তেজপুৰ, ১৮ জুলাই :ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ ঢাক-ঢোল বজোৱা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি উন্নতিকৰণৰ ফোঁপোলা স্বৰূপ দৈনিক উন্মোচিত হৈ আহিছে ৷ তথাপি কাণসাৰ নাই বিয়াগোম স্বাস্থ্য বিভাগৰ ।
স্বাস্থ্য বিভাগে ৰাজ্যত ইখনৰ পিচত সিখন চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন অনা বুলি দাবী কৰাৰ সময়তে বহুতো চিকিৎসালয়ত ৰোগীক দিব পৰা নাই উন্নতমানৰ চিকিৎসাৰ সুবিধা ৷ চিকিৎসাৰ অভাৱত বহু ৰোগীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ৷ এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ ৰোগীক উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা দেখিবলৈ পোৱা যায় ৷ চিকিৎসালয়সমূহত নাই উপযুক্ত চিকিৎসক ৷
এইবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়ৰ বৰ্তমানৰ অৱস্থাই ৷ উল্লেখযোগ্য যে ইতিমধ্যে এইখন চৰকাৰী চিকিৎসালয়ত সৰ্বসাধাৰণ ৰাইজ উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাই নহয়, ইয়াৰ পৰা ৰোগীক তাৎক্ষণিকভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাটো এতিয়া তেনেই সহজ ব্যৱস্থাত পৰিণত হৈছে ৷ ফলত আৰ্থিকভাৱে পিচপৰা ৰোগীও বাধ্য হয় নাৰ্ছিং হোমলৈ যোৱাৰ বাবে ৷
উল্লেখযোগ্য যে, ২০১১ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত উদ্বোধন কৰা হৈছিল ইন্টেনছিভ কেয়াৰ চেন্টাৰ আই চি ইউ ৷ সেয়া উদ্বোধনহে কৰা হ’ল, তাৰ পৰা ৰোগীয়ে কোনো সুফল লাভ নকৰিলে ৷ এই আই চি ইউ তিনিবাৰকৈ উদ্বোধন কৰাৰ পিচত সম্প্ৰতি তলা ওলমি থকা পৰিলক্ষিত হৈছে । বিগত বহুদিন ধৰি চিকিৎসালয়খনৰ আই চি ইউ কক্ষত ওলমি আছে শিকলি আৰু তলা ৷ আনহাতে চকু বিভাগৰ চিকিৎসকো চৰকাৰী হাস্পতালখনত আছে যদিও চকুৰ অস্ত্ৰোপচাৰহে কৰা নহয় ৷
কনকলতা অসামৰিক চিকিৎসালয়ৰ চকুৰ অস্ত্ৰোপচাৰ কক্ষটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ অজুহাততে ৰোগীৰ চকুৰ অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই বিষয়টো স্বাস্থ্য বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰো জ্ঞাত যদিও বছৰৰ পিচত বছৰ অব্যৱহৃতভাৱে পৰি থকা চকু অস্ত্ৰোপচাৰ কক্ষটো ব্যৱহাৰৰ উপযোগী কৰি তোলা হোৱা নাই ৷