বিশেষ প্ৰতিবেদন : বিগত দশকত বিশ্বজুৰি অসংখ্য নাৰীবাদী আন্দোলনে গতি লাভ কৰিছে । ব্ৰা জ্বলোৱাৰ পৰা আৰম্ভ কৰি উগ্ৰ টপলেছ প্ৰতিবাদলৈকে, বিশ্বক এতিয়া 4B আন্দোলনৰ সৈতে পৰিচয় কৰাই দিয়া হৈছে । প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড'নাল্ড ট্ৰাম্পৰ বিজয়ৰ ঠিক পিচতে এই আন্দোলনে গা কৰি উঠিছে ।
হাজাৰ হাজাৰ আমেৰিকান মহিলাই ট্ৰাম্পৰ বিজয়ৰ বাবে পুৰুষসকলক দোষাৰোপ কৰিছে আৰু 4B আন্দোলনত যোগদান কৰিছে । এই আন্দোলনত তেওঁলোকে কোনো যৌনতা, সম্পৰ্ক, বিবাহ নকৰোৱা আৰু প্ৰতিশোধ আৰু প্ৰতিবাদৰ উপায় হিচাপে সন্তান জন্ম নিদিয়াৰ হুংকাৰ দিছে ।
4B আন্দোলন কি ?
'চাৰিটা না' আন্দোলন বুলিও জনাজাত আৰু দক্ষিণ কোৰিয়াত উদ্ভৱ হোৱা 4B আন্দোলন হৈছে এক নাৰীবাদীসকলৰ দ্বাৰা চালিত সামাজিক প্ৰৱণতা, যিয়ে নাৰীৰ ওপৰত থকা পৰম্পৰাগত প্ৰত্যাশাক অস্বীকাৰ কৰে । এই আন্দোলনৰ নামটো চাৰিটা 'না' নীতিৰ পৰা আহিছে । সেইকেইটা হৈছে কোনো বিবাহ নকৰা, সন্তান জন্ম নিদিয়া, কোনো সম্পৰ্ক নকৰা আৰু কোনো বিপৰীত লিংগৰ সৈতে যৌন সম্পৰ্ক নকৰা ।
কোৰিয়ান ভাষাত 'বি'ৰ অৰ্থ হৈছে 'না' আৰু এই আন্দোলনটো #MeToo আৰু ‘‘escape the corset’’ আন্দোলনৰ পিচত গা কৰি উঠিছে । ব্যাপক যৌনতা, নাৰীৰ বিৰুদ্ধে হিংসা আৰু কোৰিয়ান সমাজত কঠোৰ লিংগ ভূমিকাৰ দৰে গভীৰ বিষয়বোৰৰ প্ৰতি মাত মাতিবলৈ 2019 চনত এই আন্দোলটোৰ উদ্ভৱ হৈছিল ।
4B আন্দোলন অনুসৰণ কৰাসকলে বিবাহ, সৌন্দৰ্যৰ মান আৰু ঘৰুৱা দায়িত্বৰ সৈতে সম্পৰ্কিত সামাজিক চাপ পৰিহাৰ কৰিবলৈ বাছনি কৰে । তেওঁলোকে এই ৰূঢ়বাদিতাবোৰক এনে ব্যৱস্থা হিচাপে গণ্য কৰে, যিয়ে নাৰীৰ জীৱনৰ ওপৰত পুৰুষতান্ত্ৰিক নিয়ন্ত্ৰণ প্ৰয়োগ কৰে আৰু তেওঁলোকৰ স্বাধীনতা সীমিত কৰে ।
নিজৰ কলা শ্ৰেণীত এগৰাকী নগ্ন পুৰুষ মডেলৰ ফটো তোলাৰ পিচত তেওঁৰ গোপনীয় অংশ ঢাকিবলৈ অস্বীকাৰ কৰাৰ পিছত এগৰাকী নাৰীক কাৰাবন্দী কৰাৰ পিচত এই প্ৰতিবাদত ছিউলকে ধৰি সমগ্ৰ দক্ষিণ কোৰিয়াত বিয়পি পৰে । তাৰ পিচতে ইয়াৰ প্ৰতিবাদে গতি লাভ কৰে আৰু ই এক ব্যাপক আন্দোলনত পৰিণত হয় ।
আমেৰিকাত 4B কিয় ট্ৰেণ্ডিত আছে ?
