অসম

assam

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:40 AM IST

ETV Bharat / politics

বৰপেটাত ১৯,৬৬,৮৪৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৪ গৰাকী প্ৰাৰ্থীৰ - LOK SABHA ELECTION 2024

THIRD PHASE OF LS POLLS : পুৱা 7 বজাৰ পৰা ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বৰপেটা লোকসভা সমষ্টিৰ এক চমু আভাষ...

19, 66, 847 voters will decide the fate of 14 candidates in barpeta
বৰপেটাত ১৯, ৬৬, ৮৪৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৪ গৰাকী প্ৰাৰ্থীৰ (GOOGLE)

গুৱাহাটী, 7 মে' :আজি অসমত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ‌ভোটগ্ৰহণ । চাৰিটা‌ সমষ্টি ক্ৰমে ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম বৰপেটা লোকসভা সমষ্টিৰ এইবাৰ আছে বিশেষ গুৰুত্ব । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত বৰপেটা লোকসভা সমষ্টিৰ ৰাজনৈতিক ৰূপৰেখা যথেষ্ট সলনি হয় ।

জনগাঁঠনিৰ পৰিৱৰ্তনে এইবাৰ সমষ্টিটোত বিশেষ প্ৰভাৱ পেলাইছে । সংখ্যালঘুৰ প্ৰভাৱ থকা সমষ্টিটোত এতিয়া সংখ্যাগুৰুৰ প্ৰভাৱ অধিক দেখা গৈছে ।

বৰপেটা লোকসভা সমষ্টিত 14 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্রতিদ্বন্দ্বিতা :
1. অগপৰ ফণীভূষণ চৌধুৰী
2. কংগ্ৰেছৰ দীপ বায়ন
3. চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰ
4. বি পি এফৰ চামেজ উদ্দিন
5. ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আবুবক্কৰ ছিদ্দিকি
6. তৃণমূল কংগ্ৰেছৰ আবুল কালাম আজাদ
7. ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠুৱাল) আমজাদ আলী
8. ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) চিত্রলেখা দাস
9. ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ছাহজাহান আলী খান
10. নিৰ্দলীয় এ হক
11. নিৰ্দলীয় দুলু আহমেদ
12. নিৰ্দলীয় জগন্নাথ ৰায়
13. নিৰ্দলীয় দেৱান মহিবুল ইছলাম
14. নিৰ্দলীয় মতিয়াৰ ৰহমান

সমষ্টিটোৰ পুনৰ নিৰ্ধাৰণৰ পাচত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টি হৈছে :
1. বঙাইগাঁও
2. ভৱানীপুৰ-সৰভোগ
3. অভয়াপুৰী
4. বৰপেটা (এছ চি)
5. পাকাবেতবাৰী
6. বজালী
7.হাজো (এছ চি)
8. বৰক্ষেত্ৰী
9.নলবাৰী
10. টিহু

বৰপেটা লোকসভা সমষ্টিৰ ইতিহাস :
সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পূৰ্বে বঙাইগাঁও, অভয়াপুৰী (উত্তৰ), অভয়াপুৰী (দক্ষিণ), পাটাচাৰকুছি, বৰপেটা, জনীয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা আৰু ধৰমপুৰ বিধানসভা সমষ্টিৰে গঠিত আছিল বৰপেটা লোকসভা সমষ্টিটো । বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা বৰপেটা লোকসভা সমষ্টিটোত 1951 চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বেলি ৰাম দাস সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।

