ETV Bharat / health

ভাৰতত তিনি শিশু এইচ এম পি ভিত আক্ৰান্ত; প্ৰতিৰোধ কৰিবলৈ সাজু আইচিএমআৰ - HMPV VIRUS IN INDIA

কৰ্ণাটকৰ পাছত এইবাৰ আহমেদাবাদত শিশুৰ দেহত ধৰা পৰিছে এইচএমপিভি ভাইৰাছৰ উপস্থিতি । শিশুটিৰ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

HMPV cases in Karnataka
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 9:14 PM IST

Updated : Jan 6, 2025, 11:08 PM IST

আহমেদাবাদ : চীনৰ ভাইৰাছ আহি পালে ভাৰত । যোৱা ৪ জানুৱাৰীত চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই হিউমেন মেটানিউমো ভাইৰাছ সংক্ষেপে এইচএমপিভিত আক্ৰান্তৰ সংখ্য়া হ্ৰাস পোৱা বুলি দাবী কৰাৰ সময়তেই ভাৰতত এনে ভাইৰাছে তিনিটি শিশুক আক্ৰমণ কৰাৰ তথ্য় প্ৰকাশ পাইছে ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আইচিএমআৰে কৰ্ণাটকত দুটি শিশু হিউমেন মেটানিউমো ভাইৰাছ (এইচ এম পি ভি)ত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰাৰ সময়তেই এইবাৰ আহমেদাবাদত দুমহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি ।

আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱা দুমহীয়া ল'ৰা শিশু এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে । এইচ এম পি ভিত সাধাৰণ চৰ্দি আৰু ফ্লুৰ দৰে লক্ষণ ফুটি উঠে । ৰাজস্থানৰ ডুংগৰপুৰৰ শিশুটিক যোৱা ২৪ ডিচেম্বৰত শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ লক্ষণ ফুটি উঠা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) চলোৱা নিয়মীয়া নিৰীক্ষণৰ অংশ হিচাপে কৰ্ণাটকত দুটা এইচএমপিভি ঘটনা চিনাক্ত কৰাৰ পিছত আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত তৃতীয়টো শিশুৰ দেহত ইয়াৰ উপস্থিতি ধৰা পৰে । প্ৰথম দুয়োটা ঘটনাই আন্তৰ্জাতিক ভ্ৰমণৰ সৈতে সম্পৰ্ক নথকা বাবে স্থানীয় লোকসকলৰ ক্ষেত্ৰত ভাইৰাছৰ উপস্থিতি সূচাইছে বুলি আইচিএমআৰে উল্লেখ কৰিছে ।

২৬ ডিচেম্বৰত তৃতীয়টো সংক্ৰমণ নিশ্চিত হৈছিল :

আহমেদাবাদ পৌৰ নিগমৰ স্বাস্থ্যৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ ভৱিন চোলাঙ্কিয়ে কয়," যোৱা ২৬ ডিচেম্বৰত তৃতীয় এইচ এম পি ভি সংক্ৰমণ নিশ্চিত কৰা হৈছিল । ২৬ ডিচেম্বৰত সংক্ৰমণটো ধৰা পৰিছিল যদিও ব্যক্তিগত চিকিৎসালয়খনে আমাক পলমকৈ জনোৱাৰ বাবে আমি আজি ইয়াৰ বিষয়ে জানিছিলো । শিশুটোক প্ৰথমতে ভেণ্টিলেটৰত ৰখা হৈছিল কিন্তু তেতিয়াৰ পৰা সুস্থিৰ হৈ আছে ।"

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াসকলে গুৰুত্ব আৰোপ কৰি কয় যে এইচ এম পি ভি এক নতুন ভাইৰাছ নহয় আৰু ভাৰতকে ধৰি বিশ্বব্যাপী প্ৰচলিত হৈ আছে । বিভিন্ন দেশত এইচ এম পি ভিত আক্ৰান্ত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা প্ৰকাশ পাইছে । বৰ্তমানৰ তথ্যই দেশত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আই এল আই ) বা গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (এছ এ আৰ আই)ত কোনো অস্বাভাৱিক বৃদ্ধি প্ৰদৰ্শন কৰা নাই ।

