২০২৫ বৰ্ষত সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ দ্বিতীয় অৰ্থাৎ ধনস্থানত কেতু, চতুৰ্থত বুধ, পঞ্চমত ৰবি, ষষ্ঠত চন্দ্ৰ, সপ্তমত শুক্ৰ আৰু শনি, অষ্টমত ৰাহু, আৰু কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থান কৰি শুভফল নিৰূপণ কৰিছে ৷
২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থান কৰি বিশেষ শুভফল নিৰূপণ কৰিছে ৷ এই বছৰটোত ভাল কৰ্মলৈ মনোনিবেশ হ'ব ৷ ভাল তথা গঠনমূলক কৰ্মত নিজকে মনোনিৱেশ কৰিব পাৰিব ৷ এই বৰ্ষত এই ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্ম প্ৰাপ্তিৰ যোগ আছে ৷ কৰ্মৰত ব্যক্তিসকলৰ কৰ্মত উন্নতি হ'ব , নতুন নতুন কৰ্ম লাভ কৰা লগতে পদোন্নতি লাভৰ যোগ আছে ৷ নতুন ব্যৱসায়ৰ চিন্তা কৰি থকা সকলৰ বাবেও শুভ, তেওঁলোকে নতুন ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব ৷ লগতে সফলতাৰে কৰ্ম আৰু ব্যৱসায়ত আগবাঢ়ি যাব পৰিব ৷ সম্পত্তি ক্ৰয় কৰিব বিচাৰা সকলৰ বাবেও ভাল হ'ব ৷
২০২৫ বৰ্ষত ধন আৰু ব্যৱসায় ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ধন আৰু ব্যৱসায় স্থানটো খুব শুভ বুলি ক'ব পাৰি ৷ ধনপতি বুধ পঞ্চমত আৰু সপ্তমত শুক্ৰ আৰু শনি গ্ৰহ অৱস্থান কৰি ধনস্থানটো খুব শুভ কৰি তুলিছে ৷ এই বৰ্ষত এই ৰাশিৰ জাতক-জাতিকা সকলৰ
ব্যৱসায়ৰ জৰিয়তে ধন-টকা-পইচা বৃদ্ধি হ'ব ৷ নতুন ব্যৱসায়ত আত্মনিয়োগ কৰিব পাৰিব ৷আবদনি-ৰপ্তানি, শ্বেয়াৰ মাৰ্কেট, লো-গাড়ী-কয়লা, সম্পত্তি ক্ৰয়-বিক্ৰী আদিৰ ব্যৱসায়ৰ লগত জড়িতহৈ থকা সকলৰ বাবেও শুভ হ'ব ৷
২০২৫ বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে কেনে হ'ব ?