ETV Bharat / health

কেতিয়াবা ভাবিছেনে! শীতকালত কিয় হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়... - HEART ATTACK

শীতকালত হাৰ্ট এটেকৰ ফলত বহুলোকেই নিজৰ প্ৰাণ হেৰুওৱাবলগীয়া হয় কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি ? বিশেষজ্ঞৰ পৰাই জানি লও আহক-

Expert Insights: Why Heart Attack Risk Surges During the Winter Months
কেতিয়াবা ভাবিছেনে! শীতকালত কিয় হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়... (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 17, 2025, 5:04 PM IST

কিছুদিন পূৰ্বে বলীউডৰ অন্যতম বিখ্যাত কৌতুক অভিনেতা টিকু তালছানিয়া হৃদৰোগত আক্ৰান্ত হৈছিল লগতে কৰ্ণাটক আৰু গুজৰাটৰ আহমেদাবাদত দুটি কণমানিয়ে নিজৰ প্ৰাণ হেৰুওৱাবলগীয়া হয় ৷

এক কথাত ক’বলৈ গ’লে উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বয়োজ্যেষ্ঠ লোকসকলৰ লগতে শিশুও শেহতীয়াকৈ হাৰ্ট এটেকৰ ফলত মৃত্যুমুখত পৰা খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছিল ৷ লক্ষণীয়ভাৱে শীতকাল আৰম্ভ হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷ শীতকালত ৰক্তবাহী নলী বন্ধ হোৱাৰ বাবে কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি ৷ যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই ঋতুত হৃদযন্ত্ৰৰ কাৰ্য সম্পাদনতো কিছু বাধাৰ সৃষ্টি হয় ৷ কাৰণ এই সময়ত হৃদযন্ত্ৰই পৰ্যাপ্ত অক্সিজেন লাভ নকৰে ৷

ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনৰ মতে , ঠাণ্ডা বতৰত হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বৃদ্ধি পায় জানি লওক
আচলতে ঠাণ্ডা বতৰত আপোনাৰ হৃদযন্ত্ৰই আপোনাক গৰম কৰি ৰাখিবলৈ সমগ্ৰ শৰীৰত অক্সিজেন পাম্প কৰিবলৈ দুগুণ কষ্ট কৰিবলগীয়া হয়, গতিকে ঠাণ্ডাই আপোনাৰ...ৰক্তবাহী নলী আৰু ক’ৰ’নাৰী ধমনী সংকুচিত হৈ পৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু তেজৰ সোঁত বাধাপ্ৰাপ্ত হয় । যাৰ বাবে হৃদযন্ত্ৰলৈ অক্সিজেনৰ যোগান হ্ৰাস পাব পাৰে, যিয়ে শেষত হাৰ্ট এটেকৰ সৃষ্টি কৰিব পাৰে ।

শীতকালত হাৰ্ট এটেকৰ সমস্যা কিয় বৃদ্ধি পায় ? তথা ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ থাকিলে কি কৰিব লাগে, এই বিষয়ে জানিবলৈ বহু লোক ইচ্ছুক ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত নেশ্যনেল হাৰ্ট ইনষ্টিটিউটৰ CEO ডাঃ অ’ পি যাদৱে এনে প্ৰতিটো প্ৰশ্নৰ সহজ উত্তৰ আগবঢ়াইছে ৷

তেওঁ কয় যে, শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বহু কাৰণ থাকিব পাৰে ৷ তেওঁ জানিবলৈ দিয়া মতে ঠাণ্ডা বতৰত শিৰাবোৰ সংকুচিত হয় বাবে তেজ সঠিকভাৱে পাম্প কৰিব নোৱাৰি ৷ এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ৷ ইয়াৰ বাহিৰেও এই ঋতুত তেজ ডাঠ হৈ বুকুৰ ওচৰলৈ ভালদৰে যাব নোৱাৰে ৷ এনে কাৰণতো হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ঠাণ্ডাৰ দিনত মানুহে প্ৰায়ে কোনো শাৰীৰিক ক্ৰিয়া-কলাপ নকৰে ৷ ঠাণ্ডাৰ বাবে অধিকাংশ লোক ঘৰতে আৱদ্ধ হৈ থাকে ৷

আনকি বহু লোকে দৈনিক কৰি অহা মৰ্নিং ৱাকৰ অভ্যাসো ঠাণ্ডা দিনত ত্যাগ কৰা দেখা যায় ৷ এনে পৰিস্থিতিত আমাৰ শৰীৰৰ ৰক্তকণিকা (RBC) একেলগে আবদ্ধ হৈ পৰে, যাৰ ফলত হৃদযন্ত্ৰত ৰক্ত সঞ্চালন কমি যায় ৷ সেয়েহে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় ৷ আমাৰ খাদ্যাভ্যাসে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰাত ডাঙৰ ভূমিকা পালন কৰে ৷ ভাৰসাম্যহীন খাদ্যই হাৰ্ট এটেকৰ সমস্যা বৃদ্ধিতো সহায় কৰে ৷

শীতকালত মানুহে চেচুৰেটেড ফেট, ট্ৰেন্স ফেট, ৰিফাইনড আৰু ছডিয়াম সমৃদ্ধ প্ৰচেছড খাদ্য অধিক গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে ৷ এই সকলোবোৰ আমাৰ শৰীৰ আৰু হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক, কিন্তু শীতকালত সোৱাদৰ বাবে আমাৰ এনে খাদ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা দেখা যায় ৷ যাৰ ফলত হাৰ্ট এটেক বা হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এক কথাত শীতকালত অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেও হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ৷

ডাঃ অ’ পি যাদৱৰ মতে যিকোনো ঋতুতে হাৰ্ট এটেক হোৱাৰ আশংকা থাকিব পাৰে ৷ শীত আৰু গ্ৰীষ্মকালত ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় ৷ কাৰণ ঠাণ্ডা বতৰত তেজ পাতল হোৱাৰ পৰিৱৰ্তে ডাঠ হৈ পৰে ৷ একেদৰে গ্ৰীষ্মকালত ঘামৰ ফলত তেজ ডাঠ হৈ পৰে, যাৰ বাবে তেজৰ সঠিক প্ৰবাহ হৃদযন্ত্ৰলৈ যাব নোৱাৰে ৷ এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ৷

শীতকালত সুষম আহাৰ, স্বাস্থ্যকৰ জীৱনশৈলী আৰু যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰি হৃদৰোগৰ লগতে অন্যান্য ৰোগৰ পৰা হাত সাৰিব পাৰি ৷ ইয়াৰ পিছতো যদি কোনো ৰোগে দেখা দিয়ে তেতিয়াহ’লে চিকিৎসকৰ কাষ চপাটোৱেই উত্তম ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

উৎস-https://pmc.ncbi.nlm.nih.gov/articles/PMC3662093/

লগতে পঢ়ক

  1. পুনৰ হাৰ্ট এটেকত ৮ বছৰীয়া ছাত্ৰীৰ মৃত্যু...কিয় শৈশৱতে দুৰ্বল হ’বলৈ ধৰিছে হৃদযন্ত্ৰ
  2. সঁচাকৈ মিঠা খাদ্য-পানীয়ই ষ্ট্ৰোক-হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি ? কি কয় গৱেষণাই
  3. কি হয় ABCDE ফৰ্মূলা ? বিশেষজ্ঞৰ মতে যিয়ে দূৰ কৰে হৃদৰোগৰ আশংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.