ইণ্টাৰনেচনেল ডেস্ক, ২৩ জানুৱাৰী :শ্বেয়াৰ বজাৰত ভাৰতৰ ঈৰ্ষণীয় সফলতা । বিশ্ব শ্বেয়াৰ বজাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে ভাৰত । ব্লুমবাৰ্গে জনোৱা অনুসৰি, ভাৰতীয় শ্বেয়াৰ বজাৰে হংকংক চেৰপেলাই বিশ্বজুৰি চতুৰ্থ সৰ্বোচ্চ ইকুইটি বজাৰত পৰিণত হৈছে । ব্লুমবাৰ্গে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰৰ ব্যৱসায়ৰ সমাপ্তিৰ সময়ত ভাৰতীয় এক্সচেঞ্জত তালিকাভুক্ত শ্বেয়াৰৰ সন্মিলিত মূল্য 4.33 ট্ৰিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে । আনহাতে, ইয়াৰ বিপৰীতে হংকঙৰ শ্বেয়াৰ মূল্য হৈছে 4.29 ট্ৰিলিয়ন আমেৰিকান ডলাৰ ।
ভাৰতৰ শ্বেয়াৰ বজাৰৰ মূলধনে যোৱা বছৰ 5 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে 4 ট্ৰিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰে । ইয়াৰে প্ৰায় আধা বিগত চাৰি বছৰত আহিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিশ্বৰ শীৰ্ষ তিনিটা শ্বেয়াৰ বজাৰ হৈছে আমেৰিকা, চীন আৰু জাপান ।
সামগ্ৰিকভাৱে বিগত 12 মাহ ভাৰতীয় ষ্টকত ধন বিনিয়োগ কৰা বিনিয়োগকাৰীসকলৰ বাবে সুন্দৰ সময় আছিল । কিছু অস্থিৰতা থাকিলেও ২০২৩ কেলেণ্ডাৰ বৰ্ষই শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলক সুন্দৰ আৰ্থিক লভ্যাংশ প্ৰদান কৰে । 2023 চনত ছেনচেক্স আৰু নিফটিয়ে এক সংগ্ৰহমূলক ভিত্তিত 17-18 শতাংশ লাভ কৰে । এই দুয়োটাই ২০২২ চনত মাত্ৰ ৩-৪ শতাংশ লাভ অৰ্জন কৰিছিল ।
হংকঙৰ বেঞ্চমাৰ্ক হেং চেং সূচক বিগত বছৰত 32-33 শতাংশ হ্ৰাস পোৱা বুলি তথ্যই দেখুৱাইছে । সুদৃঢ় জিডিপি বৃদ্ধিৰ পূৰ্বানুমান, নিয়ন্ত্ৰণযোগ্য স্তৰত মুদ্ৰাস্ফীতি, কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ৰাজনৈতিক স্থিৰতা আৰু বিশ্বৰ কেন্দ্ৰীয় বেংকবোৰে তেওঁলোকৰ মুদ্ৰা নীতি কঠোৰ কৰাৰ সৈতে সম্পূৰ্ণ হোৱাৰ লক্ষণবোৰে ভাৰতৰ বাবে এক উজ্জ্বল ছবি অংকন কৰিছে- যাক বহুতো সংস্থাই দ্ৰুতগতিত বিকশিত মুখ্য অৰ্থনীতি বুলি অভিহিত কৰিছে ।