২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ ব্যাপক জয়ৰ মাজতে দক্ষিণ কোৰিয়াৰ এই আন্দোলন আমেৰিকাত ট্ৰেণ্ডিং হৈ আছে । ট্ৰাম্পৰ জয়ৰ বিৰুদ্ধে নাৰী সমাজৰ প্ৰতিবাদক ডেম'ক্ৰেটিক পাৰ্টীৰ প্ৰচাৰ কাৰ্যসূচীৰ বাবেও দায়ী কৰিব পাৰি । কাৰণ ইয়াত কমলা হেৰিছে ট্ৰাম্পৰ নাৰীবিৰোধী প্ৰতিচ্ছবি অংকন কৰিছিল । বহু মহিলাই তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্টলৈ গৈ তাত ট্ৰাম্পৰ জয়ক লৈ বিষোদগাৰ কৰা দেখা যায় ।
"মহিলাসকলে এই বিষয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে । এই প্ৰতিবাদ গুৰুত্বপূৰ্ণ, কিয়নো বহুতো মহিলাই ভাবে যে তেওঁলোক পুৰুষৰ দ্বাৰা বিফল হৈছে ।" আমেৰিকাৰ আটলাণ্টাৰ এগৰাকী মাধ্যিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী গীতা কাৱাছাৰীয়ে ইটিভি ভাৰতক কয় ।
"ইয়াৰ কাৰণ এইটোও যে বহুতো মহিলাই কমলা হেৰিছ আমেৰিকাৰ নিৰ্বাচনত জয়ী হোৱাৰ আশা কৰিছিল, কিন্তু সেয়া নহ'ল । বহু মহিলাই ভাবিছিল যে যদি হেৰিছ শাসনত থাকিলহেঁতেন, তেন্তে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হ'লহেঁতেন । এতিয়া তেওঁলোকে ভাবে যে তেওঁলোকৰ কণ্ঠস্বৰ শুনা নাই ।" কাৱাছাৰীয়ে লগতে কয় ।
আমেৰিকাৰ এগৰাকী মহিলাই তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত লিখিছে, "4B হৈছে আমাৰ প্ৰজনন ব্যৱস্থাৰ সুৰক্ষাক কেন্দ্ৰ কৰি এক নাৰীমুক্তি আন্দোলন (ঐতিহাসিকভাৱে অত্যাচাৰী পুৰুষৰ পৰা) । ইয়াত পুৰুষকেন্দ্ৰিক নাৰীসকলৰ বাবে কোনো স্থান নাই, বিশেষকৈ যিসকলে নাৰীমুক্তিৰ ওপৰত নাৰী-পুৰুষৰ অনুভূতিক প্ৰাথমিকতা দিয়াৰ বাবে আগ্ৰহী ।"
এক্সৰ এটা শক্তিশালী পোষ্টত এগৰাকী মহিলাই লিখিছে, "এই নিৰ্বাচনৰ পিচত য'ত মহিলাসকলে যথেষ্ট পৰিমাণে কৈছিল যে কোনেও যেন তেওঁলোকক লজ্জিত নকৰে, পাহৰি নাযাব নাৰী সমাজ, আমাৰো ক্ষমতা আছে আৰু আপোনালোকে নিশ্চয় জানে মই কেনে ধৰণৰ শক্তিৰ কথা কৈছো । আমাৰ শৰীৰ পুৰুষক অৰ্পণ কৰাটো একমাত্ৰ আমাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল । আমি এইটো কৰিব নালাগে ।"
আমেৰিকাৰ টেক্সাছৰ বাসিন্দা নীল থাক্কৰে কয়, বহুতো মহিলাই বৈষম্যৰ কথা কৈছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ অন্তিম কাৰ্যকালত ট্ৰাম্পৰ নাৰীবিৰোধী মন্তব্যৰ বিষয়েও কথা চৰ্চা কৰিছে । "মই ভাবো নাৰীসকলৰ সামাজিক প্ৰত্যাশাৰ বাহিৰত তেওঁলোকৰ জীৱন নিৰ্ধাৰণ কৰাৰ স্বাধীনতা থাকিব লাগে । বিয়া কৰাব নে নকৰায় এইটো এটা ব্যক্তিগত পছন্দৰ বিষয় ৷ কিন্তু ইয়াত বেছিভাগ মহিলাই প্ৰতিবাদ হিচাপে 4B বাছনি কৰিছে ৷ সেয়েহে ই কেৱল সবলীকৰণ নহয়, বৰঞ্চ এক আমূল প্ৰতিবাদ ।" আমেৰিকাৰ এটা জাপানীজ প্ৰতিষ্ঠানত কাম কৰা থাক্কৰে কয় ।
দানৱৰ প্ৰবক্তা
যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে আৰু সমান্তৰালভাৱে 4B আন্দোলনৰ সন্ধান বিভিন্ন অনুসন্ধান মঞ্চত যথেষ্ট বৃদ্ধি পাইছে । আমেৰিকাত 4B আন্দোলনৰ উত্থান ট্ৰাম্প আৰু হেৰিছ অভিযানৰ সময়ত প্ৰত্যক্ষ কৰা লিংগৰ মাজত হোৱা তিক্ততাপূৰ্ণ যুঁজৰ এক সম্প্ৰসাৰণ ।