লখিমপুৰ : লখিমপুৰ নগৰৰ সমীপতে আছে পুৰাণবৰ্ণিত ৰঙানদী । সম্প্ৰতি ৰঙানদীত মাছে অস্বাভাবিক আচৰণ কৰিবলৈ লৈছে । কেইদিনমানৰ পৰা মাজে-সময়ে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিছে । ৰাইজে নৈখনৰ মাছ হাতেৰ ধৰিব পৰা হৈছে । নৈখনৰ পানী দূষিত হোৱাৰ বাবে এনে হৈছে বুলি ৰাইজে সন্দেহ কৰিছে ৷ এইক্ষেত্ৰত ৰাইজে নীপকোৰ প্ৰতি সন্দেহৰ আঙুলি টোঁৱাইছে ।
হয়, লখিমপুৰৰ ৰঙানদীত মাছৰ অস্বাভাৱিক মৃত্যু ঘটিছে । প্ৰদূষিত হৈছে নৈৰ পানী । নীপকোৰ বাবেই পানী দূষিত হোৱাৰ সন্দেহ কৰা হৈছে । এইক্ষেত্ৰত উচ্চ পর্যায়ৰ তদন্তৰ দাবী উঠিছে ।
লখিমপুৰ নগৰৰ সমীপতে থকা ৰঙানদীত হঠাতে কেইদিনমানৰ আগতে মাছে অস্বাভাৱিকভাৱে ধৰফৰাবলৈ ধৰে । অস্বাভাৱিকভাৱে নৈখনৰ মাছে কলমলাই পাৰৰ দিশে আহিবলৈ লয় । লগতে মৃত্যুমুখত পৰে নৈখনৰ মাছ ।
নৈখনত কেইদিনমানৰ পৰা মাজে-সময়ে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিব ধৰিছে । আনহাতে, হঠাৎ নৈখনত মাছৰ এনে আচৰণ দেখি উবুৰি খাই পৰে নৈপৰীয়া ৰাইজ । যিয়ে যেনেকৈ পাৰে মাছ ধৰিবলৈ লয় । বিশেষ একো যত্ন নকৰাকৈয়ে ৰাইজে সহজেই ধৰিবলৈ লয় ধৰফৰাই থকা মাছবোৰ ।
একো একোজন লোকে চাৰি-পাঁচ কিলোগ্ৰাম পৰ্যন্ত মাছ অনায়াসে ধৰিবলৈ সক্ষম হয় । এই লৈ নৈপৰীয়া অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, পোহনীয়া গৰু-ম'হেও নৈখনৰ পানী নোখোৱা হৈছে । অতি লেতেৰা আৰু ক'লা গেদযুক্ত হৈ পৰিছে নৈখনৰ পানী ।
কিন্তু হঠাৎ কিয় নৈখনৰ মাছবোৰ এনেদৰে ধৰফৰাই মৰাৰ উপক্ৰম ঘটিল সেই লৈ চৰ্চা অব্যাহত আছে । ৰাইজৰ সন্দেহ অনুসৰি, অৰুণাচলৰ আভ্যন্তৰত থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰ পৰিষ্কাৰ কৰাৰ বাবে নীপকোৱে হয়তো জলাধাৰৰ তলৰ গেদ অংশ মোকলাই দিব পাৰে । যাৰ বাবে নৈখনৰ পানী ঘোলা হৈ পৰে আৰু মাছে চকু মেলিব নোৱাৰি ধৰফৰাবলৈ ধৰে । ফলত ৰাইজে সহজতে হাতেৰেই মাছ ধৰিবলৈ সক্ষম হয় ।
আন একাংশৰ চৰ্চা অনুসৰি, নৈখনৰ যি অংশত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছে তাৰ পৰা নৈখন লখিমপুৰত প্ৰৱেশ কৰা স্থান পৰ্যন্ত এই অংশত কেইবাটাও জান-জুৰি নৈখনত লগ লাগিছে । কোনো লোকে হয়তো তেনে জান-জুৰিত মাছ ধৰাৰ বাবে কিবা দ্ৰব্য পানীত মিহলি কৰিব পাৰে । যাৰ বাবে সেই পানী আহি ৰঙা নৈত পৰে আৰু নৈখনৰ মাছৰ এনে অৱস্থা হ'বলৈ পালে ।
অৱশ্যে এয়া ৰাইজৰ মনত উদ্বেগ সৃষ্টি কৰা আশংকাহে । নৈখনত এনে কি পৰিৱেশ সৃষ্টি হ'ল যাৰ বাবে নৈখনৰ মাছে অস্বাভাবিক আচৰণ কৰিবলৈ ল'লে তাৰ কোনো নিশ্চিত তথ্য নাই ।
উল্লেখ্য, নীপকোৱে ৰঙানদী প্ৰকল্পৰ জলাধাৰৰ পৰা পানী এৰিলে লখিমপুৰ জিলা প্ৰসাশনলৈ আগতীয়াকৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰে । বাৰিষাই হওক বা খৰালিতে হওক, নীপকোৱে এনেদৰে পানী এৰিলে সতৰ্কবাৰ্তা প্ৰেৰণ কৰি আহিছে । আজি কিন্তু নীপকোৱে তেনে কোনো সতৰ্কবাৰ্তাও প্ৰেৰণ কৰা নাই । তেনেহ'লে নৈখনত আজি এনে অস্বাভাৱিক পৰিস্থিতি কিয় হ'ল তাৰ কোনো সদুত্তৰ এই পৰ্যন্ত প্ৰকাশ পোৱা নাই ।
ইফালে এই লৈ বিভিন্ন দল-সংগঠনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । লখিমপুৰ সচেতন নাগৰিক সমাজে নীপকোৱে প্ৰকল্পৰ জলাধাৰৰ তলৰ গেদ অংশ মোকলাই দিয়াৰ বাবে নৈখনৰ পানী প্ৰদূষিত হোৱাৰ সন্দেহ প্ৰকাশ কৰি এইক্ষেত্ৰত এক উচ্চ পর্যায়ৰ তদন্ত দাবী কৰিছে । নীপকোৱে নৈখনৰ পানী দূষিত কৰাৰ অধিকাৰ নাই বুলি ক্ষোভ প্ৰকাশ কৰি লখিমপুৰ সচেতন নাগৰিক সমাজৰ সম্পাদক ছাজাদ হাজৰিকাই এইক্ষেত্ৰত এক উচ্চ পর্যায়ৰ তদন্ত দাবী কৰিছে ।
তেওঁ কয়, "কেইদিনমানৰ পৰা ৰঙানদীৰ পানী বিষাক্ত হৈ পৰাত জলজ সম্পদ, মাছ আদিৰ অপমৃত্যু ঘটিছে । নৈখনৰ দাঁতিকাষৰীয়া ৰাইজে মৃতপ্রায় মাছবোৰ হাতেৰে ধৰিছে । খৰালিকালত ৰঙানদীৰ পানী বিষাক্ত হৈ পৰা এই ঘটনা-পৰিঘটনাই আমাক ভাবিবলৈ বাধ্য কৰাইছে যে নীপকোৱে হয়তো তেওঁলোকৰ ৰিজাৰ্ভাৰত জমা হৈ থকা গেদপূৰ্ণ আৱৰ্জনা তথা পানী ৰঙানদীত এৰি দিছে ।"
এইক্ষেত্ৰত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে স্পষ্ট ভাষাৰে মত প্ৰকাশ কৰে, "বাৰিষাকালত ৰঙানদীয়ে নদীপৰীয়া অঞ্চলত বিস্তৰ ক্ষতি কৰে । আনফালে খৰালি নদীখনত বিশেষ পানী নথকাৰ সময়ত পানী বিষাক্ত আৰু গেদপূৰ্ণ হৈ পৰাত মাছ-পুঠি, জলজ সম্পদৰ অপমৃত্যু হোৱা ঘটনাই আমাক ভাবিবলৈ বাধ্য কৰাইছে যে নীপকোৱে য়াজালিত থকা নীপকোৰ ৰিজাৰ্ভাৰৰ গেদ ৰঙানদীত এৰি দিব পাৰে । এইক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে উচ্চ পর্যায়ৰ এক তদন্ত কৰিব লাগে । ৰঙানদীপৰীয়া সভ্যতা-সংস্কৃতি ৰক্ষাৰ বাবে এক উচ্চ পর্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ আমি সজোৰে দাবী উত্থাপন কৰিছোঁ ।"