গুৱাহাটী, 16 মে’: বৰ্তমান সময়চোৱাত চুলি পকা বা অকালপক্কতা এটা অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে ৷ বৰ্তমান সময়তচোৱাত বহু কম বয়সৰ ল’ৰা-ছোৱালীৰো চুলি পকা দেখিবলৈ পোৱা যায় ৷ পূৰ্বতকৈ বৰ্তমান সময়ত এই সমস্যাটো বহুত বেছি বাঢ়ি গৈছে ৷ কম বয়সতে চুলি পকাৰ ভিন্ন কাৰণ থাকিব পাৰে তাৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে বংশগত কাৰণ ৷
বংশগত কাৰণত কম বয়সতে চুলি পকিব পাৰে নেকি ?
যদি পিতৃ-মাতৃ বা পূৰ্বপুৰুষৰ কাৰোবাৰ সৰুতে বা কমবয়সতে চুলি পকিছে তেন্তে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰতো কম বয়সতে চুলি পকাৰ সম্ভাৱনা থাকে ৷
কম বয়সতে চুলি পকাৰ কাৰণ সমূহ কি কি ?
১)কম বয়সতে চুলি পকাৰ ভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হৈছে অত্যধিক মানসিক চাপ ৷ বৰ্তমান সময়ত খুব কম বয়সতে পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি অন্যান্য কাৰণ সমূহৰ বাবে সৃষ্টি হোৱা অত্যধিক মানসিক চাপৰ বাবেও বহু কম বয়সৰ ল’ৰা-ছোৱালীৰ চুলি পকা দেখা পোৱা যায় ৷
২) ইয়াৰোপৰি খাদ্যভ্যাসৰ বাবেও প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে চুলি পকা দেখা যায় ৷ সেয়ে সদায় সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে, সুষম আহাৰ খাব লাগে, এইবোৰ নিয়ম মানি চলিলে এই সমস্যাৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি ৷