নতুন দিল্লী: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি কেন্দ্ৰীয় বাজেট 2025-26 উপস্থাপন কৰিলে। এয়া আছিল সীতাৰমণৰ অষ্টমটো বাজেট উপস্থাপন ৷ প্ৰতি বছৰে, বিত্তমন্ত্ৰীয়ে বাজেটখন এক বিশেষ শাৰী পৰিধান কৰি উপস্থাপন কৰে । প্ৰত্যেকবাৰেই সীতাৰমণে এইদৰে বৈচিত্ৰপূৰ্ণ শাৰী পৰিধান কৰি বাজেট দাখিল কৰা কাৰ্যটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷ শনিবাৰে, ফেব্ৰুৱাৰী 1 তাৰিখে বাজেট উপস্থাপনৰ দিনা, তেওঁক দেখা গ’ল মধুবনী চিল্কৰ এখন অফ-হোৱাইট শাৰীত। লগতে ৰঙা ব্লাউজ ৷
প্ৰতি বছৰেই, বাজেটৰ দিনা নিৰ্মলা সীতাৰমণৰ শাৰীয়ে মানুহক আকৰ্ষণ কৰি আহিছে । 2024-2025 বাজেটত, তেওঁ গোলপীয়া আৰু বগা ৰঙৰ শাৰী পিন্ধিছিল । লগত আছিল একে ৰঙৰ ব্লাউজ ৷ এইবাৰ তেওঁক দেখা গ’ল এক আকৰ্ষণীয় মধুবনী শাৰীত, যিটো তেওঁক 2021 চনত পদ্মশ্ৰী প্ৰাপক দুলাৰী দেৱীয়ে উপহাৰ দিছিল। জানিব পৰা মতে দুলাৰী দেৱীয়ে বিত্তমন্ত্ৰীক বাজেটৰ দিনা এই শাৰী পিন্ধিবলৈ অনুৰোধ কৰিছিল ।
FM Nirmala Sitharaman's attire on Budget Day 2025 is a heartfelt tribute to the rich cultural heritage of Madhubani art, as she donned a saree that beautifully showcases traditional craftsmanship.#UnionBudget2025 #NirmalaSitharaman #IndiaBudget #Budget2025 #Madhubani pic.twitter.com/zXuLIcH45K
— ETV Bharat (@ETVBharatEng) February 1, 2025
যেতিয়া বিত্তমন্ত্ৰীয়ে মিথিলা আৰ্ট ইনষ্টিটিউটত ক্ৰেডিট আউটৰিচ কাৰ্যকলাপৰ বাবে মধুবনী ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ দুলাৰী দেৱীক সাক্ষাৎ কৰিছিল আৰু বিহাৰৰ মধুবনী কলা সম্পৰ্কে মত বিনিময় কৰিছিল। তেতিয়াই দুলাৰী দেৱীয়ে সীতাৰমণক শাৰীখন উপহাৰ দিছিল।
এইদৰে, বাজেটৰ দিনা, ৰঙা ব্লাউজৰ সৈতে এই শাৰীখন পৰিধানেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে বিত্তমন্ত্ৰীয়ে । কণ্ট্ৰাষ্ট কম্বিনেশ্যনত বাজেটৰ দিনা আকৰ্ষণীয় ৰূপত দেখা যায় নিৰ্মলা সীতাৰমণক ৷ বৰ্তমান, মধুবনী ডিজাইনৰ শাৰীবোৰ বহুলভাৱে জনাজাত। দামো যথেষ্ট বেছি । সকলো বয়সৰ মহিলাৰ ক্ষেত্ৰতে এই শাৰীখনে দৃষ্টি আকৰ্ষণ কৰে । স্বাভাৱিকতেই মহিলাসকলৰ পচন্দৰ তালিকাত প্ৰথম শাৰীত থাকে এই শাৰী ৷