মৰাণ,২৩ ফেব্ৰুৱাৰী:আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে ৰাজ্য়ৰ ৰাজনৈতিক দলসমূহ ৷ এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই আম আদমি পাৰ্টী ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে এই দলটোৱে যোগদান কাৰ্যসূচীৰে অসমত সাংগঠিনক ভেঁটি শক্তিশালী কৰাৰ বাবে চলাই গৈছে অভিযান । এই অভিযানৰ অংশ ৰূপে আজি খোৱাং ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কাৰ্যকৰ্তা সন্মিলন । এই কাৰ্যকৰ্তা সন্মিলনত আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই সমালোচনা কৰে চৰকাৰক ।
"আম আদমি পাৰ্টীয়ে অসমৰ তিনিটাকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে খেলিমেলি লাগিছে বিজেপিৰ অংকত ৷ বিজেপিৰ অংক-জংক-পংক খেলিমেলি হোৱাত এতিয়া বিভিন্ন পক্ষৰ সহায়ত আপৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰিছে ৷ কিন্তু অপপ্ৰচাৰক লৈ আপ শংকিত নহয় ৷" এই মন্তব্য় আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ ৷ আজি ডিব্ৰুগড়ৰ খোৱাং ৰাজহুৱা প্ৰেক্ষাগৃহত নৱ গঠিত খোৱাং সমষ্টিৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰা পাচতে এক সংবাদমেল অনুষ্ঠিত কৰি এইদৰে মন্তব্য কৰে আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী গৰাকীয়ে ।