বৰপেটা লোকসভাৰ পৰা সাংসদ হোৱা সকল হৈছে -

  1. 1951 চনত বেলি ৰাম দাস (ভাৰতীয় জাতীয় কংগ্ৰেছ)
  2. 1962 ৰেণুকা দেৱী বৰকটকী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
  3. 1967 চনত ফকৰুদ্দিন আলি আহমেদ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
  4. 1971 ফকৰুদ্দিন আলি আহমেদ ( ভাৰতীয় জাতীয় কংগ্ৰেছ)
  5. 1977 চনত ইছমাইল হুছেইন খান (ভাৰতীয় জাতীয় কংগ্ৰেছ)
  6. 1985 চনত আতাউৰ ৰহমান ( অগপ)
  7. 1991 চনত উদ্ধৱ বৰ্মন ( চি পি আই এম )
  8. 1996 চনত উদ্ধৱ বৰ্মন( চি পি আই এম)
  9. 1998 চনত এ এফ গুলাম ওচমানি (ভাৰতীয় জাতীয় কংগ্ৰেছ)
  10. 1999 চনত এ এফ গুলাম ওচমানি ( ভাৰতীয় জাতীয় কংগ্ৰেছ)
  11. 2004 চনত এ এফ গুলাম ওচমানি ( ভাৰতীয় জাতীয় কংগ্ৰেছ)
  12. 2009 চনত ইছমাইল হুচেইন ( ভাৰতীয় জাতীয় কংগ্ৰেছ)
  13. 2014 চিৰাজুদ্দিন আজমল (এ আই ইউ ডি এফ)
  14. 2019 আব্দুল খালেক( ভাৰতীয় জাতীয় কংগ্ৰেছ

2019 চনত লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা সমষ্টিৰ‌ পৰা মুঠ 13 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল -

  1. কংগ্ৰেছৰ আব্দুল খালেক
  2. তৃণমূল কংগ্ৰেছৰ আছাহক আলী দেৱান
  3. অগপৰ কুমাৰ দীপক দাস
  4. এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম
  5. পূৰ্বাঞ্চল জনতা পাৰ্টি (চেকুলাৰ)ৰ অৰুণ বৰুৱা
  6. এছ য়ু চি আই (কমিউনিষ্ট)ৰ চিত্ৰলেখা দাস
  7. ভোটাৰ্ছ পাৰ্টী ইণ্টাৰ্নেশ্যনেলৰ ছানিয়াৰা পাৰ্বিন
  8. এন পি পিৰ প্ৰনৱজ্যোতি দাস ৰাজবংশী
  9. নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছৰ ভদ্ৰেশ্বৰ বৰ্মন
  10. দ্যা নেশ্যনেল ৰ’ড মেপ পাৰ্টি অব ইণ্ডিয়াৰ মটিয়াৰ ৰহমান
  11. ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া (এ)ৰ ৰেজাউল কৰিম
  12. ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী
  13. নিৰ্দলীয় আৰ্ফান আল

বিগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত বৃহৎ জয় লাভ কৰিছিল কংগ্ৰেছ দলে

  • 1,35,455 টা ভোটত জয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে ৷ সমষ্টিটোত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ মাজত হৈছিল মূল যুঁজখন ৷ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আব্দুল খালেকে 6,40,227 টা ভোট পোৱাৰ বিপৰীতে অগপৰ কুমাৰ দীপক দাসে 5,04,782 টা আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰিছিল 2,44,789 টা ভোট ৷
  • 2014 চনৰ পৰা 2019 চনলৈ সমষ্টিটোৰ সাংসদ আছিল এ আই ইউ ডি এফৰ ছিৰাজুদ্দিন আজমল
  • 2014 চনৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলে 3,94,702 টা ভোট লাভ কৰিছিল
  • দ্বিতীয় স্থানত আছিল চন্দ্ৰমোহন পাটোৱাৰী
  • বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৪ৰ লোকসভা নিৰ্বাচনত 3, 52,361 টা ভোট লাভ কৰিছিল
  • কংগ্ৰেছৰ প্ৰার্থী ইছমাইল হুছেইনে 2,77,802 টা আৰু অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে 73,733 টা ভোট লাভ কৰিছিল 2014 ৰ লোকসভা নিৰ্বাচনত

