কাজিৰঙা : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে বিষোদাগাৰ প্ৰকাশ কৰিছে ৷ অখিল গগৈয়ে কাজিৰঙাত সংবাদমেল পাতি কয় যে কংগ্ৰেছে হেনো চাৰিবাৰকৈ ৰাম ঠগন দিলে ৷ গতিকে পঞ্চায়ত নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ৰাইজৰ দলৰ ৷ কাজিৰঙাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মন্তব্য কৰে যে নিৰ্দিষ্ট কেইটামান এলেকাতহে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতাত নামিব ৷ অৱশ্যে ২০২৬ ৰ নিৰ্বাচনত বিৰোধী মঞ্চ একত্ৰিত হ’লেহে বিজেপিক পৰাভূত কৰিব পৰা হ’ব বুলি মন্তব্য অখিল গগৈৰ ৷
অখিল গগৈয়ে কয়, "আমি পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে ছিলেক্টেড জিলা পৰিষদ, ছিলেক্টেড আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলিম । আৰু গাঁও পঞ্চায়তৰ ক্ষেত্ৰতো সকলোতে নেখেলোঁ, ছিলেক্টেড এৰিয়াবোৰতহে নিৰ্বাচন খেলিম । তাৰ কাৰণটো হ'ল আমাৰ জৰিয়তে যাতে আমাৰ বিৰোধী দলৰ ভোটটো বিভাজন নহয় ।"
কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে কয়, "আমি বহুত চেষ্টা কৰিছিলোঁ কংগ্ৰেছ দলৰ লগত যে আমি সকলোৱে মিলি পঞ্চায়ত ইলেকচনটো খেলোঁ । ইয়াৰ আগত চাৰিবাৰ আমি বেলেগ বেলেগকে ইলেকচন খেলিলোঁ । এইবাৰ অন্তত পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলোঁ । কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিলে আমি ২০২৬ৰ কাৰণে আমাৰ দলবিলাকৰ মাজত গ্ৰাছৰুটত ইউনিটীটো হ'ব । একেবাৰে তৃণমূল পৰ্যায়ত আমাৰ কৰ্মীবিলাকৰ মাজত বুজাবুজি, সমিলমিল, ভাতৃত্ববোধটো একেবাৰে দৃঢ় হৈ যাব । কিন্তু কংগ্ৰেছে বুজা নাই । কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থৰ দোহাই দি, কাৰ কিমান শক্তি আছে সেই স্বাৰ্থৰ দোহাই দি কংগ্ৰেছে অকলে খেলিব ।"
ৰাহুল গান্ধীলৈ অখিল গগৈৰ পত্ৰ
ইফালে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত ৰাহুল গান্ধীলৈ পত্ৰ লিখা বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, "সেই কাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ । আজি কেইবাদিনো হ'ল চিঠি এখন দিছোঁ আৰু বোধহয় চিঠিখন ইতিমধ্যে পাইছে । আৰু মই চিঠিখনত খুব স্পষ্টভাৱে কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই অতি সোনকালে অসমৰ ১৬ টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে । আৰু সেই সভাতে ২০২৬ৰ কাৰণে কেনেকে আগবাঢ়িম তাৰ ষ্ট্ৰেটেজীটো ঠিক হ'ব লাগে । আৰু ২০২৬ৰ নিৰ্বাচনৰ উপৰি ৰাহুল গান্ধীৰ উপস্থিতিতে পঞ্চায়ত ইলেকচন একেলগে খেলাৰ সিদ্ধান্ত হ'ব লাগে ।"