চিৰাং: বিদ্যুৎ মাচুল বৃদ্ধি হ'ব পাৰে নেকি ? বিগত সময়ত ৰাজ্য়ত বিদ্যুৎ মাচুল বৃদ্ধি প্ৰসংগক লৈ চৰ্চা চলি থকাৰ মাজতেই শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে মাচুল বৃদ্ধিৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য় কৰিলে । বৰং শক্তিমন্ত্ৰীগৰাকীয়ে এতিয়া ধন ৰাহি হোৱা বুলিহে মন্তব্য় কৰিলে । কিন্তু এই বিষয়টোক লৈ সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰত কি ক'লে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে ?
বিদ্যুতৰ পৰা আমাৰ ৰাহি হৈছে :
সোমবাৰে বিয়লি হঠাতে চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মানস অতিথিশালাত উপস্থিত হয় শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন । বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, "বিদ্যুৎ মাচুল বৃদ্ধিৰ আজিৰ তাৰিখত কোনো প্ৰাসংগিকতা নাই । কাৰণ আজি বিদ্যুতৰ পৰা আমাৰ ৰাহি হৈছে ।"
৬০০ কোটি টকা ৰাহি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "বিভিন্ন প্ৰকাৰে বিদ্যুৎ উৎপাদনৰ বাবে আমি ব্যৱস্থা লৈছো । নামনি কপিলী প্ৰকল্পৰ পৰা ১২০ মেগাৱাট বিদ্যুৎ, সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা লোৱা হৈছে । সেয়ে আজিৰ তাৰিখত বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰাসংগিকতা আছে বুলি মই নাভাবো । "
শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনক সাংবাদিকে পুনৰ প্ৰশ্ন কৰাত কয় যে নিজে এই বিষয়ে জ্ঞাত নহয় । তেওঁ পুনৰ কয়, "আমি মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই গোটেই ব্যৱস্থাৰ তদাৰক কৰি থকা হৈছে । বিদ্যুতৰ বাবে ৰাইজক উৎকৃষ্ট সেৱা দিয়াৰ কাম কৰি আছো । মাচুল বৃদ্ধিৰ বিষয়ে মই মন্ত্ৰী হৈ একো শুনা নাই আৰু নাজানো ।"