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত নতুন ভোটাৰ তালিকাৰে বৰপেটা লোকসভা সমষ্টি :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে 10 টা বিধানসভা সমষ্টি । বৰপেটা লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে -

  • অভয়াপুৰী
  • বঙাইগাঁও
  • ভৱানীপুৰ-সৰভোগ
  • বৰপেটা (এছ চি)
  • পকাবেতবাৰী
  • বজালী
  • হাজো-শুৱালকুছি (এছ চি)
  • বৰক্ষেত্ৰী
  • নলবাৰী
  • টিহু

বৰপেটা লোকসভা সমষ্টি -

  • মুঠ ভোটাৰৰ‌ সংখ্যা 19,66,847 গৰাকী
  • পুৰুষ ভোটাৰ 9,59,799 জন
  • মহিলা ভোটাৰ 9,71,027 গৰাকী
  • তৃতীয় লিংগৰ‌ ভোটাৰ 21 গৰাকী
  • মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 2,451 টা

পূৰ্বৰ বৰপেটা লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা 16,76,854 গৰাকী আছিল । ইয়াৰে পুৰুষ ভোটাৰ 8,65,300 জন আৰু মহিলা ভোটাৰ 8,11,538 গৰাকী আছিল । তৃতীয় লিংগৰ ভোটাৰ আছিল 16 গৰাকী ।‌ গতিকে ইয়াৰ‌ পৰা দেখা যায় বৰপেটা লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ।

বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাসমূহৰ ভোটাৰৰ ৰূপৰেখা :

  • পাকা-বেতবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,58, 672 জন । ইয়াৰে 133,768 গৰাকী পুৰুষ আৰু 1,24,899 গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগ ভোটাৰ হ'ল 5 গৰাকী ।
  • বঙাইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,68,392 জন । ইয়াৰে 83,451 গৰাকী পুৰুষ আৰু 84,939 গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল 2 গৰাকী ।
  • বজালী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,61,432 জন । ইয়াৰে 81,182 গৰাকী পুৰুষ আৰু 80,249 গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল 1 গৰাকী ।
  • ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,09,493 জন । ইয়াৰে 1,05,557 গৰাকী পুৰুষ আৰু ১,০৩,৯৩১ গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ ভোটাৰ হ'ল 5 গৰাকী
  • অভয়াপুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,78, 756 জন । ইয়াৰে 89,099 গৰাকী পুৰুষ আৰু 89,655 গৰাকী মহিলা‌ ভোটাৰ,। আকৌ তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল 2 গৰাকী ।
  • টিহু বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,01,701 জন । ইয়াৰে 1,03,522 গৰাকী পুৰুষ আৰু 98,179 গৰাকী মহিলা‌ ভোটাৰ । তৃতীয় লিংগৰ‌ ভোটাৰ নাই ।
  • হাজো-শুৱালকুছি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,90,581 জন। ইয়াৰে 95,389 গৰাকী পুৰুষ আৰু 95,188 গৰাকী মহিলা‌ ভোটাৰ । আকৌ তৃতীয় লিংগৰ ভোটাৰ হ'ল ৪ গৰাকী ।
  • বৰক্ষেত্ৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,17,028 জন । ইয়াৰে 1,12,039 গৰাকী পুৰুষ আৰু 1,04,988 গৰাকী মহিলা‌ ভোটাৰ । তৃতীয় লিংগৰ‌ ভোটাৰ হ'ল 1 গৰাকী ।
  • নলবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,95,101 জন । ইয়াৰে 99,471 গৰাকী পুৰুষ আৰু 95,630 গৰাকী মহিলা‌ ভোটাৰ । তৃতীয় লিংগৰ‌ ভোটাৰ নাই ।

লগতে পঢ়ক:গুৱাহাটী লোকসভা সমষ্টি : প্ৰতিদ্বন্দ্বিতাত নামিছে আঠগৰাকী প্ৰাৰ্থীয়ে - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details