গুৱাহাটী : পোনপ্ৰথমবাৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন । কাইলৈ অৰ্থাৎ অহা ১৭ ফেব্ৰুৱাৰীত ২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশন আৰম্ভ হ'ব কোকৰাঝাৰৰ বি টি চি সচিবালয়ত । অধিৱেশৰ পিছৰ কাৰ্যসূচী অসম বিধানসভাতে অনুষ্ঠিত হ'ব ।
এই অধিৱেশনৰ আৰম্ভণিৰ দিনটোত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব । মন্ত্ৰী, বিধায়ক, বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ভিৰ বাঢ়িব কোকৰাঝাৰত । অৱশ্যে ভি আই পিৰ ভিৰ বাঢ়িলেও কোৰাঝাৰত বিলাসী গাড়ীৰ ভিৰ বৃদ্ধি নাপায় । কাৰণ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে জনপ্ৰতিনিধিসকলে ব্যৱহাৰ কৰা বিলাসী গাড়ীৰে কোকৰাঝাৰলৈ যাত্ৰা কৰাৰ পৰিৱৰ্তে তেওঁলোক আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰহে যাত্ৰী হ'ব ।
অসম বিধানসভা সচিবালয় কর্তৃপক্ষই জনোৱা মতে, কোকৰাঝাৰলৈ বুলি যাত্ৰা কৰাৰ উদ্দেশ্যেৰে বিধানসভা কর্তৃপক্ষই চাৰিখনকৈ অত্যাধুনিক চার্টার্ড বাছ সাজু কৰিছে । অর্থাৎ দিছপুৰৰ পৰা বাছেৰে কোকৰাঝাৰলৈ যাব সকলো মন্ত্রী-বিধায়ক। ভি আই পি গাড়ী এৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত একেখন বাছেৰে কোকৰাঝৰলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাও ।

উল্লেখ্য যে, পূৰ্বৰ পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰিয়ে অনুষ্ঠিত হ'ব ।
লক্ষণীয় বিষয় যে প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । এই অধিৱেশন উপলক্ষে প্ৰশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰ নতুনকৈ সজাই-পৰাই তুলিছে । অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ সকলো দিশ তদাৰক কৰিছে বিটিচিৰ মুৰব্বী বড়োৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
এই সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়, "অহা ১৭ ফেব্ৰুৱাৰীৰ দিনটো আমাৰ বাবে ঐতিহাসিক দিন হ'ব । অসম বিধানসভাই সদায়ে ৰাজ্যৰ উন্নয়নৰ হকে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে । বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই স্থায়ী শান্তি-সমন্বয়ৰ লগতে ৰাজ্যৰ চুকে-কোণে উন্নয়নৰ বাবেও কাম কৰিছে ।"
বাজেট অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰে আৰম্ভ হ’ব । এই অধিৱেশনলৈ ৰাজ্যপাল আচাৰ্যই বন্দে ভাৰত ৰে’লত উঠি কোকৰাঝাৰত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে । অধিৱেশনৰ পিছদিনা ৰাজ্যপালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত অংশ ল’ব ।
ৰাজ্যপালে চৰাইখোলাস্থিত অতিথিশালাত দুনিশা কটাব । আনহাতে বাজেট অধিৱেশনৰ বাবে মুখ্যমন্ত্ৰী আৰু আন মন্ত্রী-বিধায়ক সকলে ১৭ ফেব্ৰুৱাৰীৰ পুৱা গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব । যাত্ৰাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বিটিচি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই অধিবেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে ।
বিটিচিৰ কাৰ্যবাহী সদস্য তথা সদস্যসকলে গেলাৰীৰ বাওঁফালৰ আসনত বহি অধিৱেশনৰ কাৰ্যক্ৰমণিকা চাব পাৰিব । আনহাতে সাংবাদিক সকলৰ বাবে গেলাৰীৰ সোঁফালৰ আসনৰ ব্যৱস্থা কৰা হৈছে । অধিৱেশনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বকো আমন্ত্ৰণ জনোৱা হৈছে । তেওঁলোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা সভাস্থলীত ডাঙৰ পৰ্দাত অধিবেশনৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব ।
বর্তমানে পৰিষদীয় ভৱনৰ পাৰ্কিঙৰ স্থানত অস্থায়ী ৰভাৰ ব্যৱস্থা কৰি সেই সুবিধা মুকলি কৰা হৈছে । আনহাতে বিটিচি সচিবালয়ৰ প্ৰাংগণত নিৰ্মাণ কৰা অস্থায়ী মণ্ডপত মন্ত্ৰী-বিধায়কসকলৰ বাবে ভোজনৰ ব্যৱস্থা কৰা হৈছে । এক কথাত উখল-মাখল হৈ পৰিছে কোকৰাঝাৰ ৷