পূৰ্বৱৰ্তী ঘটনাসমূহৰ বিষয়ে উদ্ধৃতি দি স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে ব্ৰঙ্কোনিউমোনিয়াৰ ইতিহাস থকা বেপ্টিষ্ট হাস্পতাল বেংগালুৰুত ভৰ্তি হোৱাৰ পিছত এটি তিনিমহীয়া কন্য়া শিশু এইচ এম পি ভিত আক্ৰান্ত বুলি ধৰা পৰে । ব্ৰঙ্কোনিউমোনিয়াৰ ইতিহাস থকা বেপ্টিষ্ট হাস্পতালত ভৰ্তি হোৱাৰ পিছত তিনি জানুৱাৰীত এইচ এম পি ভিৰ বাবে পৰীক্ষা কৰা হয় । আনহাতে,এই পৰীক্ষাত ৮ মহীয়া ল'ৰা শিশু এটিৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে । এতিয়া শিশুটি সুস্থ হৈ আছে বুলি মন্ত্ৰণালয়ে উল্লেখ কৰিছে ।

নিজে নিজে উপশম হোৱা ভাইৰাছ :

এই ৰোগ সন্দৰ্ভত কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী দিনেশ গুণ্ডু ৰাৱে কয়, " আমি আতংক বিয়পোৱাটো উচিত নহয় । এইচ এম পি ভি এটা নতুন ভাইৰাছ নহয় । ই দীৰ্ঘদিন ধৰি চলি আহিছে আৰু সাধাৰণতে চৰ্দি, ফ্লু বা কাহৰ দৰে লক্ষণ সৃষ্টি কৰে । ই হৈছে নিজে নিজে উপশম হোৱা ভাইৰাছ ।"

আনহাতে,মন্ত্ৰণালয়ে কয় যে আইচিএমআৰ আৰু ইণ্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেঞ্চ প্ৰগ্ৰাম (আইডিএছপি) নেটৱৰ্কৰ বৰ্তমানৰ তথ্যৰ ওপৰত আধাৰিত কৰি দেশত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) বা গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (এছএআৰআই) ৰোগত কোনো অস্বাভাৱিক বৃদ্ধি হোৱা নাই । বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে চীনৰ পৰিস্থিতি সম্পৰ্কে সময়মতে আপডেট কৰি আছে যাতে চলিত ব্যৱস্থাসমূহৰ বিষয়ে অধিক অৱগত হয় ।

সমগ্ৰ দেশতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ যিকোনো সম্ভাৱ্য বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ ভাৰত সাজু আৰু প্ৰয়োজন হ'লে জনস্বাস্থ্যৰ হস্তক্ষেপ তৎক্ষণাৎ নিয়োজিত কৰিব পাৰি বুলিও মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে । যোৱা সপ্তাহত স্বাস্থ্য মন্ত্ৰণালয়ে ডিজিএইচএছৰ অধ্যক্ষতাত অনুষ্ঠিত এক যুটীয়া নিৰীক্ষণ গোটৰ (জেএমজি) বৈঠক অনুষ্ঠিত কৰে । ডাঃ অতুল গোৱেলে যোৱা কেইসপ্তাহমানত চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বৰ্ধিত ঘটনাৰ বিষয়ে প্ৰতিবেদনত দৃষ্টি ৰাখিছে । বিতং আলোচনাৰ পিছত আৰু বৰ্তমান উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি বৈঠকখনে সন্মত হয় যে চলিত ফ্লু ঋতুৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ পৰিস্থিতি অস্বাভাৱিক নহয় ।

লগতে পঢ়ক:ভাৰত পালেহি চীনৰ ভাইৰাছ: বেংগালুৰুত দুই শিশু এইচ এম পি ভিত আক্ৰান্ত - HMPV VIRUS IN INDIA

HMPV: "চিন্তাৰ কোনো কাৰণ নাই" ক’লে ভাৰতীয় স্বাস্থ্য সংস্থাই - HMPV

Last Updated : Jan 6, 2025, 11:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.