অসম

assam

ETV Bharat / health

সপোনত মহাদেৱক এইদৰে দেখে নেকি ? তেন্তে পাব শুভফল - Lord Shiva In Your Dreams

Seeing Lord Shiva In Your Dreams: আমি প্ৰায়েই আমাৰ সপোনত বিভিন্ন বস্তু দেখো আৰু সকলোৰে বিভিন্ন অৰ্থ থাকে ৷ কিন্তু যদি আমি মহাদেৱক আমাৰ সপোনত দেখো তেন্তে ইয়াৰ প্ৰকৃত অৰ্থ কি ? আজি জানি লওক-

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 6:20 PM IST

What happens when you see Mahadev in Your dream?
সপোনত মহাদেৱক এইদৰে দেখে নেকি ? তেন্তে পাব শুভফল (FREEPIK)

আপুনি নিশ্চয় সপোন দেখে ? পিছে এই সপোনবোৰৰ অন্তৰালত থাকে বহু কাহিনী ৷ কিছুমান এনে সপোন আছে যিবোৰ সপোন দেখিলে মহাদেৱ সন্তুষ্ট হয় ৷ ভক্তৰ প্ৰাৰ্থনাত মহাদেৱ সন্তুষ্ট হ’লে ভক্তৰ মনোবাঞ্চা পূৰণ কৰি দিয়ে ৷

বহু সময়ত মহাদেৱে ভক্তসকলক ভৱিষ্যতৰ বহু ঘটনাৰ বাবে ইংগিতৰ দ্বাৰা সতৰ্ক কৰি দিয়ে ৷ যদিহে আপুনি সপোনত মহাদেৱক কেতবোৰ ভংগীমাত দেখে তেন্তে আপোনাৰ জীৱন ধন্য কৰি দিব পাৰে ৷ জানো আহক মহাদেৱক বিভিন্ন ৰূপত সপোনত দেখাৰ প্ৰকৃত অৰ্থ কি ?

  • আপুনি যদি সপোনত মহাদেৱক ডম্বৰুৰ সৈতে দেখে তেন্তে ই ভাল লক্ষণ হিচাপে ধৰা হয় ৷ সপোনত ডম্বৰু দেখা পালে আপোনাৰ জীৱনত ইতিবাচকতাই বিৰাজ কৰে ৷
  • অথবা আপোনাৰ কৰ্মক্ষেত্ৰতো বিভিন্ন সুবিধা লাভ কৰাৰ লগতে উন্নতি কৰাৰ সম্ভাৱনা থাকে ৷ এই সপোন দেখা লোকৰ ক্ষেত্ৰত ভগৱান শিৱ সন্তুষ্ট হোৱা বুলি ধৰা হয় ৷ সেই বাবে শিৱক আৰাধনা কৰাৰ উপৰি পূজা আগবঢ়াব লাগে ৷
  • যদি ভগৱান শিৱৰ সংগী নন্দীৰ ওপৰত মহাদেৱ বহি থকা ভংগীমাত সপোনত দেখা পায় তেন্তে ইয়ো এক শুভ লক্ষণ ৷ এই সপোনৰ অৰ্থ হৈছে আপুনি আপোনাৰ শত্ৰুৰ ওপৰত বিজয়ী হ’ব ৷ আপোনাৰ শত্ৰুৰ বিনাশ হ’ব ৷
  • যদি আপুনি আপোনাৰ সপোনত শিৱ লিংগ দেখে তেন্তে চিন্তাৰ কোনো কাৰণ নাই ৷ আপুনি নিশ্চিন্ত মনে থাকক ৷ কিয়নো শিৱলিংগ সপোনত দেখাৰ অৰ্থ হৈছে আপোনৰ বিজয় ৷ যিকোনো কামত কৰোতে আপুনি উজুটি নাখায় ৷ কৰি থকা কামৰ পৰা সুফল নিশ্চিত বুলি ধৰা হয় ৷
  • সদাশিৱ-পাৰ্বতীক একেলগে যদি দেখে তেন্তে ই এক শুভ লক্ষণ ৷ এই সপোন দেখা লোকসকল ধনৱান, বলৱান হয় ৷
  • আপুনি যদি সদাশিৱক নৃত্য কৰি থকা ভংগীমাত সপোন দেখে,তেন্তে ই বৰ শুভ লক্ষণ ৷ কিয়নো এই সপোনৰ অৰ্থ হৈছে আপোনাৰ সমস্যা সোনকালে সমাধান হ'ব ৷ ই এইটোও সূচায় যে কিছু সংগ্ৰামৰ পিছত আপোনাৰ সম্পদ প্ৰাপ্তি হ’ব আৰু আপোনাৰ শ্ৰমৰ ফল অদূৰ ভৱিষ্যতে পূৰণ হ'ব ৷
  • গতিকে ভগৱান শিৱক এনেবোৰ এনেবোৰ ভংগীমাত সপোনত দেখিলে কেতিয়াও চিন্তা নকৰিব ৷ বৰং শিৱৰ আৰাধনাহে কৰিব, কিয়নো শিৱৰ আৰাধনা নাইবা পূজা কৰিলে সুফল পোৱা যায় ৷
লগতে পঢ়ক:শিৱৰাত্ৰিত মহাদেৱক অৰ্পন কৰক এই ভোগ, পূৰণ হ’ব সকলো মনোকামনা

ABOUT THE AUTHOR

...view details