আমাৰ স্বাস্থ্যৰ বাবে ফল কিমান উপকাৰী ইয়াৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো পুনৰ কোনো প্ৰয়োজন নাই ! সেয়েহে সকলোয়ে খাদ্য তালিকাত ফল অন্তৰ্ভূক্ত কৰে ৷পিছে আপুনি ফলৰ বাকলি গুচাই খাই নেকি? যদি এইদৰে বাকলি গুচাই আপুনি ফল খাই, তেন্তে আপুনি ফলৰ পৰা পাবলগীয়া পুষ্টিৰ পৰা বঞ্চিত হ’ব ৷ হয়, ফলৰ বাকলিও আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী,বিশেষকৈ ৫ বিধ ফলৰ ৷ এই ফল কেইবিধৰ বিষয়ে আজি জানো আহক-
নাচপতি
নাচপতি আঁহ সমৃদ্ধ ৷ ইয়াৰ বাকলিও পুষ্টিৰ এক উৎকৃষ্ট উৎস ৷ সেয়েহে, নাচপতি সদায় বাকলিৰ সৈতে খাব লাগে যাতে আপুনি আঁহ, প্ৰদাহ-প্ৰতিৰোধী আৰু ফাইটোনিউট্ৰিয়েণ্ট প্ৰাপ্ত কৰিব পাৰে ৷ নাচপতিৰ বাকলি খোৱাৰ ফলত পাচন তন্ত্ৰও লাভান্বিত হয়, যাৰ ফলত কোষ্ঠকাঠিন্য আৰু অন্যান্য হজমৰ সমস্যা হ্ৰাস হয় ৷
আপেল
আপেলৰ বাকলিত আঁহ, ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট থাকে ৷ এই গুণবোৰে হৃদযন্ত্ৰ স্বাস্থ্যৱান আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ আপেলৰ বাকলি খোৱাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন উন্নত হয় ৷ তদুপৰি, আপেলৰ বাকলিত থকা ফ্লেভোনইডে হৃদৰোগৰ আশংকা হ্ৰাস কৰে, যিয়ে আপোনাক দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে ৷