গুৱাহাটী: অসমীয়া লোকসংস্কৃতিৰ এক অনবদ্য অংগ হৈছে জেংবিহু । অসমীয়াৰ বাপতিসাহোন বিহুৰ কেইবাটাও ভাগ আছে, তাৰে এটা অন্যতম হৈছে জেংবিহু । আঁহতৰ তলৰ পথাৰৰ বিহু আহি এটা সময়ত মঞ্চ পাইছিলহি । ১৯৫২ চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰাধা গোবিন্দ বৰুৱাৰ প্ৰচেষ্টাত লতাশিলত মঞ্চবিহুৰ আৰম্ভণি ঘটিছিল । ঠিক তেনেদৰে ১৯৭৮ চনত জেংবিহুক শান্তিছায়া ৰয়ৰ প্ৰচেষ্টাত মঞ্চলৈ অনা হৈছিল ।
লগতে তেওঁৰ প্ৰচেষ্টাতে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল সদৌ অসম ভিত্তিক জেংবিহু প্ৰতিযোগিতা । ১৯৯০ চনত প্ৰথমবাৰৰ বাবে তেওঁৰ নেতৃত্বত দূৰদৰ্শনত জেংবিহু প্ৰদৰ্শন কৰা হৈছিল । ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শান্তিছায়া ৰয়ে জনালে জেংবিহু গছৰ তলৰ পৰা মঞ্চলৈ অহা এই দীঘলীয়া যাত্ৰা প্ৰসংগত আনে নজনা বহু কথা ।
শৈশৱৰ পৰা গীত, নৃত্যৰ প্ৰতি ধাউতি থকা শান্তিছায়া ৰয় যে কেৱল বিহুৰ লগতে জড়িত তেনে নহয়, তেওঁ মঞ্চ অভিনয়, সাহিত্য আদিৰ লগতো জড়িত । অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, নাটক সকলোতে অভিনয় কৰাৰ লগতে তেওঁ এগৰাকী অনাতাঁৰ শিল্পী হিচাপেও পৰিচিত । অসমৰ বিশিষ্ট নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা দুলাল ৰয়ৰ পত্নী শান্তিছায়া ৰয় । শিৱসাগৰৰ এক সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা শান্তিছায়া ৰয়ে সৰুৰে পৰাই বিহু নাচিছিল ৷ পিছলৈ তেওঁ জেংবিহুৰ প্ৰতি আকৃষ্ট হৈ বিবাহৰ পাছত জেংবিহুৰ দল আৰম্ভ কৰে ।
কেনেদৰে গঠন হৈছিল জেংবিহুৰ দলটো ?
এই সন্দৰ্ভত তেওঁ কয়, "বিয়াৰ পাছত মৰসাহ কৰিয়ে এটা জেংবিহুৰ দল গঠন কৰিছিলো । কাৰণ মোৰ বিয়া হৈছিল নামনিলৈ । উজনিৰ তুলনাত নামনিৰ বিহু অকণমান বেলগ ধৰণৰ । তাতে জেংবিহু । কিন্তু মোৰ পৰিয়াল তথা মোৰ স্বামীৰ পৰা পোৱা সঁহাৰিত মই আগবাঢ়ি ওলাই আহিলো । মোৰ পেহী শাহু, জা, ননদৰ লগতে আৰু ওচৰৰ কেইগৰাকীমান মহিলাক একলগ কৰি এই দলটো গঠন কৰিলো ৷
১৯৭৮ চনত আমি প্ৰথমবাৰৰ বাবে পশ্চিম গুৱাহাটীৰ বিহু মঞ্চত জেংবিহু নাচিছিলো । তাৰ পাছত আমাক লতাশিল বিহুতলীলৈ নিমন্ত্ৰণ জনালে, তেনেদৰে আমি সেই বর্ষত কেইবাখনো মঞ্চত জেংবিহু প্ৰদৰ্শন কৰিলো আৰু তেতিয়াৰ পৰা এনেদৰেই ক্ৰমান্বয়ে চলি আহিছে ।"
জেংবিহু কি ?
উজনিৰ পৰা নামনিলৈ অসমীয়াৰ বাপতিসাহোন বিহু সুকীয়া ধৰণে উদযাপিত হৈ আছে । জেংবিহু সন্দৰ্ভত ৰয়ে কয়, "বিহুৰ উৎপত্তি সন্দৰ্ভত এতিয়াও সঠিকভাৱে ক’ব পৰা নাযায় । জেংবিহু আচলতে নাৰীমুক্তিৰ প্ৰথম প্ৰয়াস । এটা সময় আছিল যি সময়ত বিহুক ভাল দৃষ্টিৰে চোৱা হোৱা নাছিল । মহিলাসকলৰ বিহুক আৰু প্ৰাধান্য দিয়া হোৱা নাছিল । সেই সময়ত ছোৱালী, বোৱাৰীসকলে পুৰুষৰ পৰা আঁতৰি লুকাই-চুৰকৈ হাবিৰ মাজত, পথাৰৰ মাজৰ মুকলি ঠাই, বালিচৰ, বৰগছ, আঁহত গছৰ তলত বিহু মাৰিছিল । মহিলাসকলৰ এই বিহুৱে পৰৱৰ্তী সময়ত জেংবিহু হিচাপে খ্যাতি লাভ কৰে । আনহাতে 'জেং' শব্দৰ অৰ্থ হৈছে প্ৰতিবন্ধকতা অৰ্থাৎ তাত পুৰুষৰ প্ৰৱেশ নিষেধ ৷"
ভূপেন হাজৰিকাৰ তথ্যচিত্ৰতো জেংবিহু প্ৰদৰ্শন কৰিছিল শান্তিছায়া ৰয়ে
"১৯৭৮ চনৰ পৰা আমি বিভিন্ন অনুষ্ঠানত জেংবিহু প্ৰদৰ্শন কৰি আহিছিলো । ১৯৯০ চনত প্ৰথমবাৰৰ বাবে পূৰ্ণিমা শইকীয়াৰ প্ৰযোজনাত দূৰদৰ্শনত জেংবিহু প্ৰদৰ্শন কৰিছিলো । ১৯৯১ চনত কলিকতাত অনুষ্ঠিত হোৱা এক সাংস্কৃতিক অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ লাভ কৰিছিলো । পৰৱৰ্তী সময়ত আমি অসমৰ বাহিৰৰ কেবাখনো ৰাজ্যৰ পৰা জেংবিহু প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ লাভ কৰিছিলো । কলিকতাত অনুষ্ঠিত হোৱা অসম দিৱসৰ কাৰ্যসূচীত উপস্থিত আছিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা । ঢোল-পেঁপা নোহোৱাকৈ মহিলাসকলৰ এই বিহু প্ৰদৰ্শনত আপ্লুত হৈছিল তেওঁ । তাৰ পাছতে তেখেতে তেখেতৰ এখন তথ্যচিত্ৰৰ বাবে আমাক যোগাযোগ কৰিছিল । গুৱাহাটীৰ খাৰঘুলিৰ নদীৰ পাৰত তেতিয়া সেই তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ।"
উল্লেখ্য যে ২০০১ চনত শান্তিছায়া ৰয়ৰ প্ৰচেষ্টাত আৰু ত্ৰিবেণী মহিলা চ'ৰাৰ সহযোগত প্ৰথমবাৰৰ বাবে অসম ভিত্তিক জেংবিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল । সেই প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩৫ টা দলে অংশগ্ৰহণ কৰিছিল ।
লগতে পঢ়ক : কিয় আৰু কেতিয়া প্ৰদৰ্শিত কৰা হয় ক’লী বুঢ়ী নাচ ?