ৰঙিয়া: বুধবাৰে পথ অৱৰোধ কৰি ৰাজপথ কঁপাই তুলিলে ৰঙিয়াৰ সমীপৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত গড়পুত গাঁৱৰ ৰাইজে । ৰঙিয়া আৰক্ষীৰ কৰ্মত গাফিলতি আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে ৰাইজে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অসম পুলিচ হায় হায়, ভৱেশ কলিতাৰ গুণ্ডাগিৰি নচলিব, আমাক ন্যায় লাগে আদি শ্ল'গানেৰে ৰাজপথ কঁপাই তুলিলে প্ৰতিবাদকাৰী জনতাই ।
অভিযোগ অনুসৰি, যোৱা শনিবাৰে ৰঙিয়া আৰক্ষী থানাৰ সমীপৰ পৰা নিৰুদ্দেশ হৈছিল গড়পুত গাঁৱৰ নিবাসী তথা ব্যৱসায়ী ভূপেন ডেকা নামৰ লোকজন । পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছিল । ইফালে ভূপেন ডেকা নিৰুদ্দেশ হোৱাৰ দিনাই নিশা ৯.৪০ বজাত গুৱাহাটীৰ ভূতনাথৰ ৰে'লপথত এটা মৃতদেহ উদ্ধাৰ হৈছিল ।
জি আৰ পি এফে মৃতদেহ উদ্ধাৰৰ সময়ত পোৱা তথ্য সম্বলিত চিঠি ৰঙিয়া আৰক্ষীলৈ পঠিয়াইছিল । কিন্তু ৰঙিয়া আৰক্ষীয়ে চিঠিখন লাভ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিলে । যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃতদেহটো মৰোণোত্তৰ পৰীক্ষা কৰি অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰাৰ আগমুহূৰ্ততহে পৰিয়ালৰ লোকসকলে গম পায় । ইয়াৰ বাবে এইক্ষেত্ৰত ৰঙিয়া আৰক্ষীক জগৰীয়া কৰে স্থানীয় লোকসকলে ।
লগতে অভিযোগ কৰি কয়, "মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ আছে । সেয়া কোনোপধ্যেই দুৰ্ঘটনা হ'ব নোৱাৰে । ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে । সেয়ে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে ।" তাৰ পিছত বুধবাৰে মৃতদেহ ৰঙিয়া আহি পোৱাৰ পিছত উত্তপ্ত হৈ পৰে ৰঙিয়া আৰক্ষী থানা চৌহদ ।
ৰঙিয়া আৰক্ষী থানা আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে প্ৰতিবাদকাৰীসকলে । বাতৰি লিখাৰ সময়লৈকে অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ । যেতিয়ালৈকে ন্যায় নাপাই তেতিয়ালৈকে এই আন্দোলন চলি যাব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।