Covid-19ৰ পিছত চীনৰ শ শ লোকক অশান্তি দি অহা Human Metapneumovirus (HMPV) লাহে লাহে বিশ্বৰ আন দেশলৈ বিয়পিবলৈ ধৰিছে ৷ এই পৰ্যন্ত ভাৰতত এই ভাইৰাছৰ ৫ জন ৰোগী ধৰা পৰিছে ৷ বেংগালুৰু, আহমেদাবাদৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগী ধৰা পৰিছে ৷
বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছে মূলতঃ শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ লক্ষণসমূহ সাধাৰণ ফ্লুৰ দৰেই হ’ব পাৰে ৷ কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল থকা লোক আৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ইয়াৰ ফলত গুৰুতৰ সংক্ৰমণ হ’ব পাৰে ৷
এইচ এম পি ভি প্ৰথমে কোন অংগত প্ৰভাৱ পেলায় ?
এই ভাইৰাছে প্ৰথমে হাওঁফাওঁ আৰু বায়ুপথক লক্ষ্য কৰি লয় ৷ এই সংক্ৰমণে শ্বাসনলীৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা, কাহ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এই সংক্ৰমণ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক, সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকৰ ক্ষেত্ৰত দ্ৰুতগতিত বিয়পিব পাৰে আৰু ইয়াৰ ফলত তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে ৷
শৰীৰত কি কি পৰিৱৰ্তন ঘটে ?
- উশাহ-নিশাহ লোৱাত কষ্ট: এই ভাইৰাছবিধে শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায়, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে ৷ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই সমস্যা অধিক ভয়াৱহ হ’ব পাৰে ৷
- উচ্চ জ্বৰ আৰু ভাগৰ: সংক্ৰমণৰ আৰম্ভণিতে উচ্চ জ্বৰ, মূৰৰ বিষ আৰু শৰীৰত দুৰ্বলতা অনুভৱ হয় ৷
- ডিঙিৰ বিষ আৰু কাহ: এইচ এম পি ভি ডিঙিতো প্ৰভাৱ পেলায়, যাৰ ফলত ডিঙিৰ বিষ, শুকান কাহ আৰু শ্লেষ্মা আদিৰ সৃষ্টি হয় ৷
- শ্বাস-প্ৰশ্বাসজনিত জটিলতা: ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে ব্ৰংকাইটিছ, নিউমোনিয়া আৰু বায়ুপথৰ বাধা আদি গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷
- শৰীৰত অক্সিজেনৰ অভাৱ: গুৰুতৰ ক্ষেত্ৰত শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যাব পাৰে, যাৰ ফলত হাইপ’ক্সিয়া হ’ব পাৰে ৷
নিজকে কেনেকৈ কৰিব ৰক্ষা ?
বিশেষজ্ঞসকলৰ মতে, এইচ এম পি ভি ভাইৰাছক প্ৰতিৰোধৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা, ভিৰ কৰা ঠাইৰ পৰা আঁতৰি থকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰখাটো গুৰুত্বপূৰ্ণ ৷ সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধসকলক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন ৷
চৰকাৰ আৰু চিকিৎসকৰ পৰামৰ্শ
স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে, শেহতীয়াকৈ সংক্ৰমিত শিশু আৰু তেওঁলোকৰ পৰিয়ালে আন কোনো দেশলৈ যোৱাৰ কোনো অভিলেখ নাই ৷ শ্বাস-প্ৰশ্বাসৰ কোনো সমস্যা বা আন কোনো লক্ষণৰ সন্মুখীন হ’লে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈ চিকিৎসকে জনসাধাৰণক আহ্বান জনাইছে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক