বাইহাটা : বুধবাৰে বিয়লি কামৰূপ জিলাৰ বেজেৰাত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ দৰে আন বিশিষ্ট ব্যক্তিসকল ৷
নতুন ভৱনৰ দ্বাৰ মুকলিৰ পিছতে অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক পাঁচ বছৰত পাঁচ হাজাৰ এনে আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত অহা বছৰৰ ভিতৰত অসমত মেডিকেল কলেজৰ সংখ্যা ১৮ খনলৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰে ৷ তদুপৰি, নাৰেঙ্গী-কুৰুৱাৰ দলং শীঘ্ৰে শুভাৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাত অতি কমেও এখনকৈ দলং আৰু প্ৰতিখন জিলাত এখনকৈ মেডিকেল কলেজ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
আনহাতে, অসমৰ জাগীৰোডত বনোৱা চিপছে আমেৰিকাৰ বজাৰ দখল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ উক্ত চিপছৰ পেকেটত 'মেড ইন আছাম' লিখা থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে ৷ নিজৰ বক্তব্যত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰি অহা ১৭ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সফলতা কামনা কৰে ৷
অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "অসমত ৫০০ খন অসমীয়া মাধ্যমৰ বিদ্যালয় ডনবস্ক'-ছেণ্টমেৰিজৰ দৰে সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণ কৰাৰ বিষয়ে মই ২০২৩ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিলোঁ । ইতিমধ্যে ৪০০ খনতকৈও অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে । প্ৰতিখন বিদ্যালয়তে আমি ৮ ৰ পৰা ১০ কোটি টকা খৰচ কৰিছোঁ । আজি এই শৃংখলাত প্ৰথমখন বিদ্যালয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় উদ্বোধন হ'ল । এই বিদ্যালয়ৰ ভৱন ডনবস্ক'-ছেণ্টমেৰিজতকৈ কোনো গুণে কম নহয় । এনেধৰণৰ সুন্দৰ বিদ্যালয় নিৰ্মাণৰ আমাৰ যি প্ৰতিশ্ৰুতি আছিল তাক আজি আমি পালন কৰিব পাৰিলোঁ আৰু মই বিশ্বাস কৰো যে ইয়াত স্মাৰ্ট ক্লাছৰূম, ডিজিটেল ক্লাছৰূম, ডিষ্টেন্স লাৰ্ণিং আৰু পৰ্যাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আছে আৰু এইধৰণে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সময়োপযোগীকৈ নিৰ্মাণ কৰিব পাৰিম ।"