ভিটামিন চি-ৰ সৰ্বশ্ৰেষ্ঠ উৎসবোৰৰ ভিতৰত এটা হৈছে নেমু, যি প্ৰতিটো ঋতুতে সহজে উপলব্ধ হয়, কিন্তু বহুলোকে নেমু খাবলৈ ভাল নাপায় আৰু একেটা খাদ্য সামগ্ৰী বাৰে বাৰে খাই আমনি পায় । আনহাতে কিছু লোকৰ নেমুৰ প্ৰতি এলাৰ্জিও আছে ।
শীতকালত উপলব্ধ মধুৰিআম হৈছে ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস, ১০০ গ্ৰাম মধুৰিআমত প্ৰায় ২২৮ মিগ্ৰা ভিটামিন চি পোৱা যায়, যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
কমলা আৰু মৌচুমীও ভিটামিন চিৰে সমৃদ্ধ । ১০০ গ্ৰাম কমলাত প্ৰায় ৫৩ মিগ্ৰা ভিটামিন চি আৰু ১০০ গ্ৰাম মোচম্বীত ৫০ মিগ্ৰা ভিটামিন চি পোৱা যায় । যাৰ ফলত এই দুবিধ ফল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ছালৰ স্বাস্থ্যৰ বাবে উৎকৃষ্ট বিকল্প হৈ পৰে ।
আনহাতে অমিতাও ভিটামিন চিৰ এক ভাল উৎস । ১০০ গ্ৰাম অমিতাত প্ৰায় ৬০ মিগ্ৰা ভিটামিন চি থাকে, যি হজম উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
আমলখিতো প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । ১০০ গ্ৰাম আমলাত ৬০০ৰ পৰা ৭০০মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তদুপৰি ই চুলি আৰু ছালৰ বাবেও অতি উপকাৰী ।
বাৰিষাৰ সময়ত পোৱা ক’লা জামুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ।১০০ গ্ৰাম জামুত ৮০ৰ পৰা ৯০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যিটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী ।
আনাৰস বা মাটিকঁঠালো ভিটামিন চিৰ এক সমৃদ্ধ উৎস । এক কাপ আনাৰসত প্ৰায় ৮০ মিলিগ্ৰাম ভিটামিন চি পোৱা যায়, যি নেমুতকৈ সোৱাদতো ভাল ।
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক