্ণ কৰি মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিছে । এই বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰাই সংবিধান সুৰক্ষিত কৰাৰ লগতে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সন্মান, সমবিকাশ আৰু সামাজিক ন্যায় পুনৰ উদ্ধাৰ কৰিবৰ বাবে কংগ্ৰেছে সংকল্প গ্ৰহণ কৰিছে ।"
সভাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান, অতুল চন্দ্ৰ বুঢ়াগোঁহায়ে ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰক লৈ বক্তব্য প্ৰদান কৰে । সভাত ভাৰতীয় সংবিধানৰ সংশোধিত প্ৰতিলিপি বিতৰণ কৰা হয় । অনুষ্ঠানত জ্যেষ্ঠ কংগ্ৰেছ নেতা বলীন কুলী, ৰিপুণ বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু নুৰুল হুদাকে ধৰি বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ।