ETV Bharat / lifestyle

গণেশ চতুৰ্থীৰ দিনা এই কাম কৰি আঁতৰাব পাৰে জীৱনৰ বাধা - GANESH CHATURTHI 2025

২ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে গণেশ চতুৰ্থী কি ৰীতি-নীতিৰে সন্তুষ্ট কৰিব গণেশ দেৱতাক, গণেশ দেৱতাক সন্তুষ্ট কৰিবলৈ কি কৰিব জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই-

Astro tips
গণেশ চতুৰ্থীৰ দিনা এই কাম কৰি আঁতৰাব পাৰে জীৱনৰ বাধা (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Feb 1, 2025, 9:37 AM IST

২ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে গণেশ চতুৰ্থী ৷ এইবর্ষ গণেশ চতুৰ্থী আৰু সৰস্বতী পূজা একে দিনা বুলি প্ৰশ্ন কৰাও দেখা গৈছে ৷ দৰাচলতে যিবোৰ দেৱ-দেৱীৰ পূজা দিনৰ ভাগত কৰা হয়, উদিত সূৰ্যৰ লগত যিটো তিথি পোৱা যায় সেই তিথিভাগৰে পূজা কৰা হয় ৷ গণেশ চতুৰ্থীৰ তিথি ২ ফেব্ৰুৱাৰীৰ দিনা পুৱা ৯-১৫ মিনিটলৈ থাকিব ৷

কি ৰীতি-নীতিৰে সন্তুষ্ট কৰিব গণেশ দেৱতাক

এই চতুৰ্থী তিথিত গণেশ দেৱতাৰ জন্ম হৈছিল বুলি কোৱা হয় ৷ সেয়ে এই চতুৰ্থী তিথিত গণেশ দেৱতাৰ পূজা কৰিলে সকলো ধৰণৰ বাধা নাশ হয় আৰু লগতে মনোকামনা সিদ্ধি হয় বুলি কোৱা হয় ৷ গণেশ দেৱতাই সকলো ধৰণৰ বাধা-বিঘিনি নাশ কৰে বুলি যিহেতু কোৱা হয় সেয়ে পঢ়া-শুনাৰ বাধা, সম্পত্তি ক্ৰয়ৰ বাধা, কৰ্মৰ বাধা আদিকে ধৰি যিকোনো বাধা নাশ কৰিবলৈ গণেশ দেৱতাক পূজা কৰিব পাৰে ৷

গণেশ দেৱতাৰ চৰণত ঘি চাকি জ্বলোৱাৰ লগতে ফুল, দুৱৰী, বুন্দিয়াৰ লাৰু, অৰ্পণ কৰা হয় যিহেতু, কিন্তু এই তিথিত গণেশ দেৱতাক সন্তুষ্ট কৰিবলৈ সংকল্প হিচাপে ২১ টা দুৱৰী এটা এটা মন্ত্ৰ গাই যদি গণেশ দেৱতাক অৰ্পণ কৰিব পাৰে তেতিয়া মনৰ কামনা পূৰ্ণ হোৱাৰ লগতে সিদ্ধি প্ৰাপ্তি হয় বুলি কোৱা হয় ৷ মন্ত্ৰ কেইটা হৈছে-

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা (ETV Bharat)

১)ওঁম গণধিপায় নমঃ

২) ওঁম উমা পুত্ৰাই নমঃ

৩) ওঁম বিঘ্ননাশয় নমঃ

৪)ওঁম বিনায়কায় নমঃ

৫) ওম ইশপুত্রায় নমঃ

৬) ওঁম সর্বসিদ্ধ প্রদায় নমঃ

৭) ওঁম একদন্তায় নমঃ

৮) ওম ইভবক্তায় নমঃ

৯) ওঁম মুষক বাহনায় নমঃ

১০) ওঁম কুমাৰ গুৰুয়ে নমঃ

প্ৰতিটো মন্ত্ৰত দুবাৰকৈ দুৱৰী পাত দিব পাৰিলে খুব বেছি ভাল ফল লাভ কৰিব বুলি কোৱা হয় ৷ ২১ টা মন্ত্ৰৰ এটা মন্ত্ৰত ২টা দুৱৰী অৰ্পণ কৰিব আৰু শেষৰ ডালত গোটেইকেইটা মন্ত্ৰ উচ্চাৰণ কৰি অৰ্পণ কৰিব ৷ এনেদৰে কৰিলে ভগৱান গণেশক সোনকালে সন্তুষ্ট কৰিব পাৰি বুলি কোৱা হয় ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. ২ নে ৩ ফেব্ৰুৱাৰী ? কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা, জানি লওক পূজা বিধি
  2. সৰস্বতী পূজা 2025: পূজাৰ দিনা এই কাম কৰি প্ৰসন্ন কৰক বাগদেৱীক
  3. মৌনী অমাৱস্যা: এই পৱিত্ৰ দিনটোত কি কৰিলে লাভ কৰিব শুভফল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.