কঁঠাল হৈছে এনে এবিধ ফল যাক পকাকৈ আৰু কেঁচাকৈ দুয়োটা ধৰণে মানুহে খাবলৈ ভাল পায় ৷ কেঁচা কঁঠাল তৰকাৰী হিচাপে খোৱাৰ বিপৰীতে পকা কঁঠাল ফল হিচাপে খোৱা হয় ৷ নিৰামিষভোজীৰ বাবে ইয়াক নন-ভেজ ফুড বুলিও জনা যায় আৰু ই আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ কিন্তু আপুনি জানেনে কেৱল কঁঠালেই নহয় ইয়াৰ গুটিও আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ?
কঁঠালগুটিত প্ৰচুৰ পৰিমাণে থাইয়ামিন আৰু ৰাইবোফ্লেভিন থাকে, যিয়ে খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে আৰু আপোনাৰ চকু, ছাল আৰু চুলিৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও কঁঠাল গুটিত জিংক, আইৰণ, কেলচিয়াম, কপাৰ, পটাছিয়াম আৰু মেগনেছিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায় ৷
- হজম শক্তিত সহায় কৰে
কঁঠালৰ গুটিত আঁহ পৰ্যাপ্ত পৰিমাণে পোৱা যায় ৷ যিসকল লোকৰ পেট সম্পৰ্কীয় সমস্যা আছে তেওঁলোকে নিজৰ খাদ্যত কঁঠালৰ গুটি অন্তৰ্ভুক্ত কৰাটো খুবেই লাভদায়ক ৷ ই মল-মূত্ৰৰ প্ৰক্ৰিয়া সহজ কৰি তোলে, যাৰ ফলত হজম শক্তিত সহায় হয় ৷ এই বীজ অন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷ পেটৰ লগত জড়িত সমস্যা দূৰ কৰাটো কঁঠালগুটি অতি লাভদায়ক ৷
- হাড় মজবুত কৰি ৰাখে