অসম

assam

ETV Bharat / politics

ৰাহুলৰ ৰেলীত বাধা: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ ছত্তীশগড় কংগ্ৰেছ

Bharat Jodo Nyay yatra: ভাৰত জোড়ো ন্য়ায় যাত্ৰা একপ্ৰকাৰ প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হৈ পৰিছে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বাবে ৷ অসমত পদে পদে প্ৰত্যাহ্বান আহি পৰিছে এই যাত্ৰালৈ ৷ তাৰ মাজতেই সোমবাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান দৰ্শনত বাধা দিয়া হয় ৰাহুল গান্ধীক ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ নেতাসকলে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ৷

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:16 PM IST

Anger in Congress l
Rahul Gandhi Nyay Yatra In Assam

নিউজ ডেস্ক, 22 জানুৱাৰী: দীৰ্ঘদিনীয়া আইনী বিবাদ, মৌখিক বিবাদ, হাজাৰ বিতৰ্কৰ অন্তত সোমবাৰে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ৷ সমগ্ৰ দেশতে এই দিনটো উৎসৱৰ দৰে আয়োজন কৰা দেখা গ’ল ৷ কিন্তু ইয়াৰ পৰা দূৰত্ব বজাই ৰাখিলে কংগ্ৰেছ দলৰ নেতাসকলে ৷ এই অনুষ্ঠানৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, জিতেন্দ্ৰ সিং আদি ব্যস্ত অসমত ভাৰত জোড়ো যাত্ৰা কৰাত ৷ বাকী নেতাসকলকো দেখা নগ’ল ৰাম মন্দিৰৰ অনুষ্ঠানত অংশ লোৱা ৷

যোৱা 14 জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰে আৰু অহা 25 জানুৱাৰীলৈকে অসমত চলিব এই যাত্ৰা ৷ যাত্ৰাকালত বহু সংখ্যক সাধাৰণ লোকৰ সৈতে সাক্ষাৎ কৰা দেখা গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷ তাৰ মাজতেই ৰাহুল গান্ধীয়ে উত্থাপন কৰিছে এক চাঞ্চল্যকৰ অভিযোগ ৷ এই অভিযোগে দেশৰ ৰাজনীতিৰ চাহকাপ গৰম কৰি তুলিছে ৷

প্ৰৱেশ নিষেধ: সোমবাৰে ৰাহুল গান্ধীয়ে দৰ্শন কৰাৰ কথা আছিল শ্ৰীমন্ত শংকৰ দেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা থান ৷ কিন্তু দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰাৰ সময়তে ৰাহুল গান্ধীক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত বটদ্ৰৱাত উপস্থিত নহৈ কিছু পলমকৈ যাবলৈ অনুৰোধ জনাই ৷ তাৰ ঠিক পিচতেই বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এখন জাননী জাৰি কৰি বিয়লি 3 বজাৰ আগত বটদ্ৰৱা তানত ৰাহুল গান্ধীক প্ৰৱেশ নকৰিবলৈ কয় ৷

এই সকলোবোৰ দেও দি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বটদ্ৰৱা অভিমুখে আগবাঢ়ে যদিও 17 কিঃমিঃ নগাঁৱৰ হয়বৰগাঁৱতে আৰক্ষীয়ে সমদলটোক আগভেটা দিয়ে ৷ গুৰুজনাৰ জন্মস্থান ভ্ৰমণত বাধা আৰোপ কৰাৰ বাবে ৰাহুল গান্ধীয়ে কৰ্মকৰ্তা সকলৰ সৈতে ৰাজপথতে বহি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ পথৰ ওপৰতেই ৰাহুল গান্ধী আৰু সমৰ্থকসকলে হৰি নাম আৰু ভজন গাবলৈ আৰম্ভ কৰে ৷

‘‘মোক মন্দিৰলৈ নিমন্ত্ৰণ জনোৱা হৈছিল কিন্তু আৰক্ষীয়ে মন্দিৰলৈ যোৱাত বাধা প্ৰদান কৰিছে ৷ এয়া স্পষ্ট যে ‘ওপৰ’ৰ পৰা এই আদেশ আহিছে ৷ সেয়ে মোক মন্দিৰ দৰ্শনত বাধা দিয়া হৈছে ৷’’ সংবাদ মাধ্যমৰ আগত কয় ৰাহুল গান্ধীয়ে ৷

ছত্তীশগড়লৈ চিটিকিল ফিৰিঙতি: অসমত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ভাৰত জোড়ো যাত্ৰাৰ পৰা কংগ্ৰেছ নেতাৰ ক্ষোভৰ ফিৰিঙতি চিটিকি ছত্তীশগড় পাইছেগৈ ৷ ছত্তীশগড়ৰ কংগ্ৰেছ নেতাসকলে অসমৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ৷ ছত্তীশগড়তো ভাৰত জোড়ো যাত্ৰাক স্তব্ধ কৰিবলৈ নৱ নিৰ্বাচিত বিজেপি চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ছত্তীশগড় কংগ্ৰেছে সামাজিক মাধ্যমৰ নিজে পেজত এক পোষ্ট শ্বেয়াৰ কৰি তাত লিখিছে, হিমন্ত বাবু... আমাৰ মন্দিৰ আগমণৰ প্ৰতি ইমান ভয় ! আমাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যক্ৰমত প্ৰদান কৰা বাধা আপোনাৰ ভয়ৰ চিন ৷ মহব্বত আৰু নফৰতৰ মাজত এয়াই পাৰ্থক্য ৷

ৰাহুল গান্ধীক বাধা দিয়া ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ভূপেশ বাঘেলে কয় যে আজি বিজেপি চৰকাৰে ৰাহুল গান্ধীক মন্দিৰলৈ যোৱাত বাধা দিছে । বিজেপি চৰকাৰক কোনে দিলে বিশ্বাস ৰক্ষাৰ অধিকাৰ ? এয়া অন্যায়, আমি ইয়াৰ বিৰুদ্ধে যুঁজি যাম । মন্দিৰলৈ যোৱা বন্ধ কৰিছে ? কি বুজিছে ?

এতিয়া ধৰ্মীয় স্থানৰ ওপৰতো তেওঁলোকৰ নিয়ন্ত্ৰণ থাকিবনে ? এই গুণ্ডাগিৰি বেছি দিন নাথাকে । অনুগ্ৰহ কৰি বুজক । যেতিয়াই কোনো সুবাহু আৰু মৰিচে কাৰোবাক পূজা বা যজ্ঞ কৰাত বাধা দিয়ে তেতিয়াই শ্ৰীৰামে তেওঁক হত্যা কৰে । এই অতিৰঞ্জিত আচৰণৰ অন্ত নিশ্চিত ।

লগতে পঢ়ক:বটদ্ৰৱা থানত ক'লা দাগ লগালে মুখ্যমন্ত্ৰীয়ে :গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details