অসম

assam

ETV Bharat / health

হোলীত তেলীয়া-মিঠা বেছিকৈ খালে নেকি ? তেন্তে এনেদৰে আপোনাৰ শৰীৰক কৰক ডিটক্স - Holi 2024 - HOLI 2024

Holi 2024: যিকোনো ভাৰতীয় উৎসৱ সুস্বাদু ব্যঞ্জন অবিহনে আধৰুৱা | একেদৰে হোলী উপলক্ষে ঘৰে ঘৰে বহু ধৰণৰ মিঠাই আৰু ভজা-মছলাযুক্ত ব্যঞ্জন প্ৰস্তুত কৰা হয় । বহুতে আনন্দত মতলীয়া হৈ উৎসৱৰ সময়ত এনেধৰণৰ খাদ্য গ্ৰহণ কৰে, যাৰ বাবে উৎসৱৰ পিচত বিভিন্ন সমস্যাৰ সন্মুখীন হয় । এনে পৰিস্থিতিত এই সমূহ ডিটক্স ড্ৰিংকে আপোনাক সকাহ দিব পাৰে ৷

If you have overindulged during Holi, here's a way to detox your body
If you have overindulged during Holi, here's a way to detox your body

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 4:55 PM IST

হোলীৰ উৎসৱ ওচৰ চাপি অহাৰ লগে লগে ৰঙৰ লগতে এই উপলক্ষে কেনেধৰণৰ বিশেষ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি ? কাৰণ ভাৰতত উৎসৱৰ অৰ্থ হ’ল সুস্বাদু মিঠাই আৰু ব্যঞ্জন ৷ ইয়াৰ সমান্তৰালকৈ উৎসৱৰ সময়ত প্ৰত্যেক ঘৰৰ খাদ্যৰ টেবুলত সুস্বাদু ব্যঞ্জনেৰে ভৰি থাকে আৰু যেতিয়া আমাৰ চকুৰ সন্মুখত বিভিন্ন ধৰণৰ ব্যঞ্জন ওলায় তেতিয়া মনটোক নিয়ন্ত্ৰণ কৰাটো অলপ কঠিন হৈ পৰে ৷ এনে অৱস্থাত কিছুমান মানুহে নিজৰ মনৰ কথা শুনি বেছিকৈ খায় আৰু হজম শক্তিৰ ওপৰত অলপ বেছি বোজা দিয়ে ৷

হোলী বা আন যিকোনো উৎসৱৰ বাবে সুস্বাদু খাদ্য প্ৰস্তুত কৰিবলৈ অধিক তেল, চেনি আৰু মছলা ব্যৱহাৰ কৰা হয় ৷ যাৰ বাবে ইয়াক খালে সোৱাদ যদিও পোৱা যায় কিন্তু ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷ গতিকে যদি আপুনিও হোলীত সোৱাদৰ স্বাৰ্থত অতিমাত্ৰা খাদ্য গ্ৰহণ কৰিছে, তেন্তে এই ডিটক্স পানীয়বোৰৰ পৰা আপুনি সকাহ পাব পাৰে ৷

লেমনেড

মানুহে নেমুৰ পানী বৰ বেছিকৈ খাবলৈ ভাল পায়, বিশেষকৈ গ্ৰীষ্মকালত ইয়াক পান কৰিলে শৰীৰটো হাইড্ৰেটেড হৈ থাকে ৷ কিন্তু ইয়াৰ লগতে ইয়াক হজমৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয় ৷ এনে পৰিস্থিতিত অতিমাত্ৰা খোৱাৰ পিচতো সেৱন কৰিব পাৰে ৷ এই ডিটক্স ড্ৰিংক বনাবলৈ এগিলাচ পানীত নেমুৰ ৰস মিহলাই লওক ৷ তাত পদিনা পাত দিব ৷ ভালদৰে মিহলাই খাব লাগে ৷ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে ৷

আদা আৰু নহৰু মিহলোৱা পানী

আদা আৰু নহৰুৰ পানী ডিটক্স ড্ৰিংক হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৷ ই শৰীৰৰ পৰা মলি আঁতৰোৱাত আৰু হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে ৷ আদা-নহৰু পানী বনাবলৈ এক ইঞ্চি আদা আৰু এটা হালধি লং এটা গিলাচত পিহি মিহলাই লওক ৷ এতিয়া পানীয়খিনি কমেও ১০ মিনিট উতলাই তাৰ পিচত ফিল্টাৰ কৰি কুহুমীয়া হোৱাৰ পিচত পান কৰক ৷

তুলসী মিহলোৱা পানী

তুলসীৰ পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায়ক হয় ৷ ইয়াৰ বাবে তুলসী ৰাতিটো তিয়াই পুৱা চেকি সেই পানী খাব লাগে ৷

তিয়ঁহৰ ডিটক্স পানীয়

তিয়ঁহত ৯০ শতাংশ পানী থাকে ৷ গ্ৰীষ্মকালত ইয়াক আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ তিয়ঁহৰ ডিটক্স পানী বনাবলৈ তিয়ঁহ, ক’লা নিমখ, নেমুৰ ৰস, পানী আৰু পদিনা পাতৰ কিছু টুকুৰাৰ প্ৰয়োজন হ’ব ৷ ইয়াৰ পিচত তিয়ঁহৰ টুকুৰা এটা গিলাচত ভৰাই, এতিয়া তাত পানী দি তাৰ পিচত বাকী থকা উপাদানখিনি দিব ৷ মিহলাই কম সময়ৰ ভিতৰতে খাব লাগে ৷

লগতে পঢ়ক:হোলীত ভাং খোৱাৰ কথা ভাবিছে নেকি ? তেন্তে জানি লওক ইয়াৰ After Effects

ABOUT THE AUTHOR

...view details